ক’ত অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল মেচ? বিচিচিআইৰ ডাঙৰ ইউ-টাৰ্ণ

ক’ত অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল মেচ? বিচিচিআইৰ ডাঙৰ ইউ-টাৰ্ণ

আই পি এল ২০২৬ৰ প্লে অফৰ স্থান সন্দৰ্ভত এক বৃহৎ পৰিৱৰ্তন পোহৰলৈ আহিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)২০২৬ ৰ প্লে অফৰ স্থান সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে,যিটোৱে অনুৰাগীৰ মাজত এক চৰ্চা লাভ কৰিছে। বিচিচিআই এ যি সূচী প্ৰকাশ কৰিছিল, তাত লীগৰ পিছৰ মেচৰ তাৰিখ

আই পি এল ২০২৬ৰ প্লে অফৰ স্থান সন্দৰ্ভত এক বৃহৎ পৰিৱৰ্তন পোহৰলৈ আহিছে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)২০২৬ ৰ প্লে অফৰ স্থান সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে,যিটোৱে অনুৰাগীৰ মাজত এক চৰ্চা লাভ কৰিছে। বিচিচিআই এ যি সূচী প্ৰকাশ কৰিছিল, তাত লীগৰ পিছৰ মেচৰ তাৰিখ আৰু স্থান নিৰ্দিষ্ট কৰা হোৱা নাছিল।এতিয়া কোৱালিফায়াৰ আৰু এলিমিনেটৰ মেচ ক’ত অনুষ্ঠিত হ’ব সেয়াও সিদ্ধান্ত লোৱা হৈছে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এই ছিজনৰ লীগ পৰ্যায়ৰ অন্তিমখন খেল ২৪ মে’ত অনুষ্ঠিত হ’ব। এই দিনটোত প্ৰথমখন খেল মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত হ’ব,যিখন খেল মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।দ্বিতীয়খন খেলত কেকেআৰ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হ’ব।যিখন ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব।ইয়াৰ লগে লগে লীগ পৰ্যায়ৰ সামৰণি পৰিব।১০টা দলৰ ভিতৰত ছটা দল বাহিৰ হ’ব, যাৰ ফলত খিতাপৰ দৌৰত বাকী থাকিব মাত্ৰ চাৰিটা দল।কোৱালিফায়াৰ ১ ধৰ্মশালাত অনুষ্ঠিত হ’ব, আনহাতে এলিমিনেটৰ আৰু কোৱালিফায়াৰ ২ চণ্ডীগড়ত অনুষ্ঠিত হ’ব।

ইয়াৰ পিছত দুটা কোৱালিফায়াৰ, এটা এলিমিনেটৰ, আৰু তাৰ পিছত ফাইনেল খেলিব।ফাইনেল মেচখন  ৩১ মে’, নৰেন্দ্ৰ মোডী ষ্টেডিয়াম, আহমেদাবাদত অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে, আই পি এলৰ নিয়ম অনুসৰি চূড়ান্ত খেলখন ডিফেণ্ডিং চেম্পিয়ন দলৰ ঘৰুৱা খেলপথাৰত অনুষ্ঠিত হ’ব লাগিছিল।এনে পৰিস্থিতিত বেংগালুৰু এই দৌৰত আগত আছিল,কিন্তু শেহতীয়াকৈ টিকট বিতৰ্কই সমীকৰণটো সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে।টিকট বিক্ৰীৰ সৈতে জড়িত সমস্যা আৰু ইয়াৰ লগত জড়িত পৰিচালনাৰ চিন্তাৰ বাবে বিচিচিআইয়ে স্থান সলনি কৰাৰ সিদ্ধান্ত লয়।এই কাৰণেই এতিয়া আহমেদাবাদত অনুষ্ঠিত হ’ব ফাইনেল মেচ।

লগতে পঢ়ক: আই পি এলত সঞ্জু চেমছনৰ ইতিহাস; বিৰাট কোহলীৰ অভিলেখ স্পৰ্শ

শেহতীয়া প্ৰৱন্ধসমূহ