নিৰ্বাচনী প্ৰচাৰ চলাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিক কটাক্ষ কৰে।
পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত অভিযোগ তীব্ৰতৰ হৈ পৰিছে।এইবাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দাবী কৰিছে যে, অসমবাসীৰ ভোটৰ ভিত্তিত বিজেপিৰ বিজয়ৰ আত্মবিশ্বাস নাছিল সেয়েহে অসমৰ নিৰ্বাচনৰ বাবে বাহিৰৰ পৰা মানুহ আনিছিল।লগতে তেওঁ কয় যে সাপক বিশ্বাস কৰিব পাৰি, কিন্তু বিজেপিক নোৱাৰি।
শুকুৰবাৰে (১০ এপ্ৰিল, ২০২৬) উত্তৰ ২৪ পৰগনা জিলাৰ টেণ্টুলিয়াত নিৰ্বাচনী সভাত ভাষণ দি মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ বাবে দেশৰ কোনো এজেন্সী নিৰপেক্ষ হৈ নাথাকে, কাৰণ বিজেপিয়ে সকলো কিনি লৈছে। তেওঁ কয় যে, উত্তৰ প্ৰদেশৰ পৰা অসমলৈ এখন ৰে’লত ৫০ হাজাৰ লোকক প্ৰেৰণ কৰা হ’ল।
অসম নিৰ্বাচনৰ কথা উল্লেখ কৰি মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে বিজেপিয়ে পশ্চিমবংগতো বাহিৰৰ পৰা মানুহ অনাৰ বাবে একে কৌশল প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে আৰু এই কাৰণেই বিষয়াসকলক বদলি কৰা হ’ল।
তেওঁ লগতে কয় যে, ‘মই চিন্তা কৰা নাই।বংগবাসী ৰাইজৰ ওপৰত মোৰ বিশ্বাস আছে। ভোটাৰ তালিকাত বাকী থকা সকলো ভোট আমি লাভ কৰিম।
লগতে পঢ়ক: হুমায়ুন কবীৰক মোক্ষম আঘাত; আছাদুদ্দিন ওৱেইছিয়ে ভংগ কৰিলে মিত্ৰতা









