ভাৰতৰ প্ৰস্তুতিৰ পৰা ৰোহিত-কোহলী ফেক্টৰলৈ… কেতিয়া, ক’ত আৰু কিয় বিশেষ হ’ব এদিনীয়া বিশ্বকাপ ?  

ভাৰতৰ প্ৰস্তুতিৰ পৰা ৰোহিত-কোহলী ফেক্টৰলৈ… কেতিয়া, ক’ত আৰু কিয় বিশেষ হ’ব এদিনীয়া বিশ্বকাপ ?  

ইংলেণ্ড, নিউজীলেণ্ড, আয়াৰলেণ্ড, শ্ৰীলংকাৰ দৰে ব’ৰ্ডে ভাৰতক দ্বিপাক্ষিক শৃংখলাত এদিনীয়াৰ সংখ্যা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে এদিনীয়া ক্ৰিকেটৰ সৰ্ববৃহৎ প্ৰতিযোগিতা আই চি চি এদিনীয়া বিশ্বকাপ ২০২৭ লাহে লাহে চৰ্চালৈ আহিছে । প্ৰাথমিক তথ্য অনুসৰি ২০২৭ চনৰ অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব পাৰে এই প্ৰতিযোগিতা । এইবাৰ দক্ষিণ

ইংলেণ্ড, নিউজীলেণ্ড, আয়াৰলেণ্ড, শ্ৰীলংকাৰ দৰে ব’ৰ্ডে ভাৰতক দ্বিপাক্ষিক শৃংখলাত এদিনীয়াৰ সংখ্যা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে

এদিনীয়া ক্ৰিকেটৰ সৰ্ববৃহৎ প্ৰতিযোগিতা আই চি চি এদিনীয়া বিশ্বকাপ ২০২৭ লাহে লাহে চৰ্চালৈ আহিছে । প্ৰাথমিক তথ্য অনুসৰি ২০২৭ চনৰ অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব পাৰে এই প্ৰতিযোগিতা । এইবাৰ দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু নামিবিয়াই এ প্ৰতিযোগিতাৰ আয়োজন কৰিব । তাৎপৰ্যপূৰ্ণভাৱে এই সংস্কৰণত ১৪টা দলে অংশগ্ৰহণ কৰিব আৰু মুঠ ৫৪খন মেচ অনুষ্ঠিত হ’ব । এই বিশ্বকাপ টিম ইণ্ডিয়াৰ বাবে বহু বিশেষ হ’ব ।

উল্লেখ্য যে, আগন্তুক এদিনীয়া বিশ্বকাপৰ পূর্বে ভাৰতীয় দলটোক যিমান পাৰি সিমান মেচৰ অনুশীলন প্রদানৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ড আগ্ৰহী ৷ বাতৰি অনুসৰি ইংলেণ্ড, নিউজীলেণ্ড, আয়াৰলেণ্ড, শ্ৰীলংকাৰ দৰে ব’ৰ্ডে ভাৰতক দ্বিপাক্ষিক শৃংখলাত এদিনীয়াৰ সংখ্যা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে । ইয়াৰ দ্বাৰা ভাৰতে যথেষ্ট প্ৰস্তুতি চলোৱাৰ সুযোগ লাভ কৰিব । ইফালে এই এদিনীয়াৰ মূল আকৰ্ষণ হ’ব ৰোহিত শৰ্মা আৰু বিৰাট কোহলী । বৰ্তমান দুয়োগৰাকী প্ৰবীণ খেলুৱৈয়ে কেৱল এদিনীয়া ফৰ্মেটতহে খেলে ।

২০২৬ চনত টিম ইণ্ডিয়াৰ সূচী যথেষ্ট ব্যস্ততাপূৰ্ণ হোৱাৰ কথা । আই পি এলৰ পিছত আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা খেলিব ভাৰতে । তাৰ পাছতে ইংলেণ্ড ভ্ৰমণ কৰিব দলটোৱে য’ত এদিনীয়াৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । আয়াৰলেণ্ড আৰু শ্ৰীলংকাৰ বিৰুদ্ধেও মেচৰ সংখ্যা বৃদ্ধি পাব পাৰে । ভাৰতৰ সৈতে টেষ্ট শৃংখলাত সীমিত অভাৰৰ মেচ সংযোজন কৰিবলৈও চেষ্টা চলাইছে শ্ৰীলংকাৰ ব’ৰ্ডে । ২০২৭ চনৰ পূৰ্বে ভাৰতে ৫০ অভাৰৰ ক্ৰিকেটত ধাৰাবাহিকভাৱে গুৰুত্ব দিব বুলি স্পষ্ট হৈ পৰিছে ।

ইফালে এটা ডাঙৰ পৰিৱৰ্তন হ’ল শুভমন গীল এতিয়া টিম ইণ্ডিয়াৰ এদিনীয়া দলৰ অধিনায়ক । অৰ্থাৎ ভাৰতীয় দলটোৱে নতুন নেতৃত্ব আৰু অভিজ্ঞ খেলুৱৈৰ সংমিশ্ৰণেৰে ২০২৭ চনৰ বিশ্বকাপত প্ৰৱেশ কৰিব পাৰে ।

কোহলী-ৰোহিত ফেক্টৰ-

ৰোহিত শৰ্মা আৰু বিৰাট কোহলী কেৰিয়াৰৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে । দুয়োজনে টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আৰু ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পিছত এই ফৰ্মেটৰ পৰাও অৱসৰ লোৱাৰ সম্ভাৱনা আছে । গতিকে যিকোনো মূল্যৰ বিনিময়ত নিজৰ দেশৰ বাবে ট্ৰফী জয় কৰিবলৈ দুয়োজনেই উত্ৰাৱল হৈ আছে ।

লগতে পঢ়ক : বেংগালুৰু বনাম হায়দৰাবাদৰ মেচেৰে আৰম্ভণি হ’ব আই পি এল ২০২৬