‘ইয়াৰ পৰা ওলাই যাওক’; ছিডনী মছজিদত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন প্ৰধানমন্ত্ৰী আল্বানীজ

‘ইয়াৰ পৰা ওলাই যাওক’; ছিডনী মছজিদত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন প্ৰধানমন্ত্ৰী  আল্বানীজ

ছিডনীৰ লেকেম্বা মছজিদত ঈদ উদযাপনৰ বাবে স্থিত হোৱা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আল্বানীজক গাজা যুদ্ধৰ ওপৰত তেওঁৰ স্থিতিক লৈ ব্যাপক প্ৰতিবাদৰ সন্মুখিন হ’ব লগা হয়। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আল্বানীজে ছিডনীৰ এটা মছজিদত প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হয়।ঈদৰ নামাজ আৰু উদযাপনত অংশগ্ৰহণ কৰিবলৈ তেওঁলোক লেকেম্বা মছজিদত উপস্থিত হৈছিল,কিন্তু

ছিডনীৰ লেকেম্বা মছজিদত ঈদ উদযাপনৰ বাবে স্থিত হোৱা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আল্বানীজক গাজা যুদ্ধৰ ওপৰত তেওঁৰ স্থিতিক লৈ ব্যাপক প্ৰতিবাদৰ সন্মুখিন হ’ব লগা হয়।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আল্বানীজে ছিডনীৰ এটা মছজিদত প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হয়।ঈদৰ নামাজ আৰু উদযাপনত অংশগ্ৰহণ কৰিবলৈ তেওঁলোক লেকেম্বা মছজিদত উপস্থিত হৈছিল,কিন্তু পৰিৱেশটো হঠাৎ উত্তেজিত হৈ পৰিল।

যেতিয়াই প্ৰধানমন্ত্ৰী এণ্টনি আল্বানীজ আৰু গৃহমন্ত্ৰী টনি বাৰ্কে লেকেম্বা মছজিদত প্ৰৱেশ কৰে,তাত উপস্থিত থকা ৰাইজে শ্লোগান আৰম্ভ কৰে।প্ৰতিবাদকাৰীসকলে তেওঁলোকক  “ইয়াৰ পৰা ওলাই যাওক!” বুলি শ্লোগান দিয়ে।

অষ্ট্ৰেলিয়াৰ অন্যতম বৃহৎ মছজিদ হৈছে লেকেম্বা।ঈদৰ দিনা ইয়াত হাজাৰ হাজাৰ লোক সমবেত হৈছিল।আল্বানীজৰ আগমনৰ মাত্ৰ ১৫ মিনিটৰ পিছতে গাজা যুদ্ধক লৈ জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি হয়।প্ৰতিবাদকাৰীসকলে তেওঁক ‘গণহত্যাৰ সমৰ্থক’ বুলি অভিহিত কৰিছিল।

এই প্ৰতিবাদৰ আঁৰৰ প্ৰধান কাৰণ হৈছে গাজাত চলি থকা যুদ্ধ।অষ্ট্ৰেলিয়াৰ মুছলমান সম্প্ৰদায় লোকসকল এইটো কথাক লৈ ক্ষুব্ধ হৈ পৰিছে যে আল্বান চৰকাৰে ইজৰাইলৰ আত্মৰক্ষাৰ অধিকাৰক সমৰ্থন কৰে।চৰকাৰৰ এই স্থিতিক মানুহে ভণ্ডামি বুলি ভাবে আৰু যাৰ বাবে তেওঁলোকৰ যথেষ্ট খং উঠিছে।

লগতে পঢ়ক : “আমি ইচ্ছা কৰিলে ২ ছেকেণ্ডতে শেষ কৰি দিব পাৰো”; পুনৰ ইৰাণক মুকলি ভাবুকি ট্ৰাম্পৰ

শেহতীয়া প্ৰৱন্ধসমূহ