বৃদ্ধি পালে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক

বৃদ্ধি পালে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক

হাই-স্পীড ডিজেলৰ ওপৰত শুল্ক প্ৰতি লিটাৰত ৫৫.৫ টকালৈ আৰু এভিয়েচন টাৰ্বাইন ফুৱেল বা বিমানৰ ইন্ধনৰ ওপৰত ৪২ টকালৈ শুল্ক বৃদ্ধি পাইছে বিত্ত মন্ত্ৰালয়ে জাৰী কৰা এক গেজেট অধিসূচনা অনুসৰি কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ ওপৰত ৰপ্তানি শুল্ক বৃদ্ধি কৰিছে । ইয়াৰ ফলত হাই-স্পীড ডিজেলৰ ওপৰত শুল্ক

হাই-স্পীড ডিজেলৰ ওপৰত শুল্ক প্ৰতি লিটাৰত ৫৫.৫ টকালৈ আৰু এভিয়েচন টাৰ্বাইন ফুৱেল বা বিমানৰ ইন্ধনৰ ওপৰত ৪২ টকালৈ শুল্ক বৃদ্ধি পাইছে

বিত্ত মন্ত্ৰালয়ে জাৰী কৰা এক গেজেট অধিসূচনা অনুসৰি কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ ওপৰত ৰপ্তানি শুল্ক বৃদ্ধি কৰিছে । ইয়াৰ ফলত হাই-স্পীড ডিজেলৰ ওপৰত শুল্ক প্ৰতি লিটাৰত ৫৫.৫ টকালৈ আৰু এভিয়েচন টাৰ্বাইন ফুৱেল বা বিমানৰ ইন্ধনৰ ওপৰত ৪২ টকালৈ বৃদ্ধি পাইছে । গোলকীয় শক্তি খণ্ডৰ পৰিৱৰ্তিত পৰিস্থিতিৰ মাজত ঘৰুৱা যোগান নিশ্চিত কৰা আৰু মূল্যৰ পাৰ্থক্যৰ বাবে ৰপ্তানিকাৰকসকলে যাতে অনুচিত সুবিধা ল’ব নোৱাৰে, সেই উদ্দেশ্যেই “তৎকালীনভাৱে” কাৰ্যকৰী হোৱাকৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জনাইছে ।

অধিসূচনাখনত উল্লেখ কৰা হৈছে যে হাই-স্পীড ডিজেলৰ ওপৰত আৰোপ কৰিবলগীয়া বিশেষ অতিৰিক্ত আবকাৰী শুল্ক বৃদ্ধিৰ বাবে চৰকাৰ সন্তুষ্ট আৰু এনে জৰুৰী পদক্ষেপ লোৱাৰ বাবে প্ৰয়োজনীয় পৰিস্থিতি বিদ্যমান । বিত্তীয় আইন ২০০২-ৰ অষ্টম অনুসূচীত এই সালসলনি কৰা হৈছে । ডিজেল ৰপ্তানিৰ ক্ষেত্ৰত প্ৰযোজ্য শুল্ক গাঁথনি সংশোধন কৰি অধিসূচনাখনত কোৱা হৈছে যে পূৰ্বৰ এণ্ট্ৰিৰ ঠাইত ‘প্ৰতি লিটাৰত ২৪ টকা’ ব্যৱহাৰ কৰা হ’ব ।

ইয়াৰ লগতে চৰকাৰে হাই-স্পীড ডিজেলৰ ওপৰত পথ আৰু আন্তঃগাঁথনি উপকৰ বৃদ্ধি কৰিছে । পূৰ্বৰ ‘প্ৰতি লিটাৰত ৩৬ টকা’ৰ ব্যৱস্থাটো নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে । সংশোধিত গাঁথনি অনুসৰি হাই-স্পীড ডিজেলৰ মুঠ ৰপ্তানি শুল্ক পূৰ্বৰ প্ৰতি লিটাৰত ২১.৫ টকাৰ পৰা ৫৫.৫ টকালৈ বৃদ্ধি পাইছে । অনুৰূপ ধৰণে, এভিয়েচন টাৰ্বাইন ফুৱেলৰ শুল্কও ২৯.৫ টকাৰ পৰা ৪২ টকালৈ বৃদ্ধি কৰা হৈছে । অৱশ্যে পেট্ৰ’লৰ ওপৰত ৰপ্তানি শুল্ক পূৰ্বৰ দৰেই শূন্য হৈ আছে ।

জানিব পৰা মতে কেন্দ্ৰীয় আবকাৰী আইন ১৯৪৪ আৰু বিত্তীয় আইনৰ প্ৰাসঙ্গিক ব্যৱস্থাৰ অধীনত এই অধিসূচনা জাৰী কৰা হৈছে । এই পৰিৱৰ্তনসমূহ “জনস্বাৰ্থত” প্ৰয়োজনীয় বুলি গুৰুত্ব আৰোপ কৰা হৈছে । আটাইকেইখন অধিসূচনাতে উল্লেখ কৰা হৈছে যে বৰ্তমানৰ পৰিস্থিতিয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাটো আৱশ্যক কৰি তুলিছে ।

লগতে পঢ়ক : বৃন্দাবনৰ শোকাৱহ নাও দুৰ্ঘটনাঃ ১১ জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা