দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গোগামুখৰ এখন জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় এইবাৰ অসমত মংগলেই মংগল হ’ব।
অসমত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে।দুদিনীয়া ভ্ৰমণসূচীৰে অসম ভ্ৰমণলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গোগামুখত নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়,বিগত দশকত অসমত দ্ৰুত বিকাশৰ সাক্ষী হৈ আহিছে।বিজেপি-এনডিএৰ মিত্ৰতাত নিজৰ বিশ্বাস পুনৰ দৃঢ় কৰিবলৈ সাজু হৈছে অসমৰ জনসাধাৰণ।এইদৰে অসমত বিজেপিৰ হেট্ৰিক এইবাৰ নিশ্চিত।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়,অসম নিৰ্বাচনৰ ঘোষণাৰ পিছত এইখন মোৰ প্ৰথম জনসভা।সন্মুখত ৰাইজৰ এই সাগৰ,যুৱক-যুৱতীসকলৰ এই উৎসাহ, আমাৰ ভগ্নী-কন্যাসকলৰ পৰা এই আশীৰ্বাদ আৰু মৰমৰ পৰা এইবাৰ যে হেটট্ৰিক নিশ্চিত সেই কথা জানিব পৰা গৈছে।আপোনালোক সকলোৰে আশীৰ্বাদত মই প্ৰধানমন্ত্ৰী হিচাপে হেট্ৰিক অৰ্জন কৰাৰ সুযোগ পাইছো।আপোনালোক সকলোৰে আশীৰ্বাদত এই ক্ষেত্ৰখনতো হেট্ৰিক অৰ্জন কৰাৰ সুযোগ পাইছো,মই তৃতীয়বাৰৰ বাবে ইয়ালৈ আহিছো।আৰু আপোনালোকৰ আশীৰ্বাদত অসমৰ চৰকাৰো হেট্ৰিক অৰ্জন কৰিবলৈ সাজু হৈছে।
প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয়,প্ৰথমে সৰ্বানন্দ সোণোৱাল জীৰ নেতৃত্বত, আৰু পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা জীৰ নিৰ্দেশনাত অসমে বিগত ১০ বছৰত সেৱা আৰু সুশাসনৰ এক নতুন যুগৰ সাক্ষী হৈ পৰিছে।অসমৰ এই নিৰ্বাচন উন্নত অসমৰ পৰা উন্নত ভাৰত গঢ়াৰ নিৰ্বাচন।এইবাৰ বিজেপি-এনডিএ চৰকাৰৰ হেট্ৰিক নিশ্চিত।আৰু কংগ্ৰেছতো পৰাজয়ৰ হেট্ৰিকৰ উপক্ৰম হৈছে।
প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয়, কালি অসম বিজেপিয়ে ইস্তাহাৰ মুকলি কৰে।কালি মঙলবাৰ আছিল; মঙলবাৰে প্ৰকাশ পোৱা এই ইস্তাহাৰখনে অসমলৈ আৰু অধিক মংগল কঢ়িয়াই আনিব।এইখন মঙলবাৰে আহি পোৱা এখন শুভ চিঠি।
লগতে পঢ়ক: ‘ৰাজকুমাৰৰ পৰাজয়ৰ ধাৰাটোৱে শতক অতিক্ৰম কৰিব’; অসমৰ পৰা ৰাহুল গান্ধীক লক্ষ্য প্ৰধানমন্ত্ৰী মোদীৰ









