প্ৰধানমন্ত্ৰীক ‘সন্ত্রাসবাদী’ আখ্যা দি বিপদত AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে;  নিৰ্বাচন আয়োগৰ জাননী

AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ নিৰ্বাচন আয়োগৰ জাননী জাৰি কৰিছে। প্ৰধানমন্ত্ৰী মোদীক সন্ত্ৰাসবাদী আখ্যা দিছিল মল্লিকাৰ্জুন খৰ্গেই। ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ দিয়াৰ বাবে জাননী জাৰি।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘সন্ত্রাসবাদী’ বুলি অভিহিত কৰি এতিয়া বিপদত পৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে।নিৰ্বাচন আয়োগে কংগ্ৰেছৰ সভপতি গৰাকীলৈ জাননী জাৰি কৰিছে। নিৰ্বাচন আয়োগে এই বক্তব্যক অতি গুৰুত্বসহকাৰে লৈ ২৪ ঘন্টাৰ ভিতৰত খাৰ্গেৰ পৰা সঁহাৰি বিচাৰিছে। আয়োগে তেওঁক প্রধানমন্ত্রী নৰেন্দ্র মোদীক কিয় ‘সন্ত্রাসবাদী’ বুলি আখ্যা দিয়ে বুলি প্রশ্ন কৰিছে৷ বুধবাৰে বিজেপিয়ে দাখিল কৰা এজাহাৰৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে নিৰ্বাচন আয়োগে এই পদক্ষেপ গ্ৰহণ কৰিছে।

দৰাচলতে মঙলবাৰে তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰৰ সময়ত খৰ্গেৱে প্ৰধানমন্ত্ৰী মোদীক সন্দৰ্ভত এক বিতৰ্কিত বক্তব্য প্ৰদান কৰে।তেওঁ কৈছিল যে,  নৰেন্দ্ৰ মোদী সন্ত্ৰাসবাদী হয়। এই বিবৃতি সন্দৰ্ভত বুধবাৰে নিৰ্বাচন আয়োগক বিজেপিয়ে আনুষ্ঠানিক অভিযোগ দাখিল কৰে।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিংকে ধৰি বিজেপিৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল নিৰ্বাচন আয়োগৰ ওচৰত উপস্থিত হয়। তেওঁলোকে অভিযোগ কৰে যে কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে গালি-গালাজৰ সকলো সীমা অতিক্ৰম কৰিছে। খৰ্গেৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিজেপিয়ে দাবী জনাইছে ।

লগতে পঢ়ক: পশ্চিমবংগ আৰু তামিলনাডুত ভোটগ্ৰহণ আৰম্ভ; শেষ হ’ব নেকি মমতা ৰাজ!

‘গণতন্ত্ৰৰ ওপৰত বুলডজাৰ চলোৱাৰ দৰে’; মল্লিকাৰ্জুন খাৰ্গেৰ বিস্ফোৰক মন্তব্য

মল্লিকাৰ্জুন খাৰ্গেৰ বিস্ফোৰক মন্তব্য

দেওবাৰে (২৪ আগষ্ট, ২০২৫) ইন্দিৰা ভৱনত হাৰিয়ানা আৰু মধ্যপ্ৰদেশৰ নৱনিযুক্ত জিলা কংগ্ৰেছ কমিটীৰ সভাপতিৰ সৈতে হোৱা বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কেন্দ্ৰক আক্ৰমণ কৰে।

তেওঁ অভিযোগ কৰে যে ‘ভোট চুৰি’ৰ পিছত বিজেপিয়ে এতিয়া ৩০ দিনৰ ভিতৰত বিৰোধী চৰকাৰক উফৰাই পেলোৱাৰ লক্ষ্যৰে নতুন বিধেয়কৰ জৰিয়তে ‘ক্ষমতা চুৰি’ৰ চেষ্টা চলাইছে।

তেওঁ কয় যে চৰকাৰে অনা বিধেয়কখনৰ জৰিয়তে তেওঁলোকে নাগৰিকৰ পৰা নিজৰ নিৰ্বাচিত চৰকাৰ গঠন বা অপসাৰণৰ অধিকাৰ কাঢ়ি নিব।

ইডি আৰু চিবিআইৰ দৰে এজেন্সীয়ে এই অধিকাৰ পাব। খাৰ্গে অভিযোগ কৰে যে, ‘এয়া গণতন্ত্ৰৰ ওপৰত বুলডজাৰ চলোৱাৰ দৰেই।’

কংগ্ৰেছৰ সভাপতি গৰাকীয়ে আৰু কয় যে ৰাহুল গান্ধীয়ে শেহতীয়াকৈ এক ভাষণৰ সময়ত বিতং তথ্য দিছিল যে কেনেকৈ কৰ্ণাটকৰ মহাদেৱপুৰা সমষ্টিত সুপৰিকল্পিত ষড়যন্ত্ৰৰ দ্বাৰা ভোট ‘চুৰি’ হোৱাৰ অভিযোগ উঠিছিল। তেওঁ কয়, ‘৬ মাহৰ তদন্তৰ অন্তত কংগ্ৰেছে এই সকলোবোৰ গম পালে।’

বৰ্ষাকালীন অধিবেশনৰ সন্দৰ্ভত মন্তব্য কৰি মল্লিকাৰ্জুন খাৰ্গে কয় যে বিৰোধীয়ে সংসদ কাৰ্যকৰী হোৱাটো আৰু মূল ৰাজহুৱা বিষয়সমূহৰ ওপৰত বিতৰ্ক কৰাটো বিচাৰে, কিন্তু বিজেপি চৰকাৰে ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) আৰু ‘ভোট চুৰি’ বুলি অভিযোগ উত্থাপন কৰাৰ দৰে বিষয়ৰ আলোচনা এৰাই চলিছে৷

বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি খৰ্গে কয় যে চৰকাৰে SIR ব্যৱহাৰ কৰি বিৰোধীৰ ভোট কাঢ়ি নিব বিচাৰিছে।

লগতে পঢ়ক: দেশৰ কোনগৰাকী মুখ্যমন্ত্ৰীৰ হাতত কিমান ধন আছে… জানক দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন !

পঞ্জাৱত শক্তিশালী প্ৰত্যাৱৰ্তনৰ বাবে সাজু কংগ্ৰেছ; ২৭ ৰ নিৰ্বাচনৰ বাবে ডাঙৰ ঘোষণা

যোৱা কেইবাটাও নিৰ্বাচনত নিৰন্তৰ পৰাজয়ৰ সন্মুখীন হৈ থকা কংগ্ৰেছ দলে বিভিন্ন পৰিৱৰ্তন আনিছে।শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত এখন বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে নিৰ্বাচনত দলৰ পৰাজয়ৰ দায়িত্ব দলৰ ভাৰসাম্যৰ ওপৰত থাকিব, আৰু তেওঁলোকে ইয়াৰ উত্তৰ দিব লাগিব।

তদুপৰি, ২০২৭ চনত অনুষ্ঠিত হ’বলগীয়া পঞ্জাৱ নিৰ্বাচন সন্দৰ্ভত এক খবৰ ওলাইছে। এই খবৰ অনুসৰি দলটোৱে ৰাজ্যখনৰ ১১৭ খন আসনৰ ৬-৭০ খনত নতুন মুখ পৰীক্ষা কৰিব।

কংগ্ৰেছ পঞ্জাৱ গোটৰ সভাপতি অমৰিন্দৰ সিং ৰাজা ৱাডিঙে বৃহস্পতিবাৰে কয় যে ২০২৭ চনত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত দলটোৱে কমেও ৬০-৭০ জন নতুন মুখৰ ওপৰত বাজি লগাব।

পঞ্জাৱ যুৱ কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বৈঠকত ভাষণ দি ৱাডিঙে কয়, ‘পঞ্জাৱ কংগ্ৰেছে ২০২৭ চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনক বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰাৰ সুযোগ কমেও ৬০-৭০ জন নতুন মুখক দিবলৈ সংকল্পবদ্ধ।’এইটো আমাৰ ৰাজনৈতিক নেতৃত্বত পুনৰুজ্জীৱিত আৰু নিশ্চিত কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ হ’ব”।

ৱাডিঙে লগতে কয় যে পঞ্জাৱৰ জনসাধাৰণৰ আশা-আকাংক্ষাক গতিশীল, প্ৰতিশ্ৰুতিবদ্ধ আৰু ৰাজ্যখনৰ প্ৰয়োজনীয়তা অনুসৰি প্ৰতিনিধিত্ব কৰিব লাগে।

তেওঁ কয়, ‘এই নতুন মুখবোৰ কেৱল পৰিৱৰ্তনৰ প্ৰতীক নহয়, লগতে যুৱ আৰু পঞ্জাৱৰ সাধাৰণ লোকসকলৰ বিশ্বাস আৰু আশাও পূৰণ কৰিব।’

ৱাডিঙে যুৱ কংগ্ৰেছৰ সদস্যসকলক অটল প্ৰতিশ্ৰুতিৰে এই সুযোগটো গ্ৰহণ কৰিবলৈ আহ্বান জনায় আৰু ভৱিষ্যতে এক শক্তিশালী, অধিক সামগ্ৰিক আৰু ঐক্যবদ্ধ পঞ্জাৱৰ ভেটি স্থাপনত তেওঁলোকৰ প্ৰচেষ্টাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি গুৰুত্ব আৰোপ কৰে।

কংগ্ৰেছে প্ৰকাশ কৰা এক বিবৃতিত ৱাডিঙৰ উদ্ধৃতি দি কোৱা হৈছিল, ‘নিজকে প্ৰমাণ কৰাৰ আৰু পঞ্জাৱৰ লোকসকলক দেখুৱাবলৈ এইটো আপোনাৰ সুযোগ যে আমি প্ৰকৃত আৰু অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।’

‘যদি প্ৰধানমন্ত্ৰীৰ আম্বেদকাৰৰ প্ৰতি সন্মান আছে তেন্তে আজি নিশাৰ ভিতৰতে পদচ্যুত কৰক অমিত শ্বাহক’ মল্লিকাৰ্জুন খাৰ্গেৰ বিস্ফোৰক মন্তব্য

সংবিধানৰ জনৰ বি আৰ আম্বেদকাৰ সন্দৰ্ভত মন্তব্য কৰি শ’ল ঠেকত কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে বাবা চাহেব ভীমৰাও আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁ কৈছে যে “অমিত শ্বাহে বাবা চাহেব ভীমৰাও আম্বেদকাৰক অপমান কৰিছে”। তেওঁ লগতে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি কয় যে “যদি কোনোবাই বাবাচাহেব আম্বেদকাৰৰ বিৰুদ্ধে কিবা কৈছিল, তেন্তে প্ৰধানমন্ত্ৰীয়ে তাৎক্ষণিক ব্যৱস্থা ল’ব লাগিছিল”।

কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয় যে  “এই লোকসকলে সংবিধানত বিশ্বাস নকৰে। প্ৰধানমন্ত্ৰী মোডীৰ নীৰৱতা অমিত শ্বাহৰ বক্তব্যৰ সৈতে সন্মত হোৱাৰ ইংগিত। যদি প্ৰধানমন্ত্ৰী মোডীৰ বাবাচাহেব আম্বেদকাৰৰ প্ৰতি সন্মান আছে, তেন্তে তেওঁ আজি নিশাৰ বিতৰত অমিত শ্বাহক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰা উচিত। “

কংগ্ৰেছ সভাপতিগৰাকীয়ে লগতে কয় যে “প্ৰধানমন্ত্ৰী মোডীয়ে অমিত শ্বাহক তেওঁৰ বক্তব্য ভুল বুলি ক’ব লাগিছিল, কিন্তু তাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ বক্তব্য ৰক্ষা কৰি আছিল”। খাৰ্গে বিজেপিৰ ওপৰত অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকে সদায় দলিত আৰু তেওঁলোকৰ নায়কসকলক অপমান কৰা আৰু সংবিধানক উপেক্ষা কৰে।

দৰাচলতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মঙলবাৰে কৈছিল যে “কংগ্ৰেছে আম্বেদকাৰৰ নাম লোৱাটো এটা ফেশ্বন কৰি তুলিছে।যদি তেওঁলোকে আম্বেদকাৰৰ সলনি ইমান বাৰ ঈশ্বৰৰ নাম ল’লেহেঁতেন, তেন্তে তেওঁ সাতটা জীৱনৰ বাবে স্বৰ্গ লাভ কৰিলেহেঁতেন।”