কিয় ভাৰতৰ E20 পেট্ৰ’ল ল’বলৈ অস্বীকাৰ কৰিলে ভূটানে? জানক আচল কাৰণ

সহজ ভাষাত ক’বলৈ গ’লে, এই পেট্ৰ’লত ২০ শতাংশ ইথানল আৰু ৮০ শতাংশ সাধাৰণ পেট্ৰ’ল থাকে

ভাৰত চৰকাৰে বৰ্তমান দেশৰ প্ৰদূষণ ৰোধ আৰু অৰ্থনীতি সবল কৰাৰ উদ্দেশ্যে পেট্ৰ’লত ইথানল মিহলি কৰাৰ পৰিকল্পনাত ক্ষিপ্ৰতাৰে কাম কৰি আছে । এই মেগা প্লেনৰ অধীনত এতিয়া দেশৰ বহু ঠাইত E20 পেট্ৰ’ল বিক্ৰী কৰা হৈছে । সহজ ভাষাত ক’বলৈ গ’লে, এই পেট্ৰ’লত ২০ শতাংশ ইথানল আৰু ৮০ শতাংশ সাধাৰণ পেট্ৰ’ল থাকে ।

শেহতীয়াকৈ ভাৰতৰ চৰকাৰী তেল কোম্পানীসমূহে ওচৰ-চুবুৰীয়া দেশ ভূটানক এই ইথানলযুক্ত E20 পেট্ৰ’ল যোগান ধৰাৰ এক প্ৰস্তাৱ দিছিল । কিন্তু আচৰিত ধৰণে ভূটানে বৰ্তমান এই প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছে । এই খবৰটো ওলাই পৰাৰ পিছতেই বহুতৰে ধাৰণা হৈছিল যে হয়তো ভূটানৰ ভাৰতীয় ইন্ধনৰ ওপৰত বিশ্বাস নাই, কিন্তু আচলতে ইয়াৰ আঁৰৰ ৰহস্য সম্পূৰ্ণ সুকীয়া ।

ভূটানে কিয় প্ৰত্যাখ্যান কৰিলে ভাৰতৰ প্ৰস্তাৱ?

ভূটান চৰকাৰে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ E20 পেট্ৰ’ল বা ইথানলক লৈ কোনো আপত্তি নাই । আচল সমস্যাটো হ’ল- ভূটানৰ বৰ্তমানৰ ফ্যুৱেল ষ্ট’ৰেজ ব্যৱস্থা এই নতুন ইন্ধন সংৰক্ষণ কৰিবলৈ উপযুক্ত নহয় । গতিকে আন্তঃগাঁথনিৰ প্ৰয়োজনীয় পৰিৱৰ্তন নকৰালৈকে তেওঁলোকে পুৰণি সাধাৰণ পেট্ৰ’লেই ব্যৱহাৰ কৰিব বিচাৰে ।

ইথানল আৰু পানীৰ ‘শক্ৰতা’: আটাইতকৈ ডাঙৰ কাৰণ

ৰাসায়নিক ধৰ্ম অনুসৰি, ইথানলে বতাহত থকা আৰ্দ্ৰতা আৰু পানী অতি সোনকালে নিজৰ ফালে টানি লয় । যদি কোনো পেট্ৰ’ল টেংকীত অলপমানো পানী বা সেমেকা ভাৱ সোমাই যায়, তেন্তে সমগ্ৰ E20 পেট্ৰ’লৰ গুণগত মান নষ্ট হৈ পৰে । এনে ইন্ধনে গাড়ীৰ ইঞ্জিনৰ কাৰ্যক্ষমতা নিমিষতে হ্ৰাস কৰিব পাৰে ।

ভূটানৰ চিন্তা ক’ত?

ভূটানৰ বেছিভাগ পেট্ৰ’ল সংৰক্ষণ টেংকী বহুবছৰ পুৰণি আৰু মাটিৰ তলত নিৰ্মিত । পাহাৰীয়া আৰু অতি বৃষ্টিপাত হোৱা অঞ্চল হোৱাৰ বাবে তাত ভূগৰ্ভৰ মাটি সদায় সেমেকি থাকে । এনে পৰিস্থিতিত পুৰণি টেংকীত E20 পেট্ৰ’ল ৰাখিলে ইথানলে পানী শুহি ল’ব আৰু ইন্ধন নষ্ট হোৱাৰ আশংকা বহুগুণে বৃদ্ধি পাব ।

ইন্ধনত পানী মিহলি হ’লে বাহনৰ কি ক্ষতি হ’ব?

