১৭ এপ্ৰিলৰ দিনটোক "ক’লা দিন" বুলি অভিহিত কৰি বিৰোধীক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ

১৭ এপ্ৰিলৰ দিনটোক “ক’লা দিন” বুলি অভিহিত কৰি বিৰোধীক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ

মহিলা সংৰক্ষণ বিধেয়ক লোকসভাত গৃহীত নোহোৱাক লৈ বিৰোধীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰিছে। তেওঁ ১৭ এপ্ৰিলৰ দিনটোক এটা “ক’লা দিন” বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২৯ চনৰ ভিতৰত বিধানমণ্ডলসমূহত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ কাৰ্যকৰী কৰাৰ লক্ষ্যৰে উত্থাপন কৰা সংবিধান

মহিলা সংৰক্ষণ বিধেয়ক লোকসভাত গৃহীত নোহোৱাক লৈ বিৰোধীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰিছে। তেওঁ ১৭ এপ্ৰিলৰ দিনটোক এটা “ক’লা দিন” বুলি অভিহিত কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২৯ চনৰ ভিতৰত বিধানমণ্ডলসমূহত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ কাৰ্যকৰী কৰাৰ লক্ষ্যৰে উত্থাপন কৰা সংবিধান সংশোধনী বিধেয়কখন লোকসভাত গৃহীত নোহোৱাৰ পিছত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী দলকসমূহক তীব্ৰ সমালোচনা কৰে ।

বিৰোধীক চোকা সমালোচনা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ১৭ এপ্ৰিলৰ দিনটোক এটা “ক’লা দিন” বুলি অভিহিত কৰে আৰু বিৰোধীক “মহিলা বিৰোধী” বুলি অভিযোগ উত্থাপন কৰে । ‘এক্স’ৰ এটা পোষ্টত তেওঁ কয় যে বিধেয়কখনৰ পৰাজয়ে মহিলাসকলক অধিক ৰাজনৈতিক প্ৰতিনিধিত্ব প্ৰদানৰ ক্ষেত্ৰত বিৰোধীৰ অনিচ্ছাকে প্ৰতিফলিত কৰিছে ।

উল্লেখ্য য়ে, প্ৰস্তাৱিত আইনখনে সংসদ আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ সংৰক্ষণ কাৰ্যকৰী কৰাৰ লগতে লোকসভাৰ মুঠ আসনৰ সংখ্যা বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । অৱশ্যে, সপক্ষে ২৯৮ টা ভোট লাভ কৰাৰ পাছতো বিধেয়কখনৰ বাবে প্ৰয়োজনীয় দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল । কাষ্ট হোৱা মুঠ ৫২৮ টা ভোটৰ ভিতৰত ২৩০ জন সদস্যই ইয়াৰ বিৰুদ্ধে ভোটদান কৰে ।

সংবিধান (১৩১ সংখ্যক সংশোধনী) বিধেয়কৰ ব্যৱস্থা অনুসৰি ২০১১ চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সৈতে সংগতি ৰাখি লোকসভাৰ আসনৰ সংখ্যা বৰ্তমানৰ ৫৪৩ খনৰ পৰা ৮১৬ খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল । ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ ৰূপায়ণৰ সুবিধাৰ বাবে এই আসন বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছিল ।

বিধেয়কখনত সংৰক্ষণৰ কোটা মিলাবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাতো অনুৰূপ ধৰণে আসন বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছিল । বিধেয়কখনৰ পৰাজয়ে এতিয়া শাসক-বিৰোধীৰ মাজত সংঘাতৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: মহিলাৰ ক্ৰোধৰ সন্মুখীন হ’ব লাগিব বিৰোধীয়ে : কংগ্ৰেছ, ডি এম কে আৰু সমাজবাদী পাৰ্টিৰ বিৰুদ্ধে সৰৱ অমিত শ্বাহ

শেহতীয়া প্ৰৱন্ধসমূহ