বিজেপিৰ কান্ধত 'সোণাৰ বাংলা' গঢ়াৰ দায়িত্ব, পশ্চিমবংগৰ ভৱিষ্যতক লৈ অমিত শ্বাহৰ ডাঙৰ ঘোষণা

বিজেপিৰ কান্ধত ‘সোণাৰ বাংলা’ গঢ়াৰ দায়িত্ব, পশ্চিমবংগৰ ভৱিষ্যতক লৈ অমিত শ্বাহৰ ডাঙৰ ঘোষণা

২০২৬ চনৰ এই বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২০৭ খন আসন লাভ কৰি এক চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছে পশ্চিমবংগত এক নতুন ৰাজনৈতিক যুগৰ সূচনা কৰি ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যখনত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । শুকুৰবাৰে কলকাতাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে

২০২৬ চনৰ এই বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২০৭ খন আসন লাভ কৰি এক চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছে

পশ্চিমবংগত এক নতুন ৰাজনৈতিক যুগৰ সূচনা কৰি ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যখনত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । শুকুৰবাৰে কলকাতাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে নৱ-নিৰ্বাচিত বিধায়িনী দলৰ নেতা হিচাপে শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব ।

‘সোণাৰ বাংলা’ৰ সপোন সাৰ্থক কৰাৰ প্ৰতিশ্ৰুতি-

দলীয় বৈঠকত সভাপতিত্ব কৰি অমিত শ্বাহে শুভেন্দু অধিকাৰীক “সোণাৰ বাংলা” গঢ়াৰ মূল কাণ্ডাৰী হিচাপে অভিহিত কৰে । তেওঁ কয়, “আপোনালোকৰ বিশ্বাস আৰু আশীৰ্বাদৰ বাবেই আজি শুভেন্দু অধিকাৰী বংগৰ ভৱিষ্যত মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে । আমি ৰাইজৰ এই বিপুল জনদেশক সন্মান জনাই ৰাজ্যখনত সুশাসন আৰু উন্নয়নৰ এক নতুন ধাৰা আৰম্ভ কৰিম ।”

মমতা বেনাৰ্জীৰ বিৰুদ্ধে ঐতিহাসিক জয়-

২০২৬ চনৰ এই বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২০৭ খন আসন লাভ কৰি এক চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছে । আনহাতে, বিগত ১৫ বছৰ ধৰি শাসনত থকা তৃণমূল কংগ্ৰেছে মাত্ৰ ৮০ খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হয় । বিশেষভাৱে লক্ষণীয় যে, শুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীৰ দুৰ্গ হিচাপে পৰিচিত ভৱানীপুৰ সমষ্টিত ১৫,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি এক ইতিহাস ৰচনা কৰে ।

ৰবীন্দ্ৰ জয়ন্তীত শপত গ্ৰহণ অমিত শ্বাহে তেওঁৰ ভাষণত বংগৰ জনসাধাৰণক ধন্যবাদ জনাই কয় যে কমিউনিষ্ট আৰু তৃণমূলৰ দিনত যি ভয়ৰ পৰিৱেশ আছিল, এতিয়া তাৰ অন্ত পৰিল । কাইলৈ অৰ্থাৎ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তীৰ পৱিত্ৰ দিনটোতে শুভেন্দু অধিকাৰীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।

আজি অধিকাৰীয়ে দলৰ নৱ-নিৰ্বাচিত বিধায়কসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰু ভৱিষ্যতৰ কৰ্মপন্থা সম্পৰ্কে আলোচনা কৰে । ৰাজ্যখনত বিজেপিৰ এই জয়ে ৰাষ্ট্ৰীয় ৰাজনীতিতো এক বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক : পশ্চিমবংগৰ ইতিহাসত প্ৰথমবাৰলৈ বিজেপিৰ চৰকাৰ, মুখ্যমন্ত্ৰী হ’ব শুভেন্দু অধিকাৰী

শেহতীয়া প্ৰৱন্ধসমূহ