পঞ্জাৱ চৰকাৰে প্ৰত্যাহাৰ কৰিলে হৰভজন সিঙৰ নিৰাপত্তা…

ৰাজ্যসভাৰ সদস্য হৰভজন সিঙে বিজেপিত যোগদান কৰাৰ লগে লগে পঞ্জাৱ চৰকাৰে তেওঁৰ Z+ ছিকিউৰিটি কভাৰ প্ৰত্যাহাৰ কৰিছে।

আম আদমি পাৰ্টিৰ ভিতৰত বৃহৎ বিভাজনৰ খবৰৰ মাজতে পঞ্জাৱত ভগৱন্ত মান নেতৃত্বাধীন চৰকাৰে প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজ্যসভাৰ সাংসদ হৰভজন সিঙৰ Z+ শ্ৰেণীৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছে।। হৰভজন সিঙে আম আদমী পাৰ্টিৰ পৰা পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ লগে লগে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।অৱশ্যে, পঞ্জাৱ চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে হৰভজন সিঙৰ বাসগৃহৰ বাহিৰত চি আৰ পি এফৰ এটা দল মোতায়েন কৰা হৈছে।

জানিব পৰা মতে, পঞ্জাৱ আৰক্ষীৰ সুৰক্ষা কৰ্মীক পুনৰ মুখ্য কাৰ্যালয়লৈ ৰিপৰ্ট দিবলৈ নিৰ্দেশ দিয়া হৈছে।হৰভজন সিং সেই সাতজন ৰাজ্যসভাৰ সাংসদৰ ভিতৰত আছে, যিসকলে শেহতীয়াকৈ আপৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি ৰাঘৱ চাধাৰ নেতৃত্বত বিজেপিত যোগদান কৰিছে। অৱশ্যে পঞ্জাৱ চৰকাৰে নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ পিছত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে হৰভজন সিং আৰু অন্যান্য বিদ্ৰোহী সাংসদক চি আৰ পি এফৰ নিৰাপত্তা প্ৰদান কৰিছে।

লগতে পঢ়ক: ‘মাত্ৰ চাই থাকক আগলৈ কি হয়’; ৰাঘৱ চাদ্দা বিজেপি গমনক লৈ নীতিন নবীনৰ বিস্ফোৰক ভাষ্য

ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে চৰকাৰৰ নিৰ্দেশ; মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ

চৰকাৰৰ মাস্ক পৰিধান কৰিবলৈ নিৰ্দেশ

আকৌ এবাৰ সমগ্ৰ দেশতে কৰ’না সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে। এই কথা মনত ৰাখি এতিয়া পঞ্জাৱ চৰকাৰে গাইডলাইন জাৰি কৰিছে।

স্বাস্থ্য বিভাগে জাৰি কৰিছে এক নতুন পৰামৰ্শ, য’ত বিশেষকৈ বৃদ্ধ, গৰ্ভৱতী মহিলা, শিশু আৰু স্বাস্থ্যকৰ্মীসকলক মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

পঞ্জাৱ চৰকাৰে জাৰি কৰা পৰামৰ্শত কোৱা হৈছে যে ভিৰ থকা ঠাইত মাস্ক ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিব লাগে, যাতে সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা যায়।

ইয়াৰ উপৰিও ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈও ৰাইজক আহ্বান জনোৱা হৈছে। একে সময়তে যদি কাৰোবাৰ কাহ বা জ্বৰ হৈছে তেনেহলে আইসোলেশনত থাকি চিকিৎসা গ্ৰহণ কৰিব লাগে আৰু আনৰ সংস্পৰ্শৰ পৰা বিৰত থাকিব লাগে।

পঞ্জাৱ চৰকাৰে স্বাস্থ্যকৰ্মীসকলক অতিৰিক্ত সজাগ হ’বলৈ নিৰ্দেশ দিছে, মাস্ক আৰু চেনিটাইজাৰৰ নিয়মীয়া ব্যৱহাৰ নিশ্চিত কৰিবলৈ কোৱা হৈছে, লগতে কাহ বা হাঁচি মাৰি থাকোঁতে মানুহে মুখ ঢাকিব লাগে, সঘনাই হাত ধুবলৈ আৰু ৰাজহুৱা স্থানত সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

যদিও ৰাজ্য চৰকাৰে এতিয়াও কোনো ধৰণৰ বাধা বা লকডাউন সদৃশ পৰিৱেশ সৃষ্টি হোৱা নাই, কিন্তু আহিব লগীয়া দিনত সংক্ৰমণৰ গতি বৃদ্ধি হ’লে অতিৰিক্ত পদক্ষেপ গ্ৰহণ কৰিব পাৰি।

চৰকাৰে কয় যে পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে, কিন্তু সাৱধানতাই একমাত্ৰ সুৰক্ষা। সেয়ে সাধাৰণ ৰাইজৰ পৰা সহযোগিতা বিচাৰি আবেদন জনোৱা হৈছে।

লগতে পঢ়ক: এইখন দেশত নিষিদ্ধ হ’ব Telegram আৰু WhatsApp! আহিব নতুন এপ