আজি গৰু বিহু, ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ

আজি গৰু বিহু, ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ

সমগ্ৰ ৰাজ্যবাসীয়ে আজি পৰম্পৰাগতভাৱে পালন কৰিছে গৰু বিহু আজি চ’তৰ সংক্ৰান্তি । সমগ্ৰ ৰাজ্যবাসীয়ে আজি পৰম্পৰাগতভাৱে পালন কৰিছে গৰু বিহু । কৃষিভিত্তিক অসমীয়া সমাজত অতীজৰে পৰা চলি অহা ৰীতি অনুসৰি, আজিৰ দিনটোত গো-ধনৰ সেৱা-শুশ্ৰুষা কৰি বছৰটোলৈ আশীৰ্বাদ বিচৰা হয় । পৰম্পৰা ৰক্ষা কৰি আজি পুৱাই

সমগ্ৰ ৰাজ্যবাসীয়ে আজি পৰম্পৰাগতভাৱে পালন কৰিছে গৰু বিহু

আজি চ’তৰ সংক্ৰান্তি । সমগ্ৰ ৰাজ্যবাসীয়ে আজি পৰম্পৰাগতভাৱে পালন কৰিছে গৰু বিহু । কৃষিভিত্তিক অসমীয়া সমাজত অতীজৰে পৰা চলি অহা ৰীতি অনুসৰি, আজিৰ দিনটোত গো-ধনৰ সেৱা-শুশ্ৰুষা কৰি বছৰটোলৈ আশীৰ্বাদ বিচৰা হয় ।

পৰম্পৰা ৰক্ষা কৰি আজি পুৱাই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ গৰু গা ধুৱালে প্ৰতিজন অসমীয়াই । পুৱাৰ ভাগতে মাহ-হালধিৰে গৰুক গা ধুৱাই গোধনৰ মঙ্গল কামনা কৰে ৰাইজে ।

উল্লেখ্য য়ে, গৰু বিহুৰ পুৱাই গাঁৱৰ কৃষকসকলে নিজৰ গোধনৰ গাত মাহ-হালধি সানি ওচৰৰ নদী, বিল বা পথাৰলৈ লৈ যায় । তাতেই গৰুক গা ধুওৱা হয় । লোকবিশ্বাস অনুসৰি, মাহ-হালধিৰে গা ধুৱালে গৰুৰ গাত হোৱা বিভিন্ন চৰ্মৰোগ দূৰ হয় ।

গৰু ধুওৱাৰ সময়ত পৰম্পৰাগতভাৱে গোৱা হয়- লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা । মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু ।লগতে গৰুৰ গালৈ লাউ, বেঙেনা, কেৰেলা আদি দলিয়াই গৰুৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰা হয় ।

সন্ধিয়া গৰু গোহালিলৈ ঘূৰি অহাৰ পিছত পুৰণি পঘা সলাই নতুন পঘা পিন্ধোৱা হয় । গোহালিত মহ-ডাঁহ খেদিবলৈ ‘জাগ’ (ধূোৱা) দিয়া হয় আৰু বিশেষভাৱে তৈয়াৰ কৰা পিঠা খুওৱা হয় । ইফালে আজিৰ দিনটোতে বহুতে ১০১ বিধ শাক খোৱাৰ পৰম্পৰাও পালন কৰে ।

গৰু বিহুৰ পাছতেই কাইলৈৰ পৰা আৰম্ভ হ’ব মানুহ বিহু । ইতিমধ্যে বিহুৰ ঢোলৰ চাপৰত ৰজনজনাই উঠিছে সমগ্ৰ অসম । চহৰৰ পৰা গাঁৱলৈ সকলোতে এতিয়া কেৱল আনন্দৰ লহৰ । ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও উছৱৰ এই ক্ষণত অসমবাসীক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : সলনি হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ নিয়ম, কম্পাৰ্টমেণ্টেল পৰীক্ষাৰো বিলুপ্তি

শেহতীয়া প্ৰৱন্ধসমূহ