৫.৯ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ’ল দিল্লী-এনচিআৰ…

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ’ল দিল্লী-এনচিআৰ…

দিল্লী-এনচিআৰ, চণ্ডীগড়কে ধৰি উত্তৰ ভাৰতৰ কেইবাটাও স্থানত ভূমিকম্পৰ কম্পন অনুভূত হয়। শুকুৰবাৰে নিশা ৯:৪২ বজাত দিল্লী-এনচিআৰকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত প্ৰবল কঁপনি অনুভূত হয়।ইয়াৰ ফলত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়। দিল্লী-এনচিআৰ, চণ্ডীগড়কে ধৰি জম্মু-কাশ্মীৰ, হাৰিয়ানা, হিমাচল প্ৰদেশ, আৰু পঞ্জাৱতো ভূমিকম্প কম্পন অনুভূত হয়।জম্মু-কাশ্মীৰৰ কেইবাটাও স্থানতো

দিল্লী-এনচিআৰ, চণ্ডীগড়কে ধৰি উত্তৰ ভাৰতৰ কেইবাটাও স্থানত ভূমিকম্পৰ কম্পন অনুভূত হয়।

শুকুৰবাৰে নিশা ৯:৪২ বজাত দিল্লী-এনচিআৰকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত প্ৰবল কঁপনি অনুভূত হয়।ইয়াৰ ফলত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়।

দিল্লী-এনচিআৰ, চণ্ডীগড়কে ধৰি জম্মু-কাশ্মীৰ, হাৰিয়ানা, হিমাচল প্ৰদেশ, আৰু পঞ্জাৱতো ভূমিকম্প কম্পন অনুভূত হয়।জম্মু-কাশ্মীৰৰ কেইবাটাও স্থানতো ভূমিকম্পৰ লগে লগে স্থানীয় লোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।

জানিব পৰা মতে,ভূমিকম্পটোৰ কেন্দ্ৰবিন্দু আফগানিস্তান-তাজিকিস্তান সীমান্ত অঞ্চল।ভূপৃষ্ঠৰ পৰা ১৭৫ কিলোমিটাৰ গভীৰতাত উৎপত্তিস্থল ।যাৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৫.৯ ।

লগতে পঢ়ক: শত্ৰুৰ বুকুত কঁপনি তুলি ভাৰতীয় নৌসেনাত অন্তৰ্ভূক্ত হ’ল আই এন এচ তাৰাগিৰি