AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ নিৰ্বাচন আয়োগৰ জাননী জাৰি কৰিছে। প্ৰধানমন্ত্ৰী মোদীক সন্ত্ৰাসবাদী আখ্যা দিছিল মল্লিকাৰ্জুন খৰ্গেই। ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ দিয়াৰ বাবে জাননী জাৰি।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘সন্ত্রাসবাদী’ বুলি অভিহিত কৰি এতিয়া বিপদত পৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে।নিৰ্বাচন আয়োগে কংগ্ৰেছৰ সভপতি গৰাকীলৈ জাননী জাৰি কৰিছে। নিৰ্বাচন আয়োগে এই বক্তব্যক অতি গুৰুত্বসহকাৰে লৈ ২৪ ঘন্টাৰ ভিতৰত খাৰ্গেৰ পৰা সঁহাৰি বিচাৰিছে। আয়োগে তেওঁক প্রধানমন্ত্রী নৰেন্দ্র মোদীক কিয় ‘সন্ত্রাসবাদী’ বুলি আখ্যা দিয়ে বুলি প্রশ্ন কৰিছে৷ বুধবাৰে বিজেপিয়ে দাখিল কৰা এজাহাৰৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে নিৰ্বাচন আয়োগে এই পদক্ষেপ গ্ৰহণ কৰিছে।
দৰাচলতে মঙলবাৰে তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰৰ সময়ত খৰ্গেৱে প্ৰধানমন্ত্ৰী মোদীক সন্দৰ্ভত এক বিতৰ্কিত বক্তব্য প্ৰদান কৰে।তেওঁ কৈছিল যে, নৰেন্দ্ৰ মোদী সন্ত্ৰাসবাদী হয়। এই বিবৃতি সন্দৰ্ভত বুধবাৰে নিৰ্বাচন আয়োগক বিজেপিয়ে আনুষ্ঠানিক অভিযোগ দাখিল কৰে।
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিংকে ধৰি বিজেপিৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল নিৰ্বাচন আয়োগৰ ওচৰত উপস্থিত হয়। তেওঁলোকে অভিযোগ কৰে যে কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে গালি-গালাজৰ সকলো সীমা অতিক্ৰম কৰিছে। খৰ্গেৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিজেপিয়ে দাবী জনাইছে ।
লগতে পঢ়ক: পশ্চিমবংগ আৰু তামিলনাডুত ভোটগ্ৰহণ আৰম্ভ; শেষ হ’ব নেকি মমতা ৰাজ!









