ড০ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত হ’ল
অসমৰ ৰাজনীতিত পুনৰবাৰ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰি ড০ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত হ’ল । দেওবাৰে গুৱাহাটীত অনুষ্ঠিত বিজেপিৰ বিধায়িনী দলৰ এক গুৰুত্বপূৰ্ণ বৈঠকত ড০ শৰ্মাক সৰ্বসন্মতিক্ৰমে বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) নেতা হিচাপে নিৰ্বাচিত কৰা হয় ।
কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত বিজেপিৰ আঠগৰাকী বিধায়কে শৰ্মাৰ নাম প্ৰস্তাৱ কৰে । এই গুৰুত্বপূৰ্ণ ক্ষণত সহ-পৰ্যবেক্ষক হিচাপে নায়াব সিং চাইনীও উপস্থিত আছিল । মিত্ৰজোঁটৰ অংশীদাৰ দল অসম গণ পৰিষদ (অগপ) আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টে (বি পি এফ) হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থিত্বক পূৰ্ণ সমৰ্থন জনোৱাৰ লগে লগে তেওঁৰ নিৰ্বাচন একপ্ৰকাৰ আনুষ্ঠানিক হৈ পৰে ।
তৃতীয়বাৰৰ বাবে এন ডি এ-ৰ বিজয় ধ্বজ্জা-
শেহতীয়া বিধানসভা নিৰ্বাচনত ৰাজ্যবাসীয়ে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক দিছে এক নিৰ্ণায়ক জনাদেশ । ১২৬ খন আসনৰ ভিতৰত দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰি মিত্ৰজোঁটে একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে। নিৰ্বাচনী ফলাফল অনুসৰি :
বিজেপি: ৮২ খন আসন
অগপ: ১০ খন আসন
বি পি এফ: ১০ খন আসন
মিত্ৰজোঁটে নেতা নিৰ্বাচিত হোৱাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মা আৰু এন ডি এ-ৰ জ্যেষ্ঠ নেতৃত্বই আজি দিনৰ ভাগত লোক ভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যক সাক্ষাৎ কৰে । এই সাক্ষাতৰ কালত মিত্ৰজোঁটে আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব আৰু নতুন চৰকাৰৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰিব ।
এই জয়েৰে অসমত বিজেপিৰ ভেটি অধিক মজবুত হোৱাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বৰ ওপৰত ৰাইজৰ আস্থা পুনৰবাৰ প্ৰতিফলিত হৈছে ।
লগতে পঢ়ক : ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ তিনি পঞ্চায়ত









