আদিত্য ধৰৰ ‘ধুৰন্ধৰ ২’ ছবিখনে বক্স অফিচত ইতিহাস ৰচনা কৰিছে। ৰণবীৰ সিং অভিনিত ছবিখনে মাত্ৰ চাৰিদিনতে ৪৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে।
আদিত্য ধৰৰ পৰিচালিত ৰণবীৰ সিঙৰ ছবি ধুৰন্ধৰ: দ্য ৰিভেঞ্জ এ বক্স অফিচত বিধ্বংসী ৰূপ ধাৰণ কৰিছে।এই ছবিখনে মাত্ৰ চাৰিদিনতে ৪৫০ কোটি টকাৰ যাদুকৰী পৰিসংখ্যা অতিক্ৰম কৰিছে।
দেওবাৰে এই ছবিখনে অভিলেখ ভংগ কৰি ১১৪.৮৫ কোটি টকা অৰ্জন কৰি মুঠ ৪৫৪.১২ কোটি টকা সংগ্ৰহ কৰিছে। ৰণবীৰ সিঙে অভিনয় কৰা এই ছবিখন ১৯ মাৰ্চত মুক্তি পাইছিল (১৮ মাৰ্চত পেইড প্ৰিভিউৰ সৈতে) আৰু ভাৰতত মাত্ৰ চাৰিদিনতে ছবিখনে ৪৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে।
এই কৃতিত্বৰে ছবিখনে কেইবাখনো ডাঙৰ ডাঙৰ ছবিৰ অভিলেখ ভংগ কৰিছে। ইয়াৰ লগে লগে ‘ধুৰন্ধৰ ২’এ আমিৰ খানৰ ‘ডাংগল’ (৩৮৭ কোটি)ৰ অভিলেখ ভংগ কৰিছে।তদুপৰি বজৰংগী ভাইজান আৰু বাহুবলী আদি ছবিৰ উপাৰ্জনকো (প্ৰায় ৪২১ কোটি ) অতিক্ৰম কৰিছে।
ধূৰন্ধৰঃ দ্য ৰিভেঞ্জৰ ৰচনা, পৰিচালনা আৰু প্ৰযোজক হৈছে আদিত্য ধৰ।ৰণবীৰ সিঙৰ উপৰিও ছবিখনত অৰ্জুন ৰামপাল, সঞ্জয় দত্ত, আৰ মাধৱন, চাৰা অৰ্জুন, ৰাকেশ বেদী, গৌৰৱ গেৰা, দনিশ পাণ্ডোৰ, আৰু মানৱ গোহিলে বিশিষ্ট চৰিত্ৰত অভিনয় কৰিছে।
লগতে পঢ়ক: ‘ধুৰন্ধৰ ২’ বিৰুদ্ধে শিখ সম্প্ৰদায়ৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ









