‘কঠোৰ আইন থকাৰ পিছটো মাকে গৰু মাংস খোৱাটো আচৰিত’; পুনৰ কুংকী চৌধুৰীৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্ৰী

‘কঠোৰ আইন থকাৰ পিছটো মাকে গৰু মাংস খোৱাটো আচৰিত’; পুনৰ কুংকী চৌধুৰীৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্ৰী

মধ্য গুৱাহাটীৰ অজাপ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃয়ে সামাজিক মাধ্যমত গো মাংস ভক্ষণক লৈ পুনৰ তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মধ্য গুৱাহাটীৰ অজাপ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, কুংকী চৌধুৰীৰ পিতৃ-মাতৃয়ে

মধ্য গুৱাহাটীৰ অজাপ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃয়ে সামাজিক মাধ্যমত গো মাংস ভক্ষণক লৈ পুনৰ তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মধ্য গুৱাহাটীৰ অজাপ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, কুংকী চৌধুৰীৰ পিতৃ-মাতৃয়ে কেৱল গৰু মাংখ খোৱাই নহয় তেওঁ সামাজিক মাধ্যমত সেই ফটোও শ্বেয়াৰ কৰিছে।মহাত্মা গান্ধীৱে গো হত্যা নিষিদ্ধ কৰিছিল। অসমটো আইন আছে যে, ৰাজহুৱা স্থানত গো মাংখ ভক্ষণ কৰিব নোৱাৰে। য’ত হিন্দু মানুহ থাকে তাত গৰু মাংস কাব নোৱাৰে আৰু গৰু মাংস খালে তিনি বছৰৰ জেল হ’ব।কিন্তু ইমান কঠোৰ আইন থকাৰ পিছটো কুংকী চৌধুৰীৰ মাকে গৰু মাংস খোৱাটো আচৰিত কথা।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, গৰু আমাৰ মা হয়। গৰু নাথাকিলে সমাজ খনেই নাথাকিলে হয়। বহুত মুছলিম মানুহে মোৰ কথা শুনি গো মাংস খোৱাটো বন্ধ কৰি দিছে। কিন্তু তেওঁ গৰু মাংসৰ পিছটো লৈ ফটোৰ প’জ দিছে। ৰাইজক তেওঁৰ বিৰুদ্ধে গোচৰ দিবলৈ অনুৰোধ কৰিছো। কাৰণ ৰাজহুৱা স্থানত গৰু খালে ৩ বছৰ জেল হ’ব।   

লগতে পঢ়ক: ‘UCC আনি অনুপ্ৰৱেশকাৰীক ৪ বাৰ বিয়া পতা বন্ধ কৰা হ’ব’; অসমত নিৰ্বাচনী প্ৰচাৰ চলাই অমিত শ্বাহৰ হুংকাৰ