‘বুৰ্বকসকল!হৰমুজ খুলি দিয়ক, নহ’লে নৰকত যাবা’; আল্টিমেটামৰ পিছত পুনৰ ইৰাণক ধমকি ড’নাল্ড ট্ৰাম্পৰ

‘বুৰ্বকসকল!হৰমুজ খুলি দিয়ক, নহ’লে নৰকত যাবা’; আল্টিমেটামৰ পিছত পুনৰ ইৰাণক ধমকি ড’নাল্ড ট্ৰাম্পৰ

ইৰানে হৰমুজ প্ৰণালী অৱৰোধ কৰিছে।তেওঁলোকে কয় যে এই জলপথৰ মাজেৰে কেৱল ইৰাণৰ বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰৰ জাহাজহে পাৰ হ’ব পাৰিব। তাৰ পিছতেই ইৰাণক পুনৰ ট্ৰাম্পে ভাবুকি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ১০ দিনৰ বাবে আল্টিমেটাম প্ৰদান কৰিছিল,যিটো ক্ৰমান্বয়ে ম্লান হৈ আহিছে।ট্ৰাম্পে

ইৰানে হৰমুজ প্ৰণালী অৱৰোধ কৰিছে।তেওঁলোকে কয় যে এই জলপথৰ মাজেৰে কেৱল ইৰাণৰ বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰৰ জাহাজহে পাৰ হ’ব পাৰিব। তাৰ পিছতেই ইৰাণক পুনৰ ট্ৰাম্পে ভাবুকি দিছে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ১০ দিনৰ বাবে আল্টিমেটাম প্ৰদান কৰিছিল,যিটো ক্ৰমান্বয়ে ম্লান হৈ আহিছে।ট্ৰাম্পে এতিয়া ইৰাণক পুনৰবাৰ ভাবুকি দিছে।তেওঁ খঙেৰে ঘোষণা কৰিছে যে, ” বুৰ্বকসকল, হৰমুজ  খুলি দিয়া—নহ’লে, তোমালোক নৰকলৈ যাবা।”

ট্ৰাম্পে ছ’চিয়েল ট্ৰুথত পোষ্ট কৰি কয়, মঙলবাৰে ইৰাণত একেলগে বিদ্যুৎ কেন্দ্ৰ দিৱস আৰু দলং দিৱস উদযাপন কৰা হ’ব।এনেকুৱা কিবা এটা আগতে কেতিয়াও হোৱা নাই!!!তোমালোক বুৰ্বকসকল—হৰমুজ খুলি দিয়া, নহ’লে নৰকলৈ যাবা!চাই থাকিব! আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰক।

৪ এপ্ৰিলৰ নিশা ট্ৰাম্পে ইৰাণক সোঁৱৰাই দিছিল যে মই তেওঁলোকক চুক্তি কৰিবৰ বাবে বা হৰমুজ জলদ্বীপ মুকলি কৰিবলৈ ১০ দিনৰ সময় দিছিলো। তেওঁ কয় দ্ৰুতগতিত সময় পাৰ হৈ গৈ আছে। ৪৮ ঘণ্টাৰ পাছত আমেৰিকাই তেওঁলোকৰ ওপৰত বিধ্বংসী ৰূপ ধাৰণ কৰিব।

লগতে পঢ়ক: আমেৰিকাই উদ্ধাৰ কৰিলে ইৰাণত সন্ধানহীন হোৱা যুদ্ধ বিমানৰ পাইলটক