ঘোষণা হ'ল মেট্ৰিকৰ ৰিজাল্ট, এতিয়াই চাওক ফলাফল

ঘোষণা হ’ল মেট্ৰিকৰ ৰিজাল্ট, এতিয়াই চাওক ফলাফল

পুৱা ১০.৩০ বজাৰ লগে লগে ঘোষণা কৰা হয় মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে শুকুৰবাৰে ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে । পুৱা ১০.৩০ বজাৰ লগে লগে ঘোষণা কৰা হয় মেট্ৰিকৰ ৰিজাল্ট । এইবাৰ

পুৱা ১০.৩০ বজাৰ লগে লগে ঘোষণা কৰা হয় মেট্ৰিকৰ ৰিজাল্ট

ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে শুকুৰবাৰে ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে । পুৱা ১০.৩০ বজাৰ লগে লগে ঘোষণা কৰা হয় মেট্ৰিকৰ ৰিজাল্ট । এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ উত্তীৰ্ণৰ হাৰ ৬৫.৬২ শতাংশ । পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪,২৯,২৪৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২,৮১,৭০১ গৰাকী শিক্ষাৰ্থী সফলতাৰে উত্তীৰ্ণ হৈছে ।

ঘোষণা কৰা ফলাফল অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ত মেধাৰ ভিত্তিত প্ৰথম চাৰিটা স্থানত উজ্বলিল চাৰিগৰাকীকৈ শিক্ষাৰ্থী । প্ৰথম স্থানত শংকৰদেৱ শিশু নিকেটন, পাটাছাৰকুছিৰ জ্যোতিৰ্ময় দাস, দ্বিতীয় স্থানত অম্বিকাগিৰি ৰায় চৌধুৰী জাতীয় বিদ্যালয়, বিশ্বনাথৰ আকাংক্ষা ভূঞা, তৃতীয় স্থানত লিটল ফ্লাৱাৰ স্কুল, ডিব্ৰুগড়ৰ জিয়া ফাৰা ইছলাম, চতুৰ্থ স্থানত লিটল ফ্লাৱাৰ স্কুল, নলবাৰীৰ সুৰজিত আখতাৰ ।

জিয়া ফাৰাহ ইছলাম, সুৰজিত আখতাৰে লাভ কৰিছে ৯৮ %, জ্যোতিৰ্ময় দাসে লাভ কৰিছে ৯৮.৫ শতাংশ, আকাংক্ষা ভূঞাই লাভ কৰিছে ৯৮.১ শতাংশ নম্বৰ ।

উল্লেখ্য যে, যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু আজি, ১০ এপ্ৰিলত ফলাফল ঘোষণা কৰা হয় । মুঠ ৪,৩৮,৫৬৪ গৰাকী প্ৰাৰ্থীয়ে এই পৰীক্ষাৰ বাবে আবেদন কৰিছিল, যাৰ ভিতৰত ৯,৩১৫ গৰাকী অনুপস্থিত আছিল আৰু ১৩৫ গৰাকীক বহিষ্কাৰ কৰা হৈছিল । ৫ গৰাকী শিক্ষাৰ্থীৰ ফলাফল স্থগিত ৰখা হৈছে । পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ ভিতৰত ১,৮৬,৪৬৮ গৰাকী ছাত্ৰ আৰু ২,৪২,৭৮১ গৰাকী ছাত্ৰী আছিল । ফলাফলৰ ক্ষেত্ৰত ছাত্ৰসকলৰ উত্তীৰ্ণৰ হাৰ ৬৭.৭৮ শতাংশ আৰু ছাত্ৰীসকলৰ উত্তীৰ্ণৰ হাৰ ৬৩.৯৬ শতাংশ ।

ঘোষণা কৰা ফলাফল অনুসৰি ৮৫,১৮৯ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ লাভ কৰিছে, যাৰ ভিতৰত ৩,৯৮৩ গৰাকীয়ে ডিষ্টিংচন আৰু ১৩,৬৮১ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছে । মুঠ ১,৫০,১৬৭ গৰাকী প্ৰাৰ্থীয়ে দ্বিতীয় বিভাগত আৰু ৪৬,৩৪৫ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । বিভিন্ন বিষয়ত মুঠ ৯৯,০৬২ গৰাকী শিক্ষাৰ্থীয়ে লেটাৰ মাৰ্ক লাভ কৰিছে ।

৮৮.২৩ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ডিমা হাচাও জিলা শীৰ্ষস্থানত থকাৰ বিপৰীতে শিৱসাগৰ ৮৪.০৮ শতাংশৰে দ্বিতীয় আৰু ডিব্ৰুগড় ৭৮.৪৬ শতাংশৰে তৃতীয় স্থানত আছে । কাছাৰ জিলাত উত্তীৰ্ণৰ হাৰ আটাইতকৈ কম (৪৯.১৩ শতাংশ) ৰেকৰ্ড কৰা হৈছে ।

শ্ৰেণী অনুসৰি অনুসূচিত জনজাতি (ভৈয়াম) বা ST (P) প্ৰাৰ্থীসকলৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক ৭৩.৬৫ শতাংশ, ইয়াৰ পিছতে আছে অন্যান্য পিছপৰা শ্ৰেণী বা OBC (৭১.৬৫ শতাংশ) আৰু অতিৰিক্ত পিছপৰা শ্ৰেণী বা MOBC (৭০.৯৪ শতাংশ)। চাহ জনজাতিৰ প্ৰাৰ্থীসকলৰ উত্তীৰ্ণৰ হাৰ আটাইতকৈ কম অৰ্থাৎ ৫০.৫১ শতাংশ ।

লগতে পঢ়ক : আজি প্ৰকাশ পাব মেট্ৰিকৰ ৰিজাল্ট, পুৱা ১০.৩০ বজাত ঘোষণা হ’ব ফলাফল

শেহতীয়া প্ৰৱন্ধসমূহ