‘ইৰাণে হে চুক্তিৰ বাবে হাতযোৰ কৰি আছে,মই নহয়’; ড’নাল্ড ট্ৰাম্পৰ বৃহৎ দাবী

‘ইৰাণে হে চুক্তিৰ বাবে হাতযোৰ কৰি আছে,মই নহয়’; ড’নাল্ড ট্ৰাম্পৰ বৃহৎ দাবী

ইৰাণৰ সৈতে চুক্তি সন্দৰ্ভত ড’নাল্ড ট্ৰাম্পে এক ডাঙৰ দাবী কৰিছে। ট্ৰাম্পে কৈছে যে, ‘ইৰাণে হে চুক্তিৰ বাবে ভিক্ষা কৰি আছে,মই নহয়’ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ নিজৰ স্থিতি ওলোটা কৰি ইৰাণৰ সৈতে শান্তি চুক্তিৰ সম্ভাৱনাক লৈ সন্দেহৰ সৃষ্টি কৰে।ট্ৰাম্পে কয় যে,যুদ্ধত ইৰাণ অসাৰ,কিন্তু কথা-বতৰাত তেওঁলোক

ইৰাণৰ সৈতে চুক্তি সন্দৰ্ভত ড’নাল্ড ট্ৰাম্পে এক ডাঙৰ দাবী কৰিছে। ট্ৰাম্পে কৈছে যে, ‘ইৰাণে হে চুক্তিৰ বাবে ভিক্ষা কৰি আছে,মই নহয়’

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ নিজৰ স্থিতি ওলোটা কৰি ইৰাণৰ সৈতে শান্তি চুক্তিৰ সম্ভাৱনাক লৈ সন্দেহৰ সৃষ্টি কৰে।ট্ৰাম্পে কয় যে,যুদ্ধত ইৰাণ অসাৰ,কিন্তু কথা-বতৰাত তেওঁলোক স্মাৰ্ট।মই নহয়, তেওঁলোকেহে চুক্তি কৰিবৰ বাবে ভিক্ষা কৰি আছে। অৱশ্যে দুটা দিনৰ পূৰ্বেই ট্ৰাম্পে কৈছিল যে আমেৰিকা আৰু ইৰাণ দুয়োখনেই চুক্তি কৰিব বিচাৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰিছে ইৰাণে সমগ্ৰ মধ্যপ্ৰাচ্য দখল কৰিব বিচাৰিছে। তেওঁ তেহৰাণক সকীয়াই দিছিল যে,হয় চুক্তিখনত সন্মত হওক, নহয় আক্ৰমণৰ বাবে সাজু হওক।ট্ৰাম্পে কয় যে,আমি তেওঁলোকৰ প্ৰায় ৯০ শতাংশ লঞ্চাৰ ধ্বংস কৰিছো, আৰু হয়তো তাতোকৈও বেছি ক্ষেপণাস্ত্ৰও ধ্বংস কৰিছো।তেওঁলোকে চুক্তি কৰিবলৈ ভিক্ষা কৰি আছে… মই নহয়।তেওঁলোক মূৰ্খ নহয়, বৰঞ্চ বহুত স্মাৰ্ট হয়। মই নিশ্চিত নহয় যে ইৰাণৰ সৈতে আমি চুক্তিত উপনীত হ’ব পাৰিম নে নাই। আমি তেওঁলোকৰ ড্ৰোন আৰু মিছাইল নিৰ্মাণ কাৰখানা ধ্বংস কৰি আছো আৰু এনেকুৱা আমি কৰি থাকিম।

ট্ৰাম্পে লগতে কয় যে, আমি চাম আমি সঠিক চুক্তি কৰিব পাৰো নে নোৱাৰে।যদি আমি এই চুক্তি কৰিবলৈ সক্ষম হওঁ তেন্তে হৰমুজ প্ৰণালী পুনৰ মুকলি হ’ব।মই সম্পূৰ্ণ নিশ্চিত নহয় যে আমি ভাল চুক্তি কৰিব পাৰিম নে নাই।তেওঁলোকৰ হাতত এতিয়া মাইন-ড্ৰপাৰ (মাইন-পাছ কৰা জাহাজ)ও বাচি থকা নাই।

লগতে পঢ়ক: ‘ইয়াৰ পিছত কি হ’ব কোনেও নাজানে’; ইৰাণ যুদ্ধ সন্দৰ্ভত পুটিনৰ বিস্ফোৰক মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