ভৱিষ্যতৰ দিশসমূহ চালি-জাৰি চাইহে ভূটানে এই সিদ্ধান্ত লৈছে । কাৰণ ইথানলযুক্ত পেট্ৰ’লত পানী মিহলি হ’লে গাড়ী চালকসকলে তলৰ সমস্যাসমূহৰ সন্মুখীন হ’ব লগা হ’ব পাৰে :

-ইঞ্জিনৰ পাৰফৰমেন্স হ্ৰাস পাব ।

-গাড়ী ষ্টাৰ্ট হ’বলৈ অসুবিধা হ’ব ।

-বাহনৰ মাইলেজ হ্ৰাস পাব ।

-দীৰ্ঘদিন ব্যৱহাৰ কৰিলে ইঞ্জিনৰ গুৰুত্বপূৰ্ণ অংশ চিৰদিনৰ বাবে বেয়া হ’ব পাৰে ।

অৱশ্যে ভূটানে জনাইছে যে তেওঁলোক ভৱিষ্যতে E20 ইন্ধন আপোনাবলৈ সাজু, কিন্তু তাৰ বাবে সমগ্ৰ দেশতে পুৰণি টেংকীবোৰ সলাই নতুনকৈ ‘এয়াৰ-টাইট’ বা সম্পূৰ্ণ ছীল কৰা আধুনিক টেংকী বহুৱাব লাগিব ।

পাহাৰীয়া পথ আৰু ইথানলৰ প্ৰত্যাহ্বান

ভূটান এখন ওখ-পাখ পাহাৰীয়া দেশ, য’ত বেছিভাগ ৰাস্তাই থিয় আৰু বগাবলগীয়া । এনে কঠিন পথত বাহনৰ ইঞ্জিনৰ ওপৰত স্বাভাৱিকতকৈ অধিক চাপ পৰে । যিহেতু ইথানলৰ শক্তি সাধাৰণ পেট্ৰ’লতকৈ সামান্য কম, গতিকে ভূটান চৰকাৰে নিশ্চিত কৰিব বিচাৰে যাতে এই নতুন ইন্ধনৰ বাবে তেওঁলোকৰ পাহাৰীয়া অঞ্চলত চলাচল কৰা গাড়ীবোৰৰ পাৱাৰ আৰু পিক-আপত কোনো প্ৰভাৱ নপৰে ।

লগতে পঢ়ক : অসম-ভূটান ৰে’ল সংযোগে এক্ট ইষ্ট পলিচীৰ অধীনত উন্নয়নৰ নতুন পথ মুকলি কৰিবঃ মুখ্যমন্ত্ৰী

বৃদ্ধি পালে ডিজেল আৰু বিমান ইন্ধনৰ ৰপ্তানি শুল্ক

হাই-স্পীড ডিজেলৰ ওপৰত শুল্ক প্ৰতি লিটাৰত ৫৫.৫ টকালৈ আৰু এভিয়েচন টাৰ্বাইন ফুৱেল বা বিমানৰ ইন্ধনৰ ওপৰত ৪২ টকালৈ শুল্ক বৃদ্ধি পাইছে

বিত্ত মন্ত্ৰালয়ে জাৰী কৰা এক গেজেট অধিসূচনা অনুসৰি কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ ওপৰত ৰপ্তানি শুল্ক বৃদ্ধি কৰিছে । ইয়াৰ ফলত হাই-স্পীড ডিজেলৰ ওপৰত শুল্ক প্ৰতি লিটাৰত ৫৫.৫ টকালৈ আৰু এভিয়েচন টাৰ্বাইন ফুৱেল বা বিমানৰ ইন্ধনৰ ওপৰত ৪২ টকালৈ বৃদ্ধি পাইছে । গোলকীয় শক্তি খণ্ডৰ পৰিৱৰ্তিত পৰিস্থিতিৰ মাজত ঘৰুৱা যোগান নিশ্চিত কৰা আৰু মূল্যৰ পাৰ্থক্যৰ বাবে ৰপ্তানিকাৰকসকলে যাতে অনুচিত সুবিধা ল’ব নোৱাৰে, সেই উদ্দেশ্যেই “তৎকালীনভাৱে” কাৰ্যকৰী হোৱাকৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জনাইছে ।

