“শ্যামকানু জে’লত থকাৰ বাবে জুবিনে বহুত কষ্ট পাইছে”; প্ৰথমবাৰলৈ মুখ খুলিলে অনিতা মহন্তই

“শ্যামকানু জে’লত থকাৰ বাবে জুবিনে বহুত কষ্ট পাইছে”; প্ৰথমবাৰলৈ মুখ খুলিলে অনিতা মহন্তই

স্বামী শ্যামকানু মহন্তৰ কাৰাবন্দীত্বত ন্যায় বিচাৰি আদালতত উপস্থিত পত্নী অনিতা মহন্ত। প্ৰথমবাৰলৈ মুখ খুলি অনিতা মহন্তৰ বিস্ফোৰক মন্তব্য শ্যামকনু মহন্তৰ জামিন আবেদনৰ শুনানিৰ পিছত আদালতৰ পৰা ওলাই আহি প্ৰথমবাৰলৈ মুখ খুলিলে পত্নী অনিতা মহন্তই। জুবিন গাৰ্গ হত্যাৰ সন্দৰ্ভত অনিতা মহন্তই কয় যে, “মোৰ মানুহজন নিৰপৰাধী।নিৰপৰাধী

স্বামী শ্যামকানু মহন্তৰ কাৰাবন্দীত্বত ন্যায় বিচাৰি আদালতত উপস্থিত পত্নী অনিতা মহন্ত। প্ৰথমবাৰলৈ মুখ খুলি অনিতা মহন্তৰ বিস্ফোৰক মন্তব্য

শ্যামকনু মহন্তৰ জামিন আবেদনৰ শুনানিৰ পিছত আদালতৰ পৰা ওলাই  আহি প্ৰথমবাৰলৈ মুখ খুলিলে পত্নী অনিতা মহন্তই। জুবিন গাৰ্গ হত্যাৰ সন্দৰ্ভত অনিতা মহন্তই কয় যে, “মোৰ মানুহজন নিৰপৰাধী।নিৰপৰাধী লোকজন জে’লত সোমাই আছে।তেওঁৰ সৈতে অন্যায় হৈছে।”

তেওঁ লগতে কয় যে, “ছিংগাপুৰৰ দৰে কঠোৰ আইন থকা এখন দেশত এই ঘটনাতো দূৰ্ঘটনা বুলি কৈছে। কিন্তু ইয়াৰ পিছতো অসমত হত্যা বুলি কৈ শ্যামকানুক জে’লত ভৰাই ৰাখিছে। শ্যামকানুক জেলত ভৰাই থোৱা বাবে জুবিনৰ আত্মাই বহুত কষ্ট পাব। ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছো আমিও যাতে ন্যায় পাও। জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো আমাৰ অৱহেলা হ’ব পাৰে। শ্যামকানুক জুবিনে বহুত ভালপাইছিলে। যাৰ বাবে জুবিনে শ্যামকানুয়ে আত্মহত্যা কৰিব বুলি ভয় কৰিছিলে।”

অনিতা মহন্তই লগতে কয় যে, “জুবিনক জোৰ কৰি কোনেও একো কাম কৰাব নোৱাৰে। জুবিনে নিজে যিটো ভাবে সেইটোৱেই কৰে। জুবিনে তাত গৈ ফুৰিবলৈ যোৱাৰ যি পৰিকল্পনা কৰিছিল সেই কথা আমি গম পোৱা নাছিলো।য়ট পাৰ্টীৰ কথা শ্যামকানু মহন্তই নাজানিছিল।ঘটনাৰ সময়ত তেওঁ ৫০ কিলোমিটাৰ দূৰত্বত এখন মিটিঙত ব্যস্ত আছিল।মই নিজেও চিংগাপুৰত সেই অনুষ্ঠানৰ বাবে উপস্থিত আছিলো।”

লগতে পঢ়ক: আগন্তুক ২-৩ দিনত বতৰে ল’ব কালৰূপ, প্ৰচণ্ড ধুমুহা-বৰষুণৰ আগজাননী