ভি.ডি. সতীশনৰ নাম কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছত তেওঁৰ সমৰ্থকসকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে।
কংগ্ৰেছ দলে আজি ভি.ডি. সতীশনৰ নাম কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।১৮ মে’ত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব সতীশনে।ইফালে এতিয়া এই ঘটনাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰে। সতীশনৰ নিৰ্বাচনক শলাগ লৈ থাৰুৰে কয় যে তেওঁৰ অটল সংকল্প, দল আৰু জনসাধাৰণৰ প্ৰতি বছৰ বছৰ ধৰি কৰা সেৱাই যথাযথ স্বীকৃতি লাভ কৰিছে।
শেহতীয়া বিধানসভা নিৰ্বাচনত ব্যাপক প্ৰচাৰ চলোৱা থাৰুৰে কয় যে এয়া এজন ব্যক্তিৰ জয় নহয়,বৰঞ্চ ই “টিম UDF”ৰ বাবে এক জনাদেশ।থাৰুৰে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কয় যে, ভি.ডি.সতীশন জীক কংগ্ৰেছ বিধানসভা দলৰ নেতা হোৱাৰ বাবে আন্তৰিক অভিনন্দন,তেখেতৰ অদম্য সংকল্প, দৃঢ় বিশ্বাস, বছৰ বছৰ ধৰি আমাৰ দল আৰু জনসাধাৰণৰ প্ৰতি নিষ্ঠাবান সেৱাৰ এয়া উপযুক্ত স্বীকাৰোক্তি।
তিৰুৱনন্তপুৰমৰ লোকসভাৰ সাংসদগৰাকীয়ে কয়, “মই তেওঁৰ সৈতে প্ৰচাৰ চলাইছিলো,আৰু তেওঁৰ নিযুক্তিত মই সুখী।আমি সকলোৱে উপলব্ধি কৰিছো যে যি জনাদেশে তেওঁক কাৰ্যভাৰলৈ আনিছে,ই এজন ব্যক্তিৰ জয় নহয়; ই টিম UDF ৰ বাবে এটা জনাদেশ।এই চৰকাৰখনে যাতে কেৰালাৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰে তাৰ বাবে প্ৰতিজন জ্যেষ্ঠ নেতাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আৰু দায়িত্ব আছে।
তেওঁ আৰু কয়, “আমাৰ মিত্ৰতাৰ শক্তি ইয়াৰ বহুত্বত নিহিত হৈ আছে,আৰু আমি সকলোৱে একেলগে কাম কৰি এখন সমৃদ্ধিশালী, ন্যায়পৰায়ণ, দূৰদৰ্শী কেৰালা গঢ়ি তুলিবলৈ আগ্ৰহী।
লগতে পঢ়ক: আইন নিজৰ পথেৰে চলিব: অপৰাধ শাখাৰ সন্মুখত পৱন খেৰা হাজিৰ হোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ মন্তব্য