অধিসূচনাখনত উল্লেখ কৰা হৈছে যে হাই-স্পীড ডিজেলৰ ওপৰত আৰোপ কৰিবলগীয়া বিশেষ অতিৰিক্ত আবকাৰী শুল্ক বৃদ্ধিৰ বাবে চৰকাৰ সন্তুষ্ট আৰু এনে জৰুৰী পদক্ষেপ লোৱাৰ বাবে প্ৰয়োজনীয় পৰিস্থিতি বিদ্যমান । বিত্তীয় আইন ২০০২-ৰ অষ্টম অনুসূচীত এই সালসলনি কৰা হৈছে । ডিজেল ৰপ্তানিৰ ক্ষেত্ৰত প্ৰযোজ্য শুল্ক গাঁথনি সংশোধন কৰি অধিসূচনাখনত কোৱা হৈছে যে পূৰ্বৰ এণ্ট্ৰিৰ ঠাইত ‘প্ৰতি লিটাৰত ২৪ টকা’ ব্যৱহাৰ কৰা হ’ব ।

ইয়াৰ লগতে চৰকাৰে হাই-স্পীড ডিজেলৰ ওপৰত পথ আৰু আন্তঃগাঁথনি উপকৰ বৃদ্ধি কৰিছে । পূৰ্বৰ ‘প্ৰতি লিটাৰত ৩৬ টকা’ৰ ব্যৱস্থাটো নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে । সংশোধিত গাঁথনি অনুসৰি হাই-স্পীড ডিজেলৰ মুঠ ৰপ্তানি শুল্ক পূৰ্বৰ প্ৰতি লিটাৰত ২১.৫ টকাৰ পৰা ৫৫.৫ টকালৈ বৃদ্ধি পাইছে । অনুৰূপ ধৰণে, এভিয়েচন টাৰ্বাইন ফুৱেলৰ শুল্কও ২৯.৫ টকাৰ পৰা ৪২ টকালৈ বৃদ্ধি কৰা হৈছে । অৱশ্যে পেট্ৰ’লৰ ওপৰত ৰপ্তানি শুল্ক পূৰ্বৰ দৰেই শূন্য হৈ আছে ।

জানিব পৰা মতে কেন্দ্ৰীয় আবকাৰী আইন ১৯৪৪ আৰু বিত্তীয় আইনৰ প্ৰাসঙ্গিক ব্যৱস্থাৰ অধীনত এই অধিসূচনা জাৰী কৰা হৈছে । এই পৰিৱৰ্তনসমূহ “জনস্বাৰ্থত” প্ৰয়োজনীয় বুলি গুৰুত্ব আৰোপ কৰা হৈছে । আটাইকেইখন অধিসূচনাতে উল্লেখ কৰা হৈছে যে বৰ্তমানৰ পৰিস্থিতিয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাটো আৱশ্যক কৰি তুলিছে ।

লগতে পঢ়ক : বৃন্দাবনৰ শোকাৱহ নাও দুৰ্ঘটনাঃ ১১ জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা

ইন্ধনক লৈ মোদী চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত, পেট্ৰ’ল-ডিজেলৰ শুল্কত বৃহৎ কৰ্তন

কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস কৰিছে

বিশ্বজুৰি খাৰুৱা তেল যোগানৰ সংকটৰ মাজতে চৰকাৰে যথেষ্ট সকাহৰ খবৰ দিছে । কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস কৰিছে । পেট্ৰ’লৰ আবকাৰী শুল্ক ১০ ৰ পৰা ৩ টকালৈ হ্ৰাস কৰাৰ বিপৰীতে ডিজেলৰ আবকাৰী শুল্ক শূন্যলৈ হ্ৰাস কৰা হৈছে ।

সংকটৰ সময়ত অধিক মূল্যত খাৰুৱা তেল ক্ৰয় কৰিবলৈ বাধ্য হোৱাত চৰকাৰে তেল কোম্পানীসমূহক যথেষ্ট সকাহ দিছে । অৱশ্যে ৰাজ্য চৰকাৰৰ ভেট প্ৰযোজ্য হৈ থাকিব । পূৰ্বে পেট্ৰ’লৰ ওপৰত আবকাৰী শুল্ক ১৩ টকা  আৰু ডিজেলত ১০ টকা প্ৰতি লিটাৰ আছিল । কিন্তু এতিয়া এই পৰিমাণ ১০ টকালৈ হ্ৰাস কৰা হৈছে ।

দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯৪.৭৭ টকা আৰু ডিজেলৰ মূল্য ৮৭.৬৭ টকা প্ৰতি লিটাৰ । নয়ডাত পেট্ৰ’লৰ মূল্য ৯৪.৮৫ টকা আৰু ডিজেলৰ মূল্য ৮৭.৯৮ টকা । একেদৰে মুম্বাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰ ১০৩.৫৪ টকা আৰু ডিজেলৰ মূল্য ৯০.০৩ টকা ।

