হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠান: গুৱাহাটীত উপস্থিত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰ

হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠান: গুৱাহাটীত উপস্থিত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰ

মঙলবাৰে গুৱাহাটীত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন ৰাজ্য চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ উখল-মাখল পৰিৱেশ অসমৰ ৰাজনৈতিক আকাশত এতিয়া উখল-মাখল পৰিৱেশ । মঙলবাৰে গুৱাহাটীত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন ৰাজ্য চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ উখল-মাখল পৰিৱেশ । এই ঐতিহাসিক মুহূৰ্তৰ

মঙলবাৰে গুৱাহাটীত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন ৰাজ্য চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ উখল-মাখল পৰিৱেশ

অসমৰ ৰাজনৈতিক আকাশত এতিয়া উখল-মাখল পৰিৱেশ । মঙলবাৰে গুৱাহাটীত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন ৰাজ্য চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ উখল-মাখল পৰিৱেশ । এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে ভাৰতত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰ ।

ভিভিআইপিৰ লানি নিছিগা সোঁত-

আজি গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই ভব্য অনুষ্ঠানত দেশৰ হেভিৱেইট ৰাজনীতিবিদসকলৰ সমাবেশ ঘটিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ লগতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ-মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব ।

নতুন কেবিনেটৰ মুখকেইখন-

মনোনীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে তেওঁৰ নতুন টিমৰ প্ৰথম চাৰিজন সদস্যৰ নাম ঘোষণা কৰিছে । সামাজিক মাধ্যম ‘এক্স’ৰ জৰিয়তে তেওঁ জানিবলৈ দিয়ে যে তেওঁৰ সৈতে মন্ত্ৰী হিচাপে শপত ল’ব—

-ৰামেশ্বৰ তেলী

-অতুল বৰা

-চৰণ বড়ো

-অজন্তা নেওগ

ইয়াৰ উপৰিও, বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ৰঞ্জিত দাসক অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে ।

উন্নত অসমৰ সংকল্প-

নিজে শপত লোৱাৰ পূৰ্বে ড° শৰ্মাই ৰাজ্যবাসীৰ প্ৰতি তেওঁৰ দায়বদ্ধতা পুনৰ দোহাৰে । তেওঁ কয় যে এই নতুন চৰকাৰে এখন “শক্তিশালী, অধিক উন্নত আৰু সমৃদ্ধিশালী অসম” গঢ়ি তোলাৰ লক্ষ্যৰে পূৰ্ণ নিষ্ঠাৰে কাম কৰি যাব । সতীৰ্থসকলক অভিনন্দন জনাই তেওঁ সকলোকে লগত লৈ ৰাজ্যখনক বিকাশৰ নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক : দিছপুৰত তৃতীয়বাৰৰ বাবে বিজেপি-এনডিএৰ বিজয় যাত্ৰা: শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী