পঞ্জাৱ চৰকাৰে প্ৰত্যাহাৰ কৰিলে হৰভজন সিঙৰ নিৰাপত্তা...

পঞ্জাৱ চৰকাৰে প্ৰত্যাহাৰ কৰিলে হৰভজন সিঙৰ নিৰাপত্তা…

ৰাজ্যসভাৰ সদস্য হৰভজন সিঙে বিজেপিত যোগদান কৰাৰ লগে লগে পঞ্জাৱ চৰকাৰে তেওঁৰ Z+ ছিকিউৰিটি কভাৰ প্ৰত্যাহাৰ কৰিছে। আম আদমি পাৰ্টিৰ ভিতৰত বৃহৎ বিভাজনৰ খবৰৰ মাজতে পঞ্জাৱত ভগৱন্ত মান নেতৃত্বাধীন চৰকাৰে প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজ্যসভাৰ সাংসদ হৰভজন সিঙৰ Z+ শ্ৰেণীৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছে।। হৰভজন সিঙে

ৰাজ্যসভাৰ সদস্য হৰভজন সিঙে বিজেপিত যোগদান কৰাৰ লগে লগে পঞ্জাৱ চৰকাৰে তেওঁৰ Z+ ছিকিউৰিটি কভাৰ প্ৰত্যাহাৰ কৰিছে।

আম আদমি পাৰ্টিৰ ভিতৰত বৃহৎ বিভাজনৰ খবৰৰ মাজতে পঞ্জাৱত ভগৱন্ত মান নেতৃত্বাধীন চৰকাৰে প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজ্যসভাৰ সাংসদ হৰভজন সিঙৰ Z+ শ্ৰেণীৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছে।। হৰভজন সিঙে আম আদমী পাৰ্টিৰ পৰা পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ লগে লগে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।অৱশ্যে, পঞ্জাৱ চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে হৰভজন সিঙৰ বাসগৃহৰ বাহিৰত চি আৰ পি এফৰ এটা দল মোতায়েন কৰা হৈছে।

জানিব পৰা মতে, পঞ্জাৱ আৰক্ষীৰ সুৰক্ষা কৰ্মীক পুনৰ মুখ্য কাৰ্যালয়লৈ ৰিপৰ্ট দিবলৈ নিৰ্দেশ দিয়া হৈছে।হৰভজন সিং সেই সাতজন ৰাজ্যসভাৰ সাংসদৰ ভিতৰত আছে, যিসকলে শেহতীয়াকৈ আপৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি ৰাঘৱ চাধাৰ নেতৃত্বত বিজেপিত যোগদান কৰিছে। অৱশ্যে পঞ্জাৱ চৰকাৰে নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ পিছত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে হৰভজন সিং আৰু অন্যান্য বিদ্ৰোহী সাংসদক চি আৰ পি এফৰ নিৰাপত্তা প্ৰদান কৰিছে।

লগতে পঢ়ক: ‘মাত্ৰ চাই থাকক আগলৈ কি হয়’; ৰাঘৱ চাদ্দা বিজেপি গমনক লৈ নীতিন নবীনৰ বিস্ফোৰক ভাষ্য