এতিয়া এই হ্ৰাসৰ পিছত যদি তেল কোম্পানীয়ে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰে তেন্তে ইন্ধনৰ মূল্য ১০ টকা পৰ্যন্ত হ্ৰাস পাব পাৰে । এতিয়ালৈকে কেৱল চৰকাৰেহে আবকাৰী শুল্ক হ্ৰাস কৰিছে । পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস হ’ব তেল কোম্পানীয়ে ঘোষণা কৰাৰ পিছত ।

লগতে পঢ়ক : পশ্চিম এছিয়া সংকটঃ আজি মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী

ৰাজ্যত নাটনি হোৱা নাই পেট্ৰল-ডিজেলৰ, উৰাবাতৰি বিয়পোৱাসকলক সাৱধানবাণী

অসমত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল আৰু ডিজেল মজুত আছে । আতংকিত হৈ প্ৰয়োজনতকৈ অধিক ইন্ধন সংগ্ৰহ নকৰিবলৈ আহ্বান ।

অসমত ইন্ধনৰ নাটনি হোৱাৰ উৰাবাতৰিৰ মাজতে ৰাজ্যৰ মুখ্য সচিবগৰাকীয়ে স্পষ্ট কৰি দিছে যে অসমত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল আৰু ডিজেল মজুত আছে । তেওঁ জনসাধাৰণক আতংকিত হৈ প্ৰয়োজনতকৈ অধিক ইন্ধন সংগ্ৰহ নকৰিবলৈ আহ্বান জনাইছে ।

চৰকাৰী এক্স হেণ্ডেলযোগে মুখ্য সচিবগৰাকীয়ে জনায় যে অসমত থকা ৪টা তেল শোধনাগাৰত উৎপাদিত মুঠ ইন্ধনৰ মাত্ৰ ২৭ শতাংশহে ৰাজ্যখনত ব্যৱহৃত হয় । বাকী ৭৩ শতাংশ ইন্ধন অতিৰিক্ত হিচাপে থাকে ।

প্ৰকাশিত তথ্য অনুসৰি, ৰাজ্যখনত প্ৰতি মাহে গড়ে ১৬৮ হাজাৰ মেট্ৰিক টন পেট্ৰ’ল আৰু ৪০৩ হাজাৰ মেট্ৰিক টন ডিজেল উৎপাদন হয় । ইয়াৰ বিপৰীতে, ৰাজ্যখনত মাহেকীয়া ব্যৱহাৰৰ পৰিমাণ যথেষ্ট কম- পেট্ৰ’লৰ ব্যৱহাৰ ৬৩ হাজাৰ মেট্ৰিক টন আৰু ডিজেলৰ ব্যৱহাৰ ৯২ হাজাৰ মেট্ৰিক টন । ফলস্বৰূপে, প্ৰতি মাহে প্ৰায় ১০৫ হাজাৰ মেট্ৰিক টন পেট্ৰ’ল আৰু ৩১১ হাজাৰ মেট্ৰিক টন ডিজেল ৰাহি হয় ।

পৰ্যাপ্ত যোগান থকাৰ পাছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশ লোকে হাহাকাৰ কৰি পেট্ৰ’ল পাম্পসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে । মুখ্য সচিবগৰাকীয়ে ৰাইজক খোলা পাত্ৰত ইন্ধন ক্ৰয় নকৰিবলৈ সাৱধান কৰি দিছে আৰু জনাইছে যে এনে কৰিলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

প্ৰশাসনে সদৰী কৰা মতে, এনে কাৰ্যত লিপ্ত থকা লোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ বিশেষকৈ ২৮৫ নং ধাৰাৰ অধীনত (জুই বা দাহ্য পদাৰ্থৰ সৈতে জড়িত অসাৱধানতা) গোচৰ ৰুজু কৰা হ’ব । ইয়াৰ উপৰি অনুজ্ঞাপত্ৰ অবিহনে অবৈধ মজুতকৰণৰ বাবে ‘পেট্ৰ’লিয়াম এক্ট ১৯৩৪’ আৰু বিপদজনক মজুতকৰণৰ বাবে ‘এক্সপ্লচিভ এক্ট ১৮৮৪’ ৰ অধীনতো ব্যৱস্থা লোৱা হ’ব ।

লগতে পঢ়ক : অহা জনমতো বৰপেটা মেডিকেলৰ নাম সলনি কৰিব নোৱাৰেঃ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