কেৰালাত কংগ্ৰেছ নেতা শশী থাৰুৰৰ নিৰাপত্তাৰক্ষী আৰু চালক গৰাকীৰ ওপৰত আক্ৰমণ কৰাৰ এক খবৰ পোহৰলৈ আহিছে।
কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ কনভয়ৰ ওপৰত আক্ৰমণৰ এক ঘটনা পোহৰলৈ আহিছে।এই ঘটনাটো কেৰালাৰ ৱাণ্ডুৰ অঞ্চলত সংঘটিত হৈছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে এজন ব্যক্তিক জিম্মাত লৈছে, আৰু বাকী অভিযুক্তসকলৰ সন্ধান অব্যাহত আছে।
আৰক্ষীৰ মতে,শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত চেলিথ’ড অঞ্চলত এই ঘটনাটো সংঘটিত হয়। সেই সময়ত শশী থাৰুৰ নিৰ্বাচনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল।
জানিব পৰা মতে, কংগ্ৰেছ নেতা গৰাকী নিবাৰ্চনী প্ৰচাৰৰ বাবে গৈ থকাৰ সময়তে চেলিথ’ড দলঙৰ ওচৰত পথচোৱা সংকীৰ্ণ হোৱাৰ বাবে যান-জঁটৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছিল।সেই সময়তে দুখন গাড়ীৰে যাত্ৰা কৰা ৫ জন লোকে শশী থাৰুৰৰ কনভয়ক ৰখাই দিয়ে।যেতিয়া তেওঁৰ নিৰাপত্তাৰক্ষী গৰাকীয়ে গাড়ীখন সন্মুখৰ পৰা আঁতৰাই দিবলৈ কয়, তেতিয়াই অচিনাক্ত দুৰ্বৃত্তই নিৰাপত্তাৰক্ষী আৰু চালক গৰাকীৰ ওপৰত আক্ৰমণ কৰে।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক আটত কৰিছে। ইফালে বাকী অভিযুক্তক চিনাক্ত কৰা হৈছে আৰু শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব বুলি কৈছে।আৰক্ষীয়ে এই সমগ্ৰ বিষয়টো তদন্ত কৰি ঘটনাৰ আঁৰৰ কাৰণ নিৰ্ণয় কৰিবলৈ চেষ্টা চলাইছে।
কংগ্ৰেছ নেতা শশী থাৰুৰে এক্সত এই বিষয়ে পোষ্ট কৰি লিখিছে যে, যোৱা নিশা মোৰ নিৰাপত্তাৰক্ষী গৰাকীক আক্ৰমণ কৰাৰ পিছত যিসকলে তেওঁৰ বাবে উদ্বেগ প্ৰকাশ কৰি মেছেজ আৰু ফোন কৰাৰ বাবে বহুত ভাল লাগিছে।তেওঁ ভালেই আছে, আৰু মোৰ কোনো ক্ষতি হোৱা নাছিল।সকলো বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীলৈ ধন্যবাদ।
লগতে পঢ়ক: ‘ৰাঘৱ চাড্ডাই কম্প্ৰমাইজ কৰিছে…’; ৰাঘৱ চাড্ডাক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ









