বিটিআৰ-ৰ ১৫ খন আসনৰ ১৫ আসনতে জয়ী হ'ব এনডিএ-ৰ প্ৰাৰ্থীঃ মুখ্যমন্ত্ৰী

বিটিআৰ-ৰ ১৫ খন আসনৰ ১৫ আসনতে জয়ী হ’ব এনডিএ-ৰ প্ৰাৰ্থীঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে তুংগত উঠিছে অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । শনিবাৰে প্ৰতিকূল বতৰকো নেওচি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিৰাং

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে

তুংগত উঠিছে অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । শনিবাৰে প্ৰতিকূল বতৰকো নেওচি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিৰাং জিলাৰ বিজনী সমষ্টিত এক বিশাল নিৰ্বাচনী জনসভাত ভাষণ প্ৰদান কৰে ।

সভাত বিটিআৰ-ৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ইউপিপিএল বৰ্তমান এনডিএ-ৰ অংশ নহয় । তেওঁ কয় যে এই অঞ্চলত বিজেপি আৰু বিপিএফ-ক লৈয়ে এনডিএ গঠিত হৈছে আৰু বিটিচি-ৰ উন্নয়নৰ স্বাৰ্থত দুয়োটা দলেই ঐক্যবদ্ধ হৈ থকাটো প্ৰয়োজন । তেওঁ লগতে উল্লেখ কৰে যে যিহেতু ইউপিপিএল-এ সুকীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে, সেয়েহে দলটো মিত্ৰজোঁটৰ বাহিৰত আছে । মিত্ৰজোঁটৰ ফলাফলক লৈ দৃঢ় বিশ্বাস প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এনডিএ-ই বিটিচি-ৰ ১৫ খন আসনৰ আটাইকেইখনতে জয়লাভ কৰাটো নিশ্চিত । তেওঁ পুনৰ দোহাৰে যে বিজনী সমষ্টিত বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দে’ৰ জয় নিশ্চিত ।

নেৰানেপেৰা বৰষুণৰ মাজতো এই প্ৰচাৰ অভিযানত ৰাইজৰ বিশাল সমাগম পৰিলক্ষিত হয় । এই জনসভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে । প্ৰতিকূল বতৰৰ মাজতো হাজাৰ হাজাৰ সমৰ্থক এই সভাত সমবেত হয় ।

লগতে পঢ়ক : টেলিফোনযোগে গোলকগঞ্জৰ বিজয় সংকল্প সভাক সম্বোধন মুখ্যমন্ত্ৰীৰ

শেহতীয়া প্ৰৱন্ধসমূহ