‘ইয়াৰ পৰা ওলাই যাওক’; ছিডনী মছজিদত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন প্ৰধানমন্ত্ৰী  আল্বানীজ

ছিডনীৰ লেকেম্বা মছজিদত ঈদ উদযাপনৰ বাবে স্থিত হোৱা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আল্বানীজক গাজা যুদ্ধৰ ওপৰত তেওঁৰ স্থিতিক লৈ ব্যাপক প্ৰতিবাদৰ সন্মুখিন হ’ব লগা হয়।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আল্বানীজে ছিডনীৰ এটা মছজিদত প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হয়।ঈদৰ নামাজ আৰু উদযাপনত অংশগ্ৰহণ কৰিবলৈ তেওঁলোক লেকেম্বা মছজিদত উপস্থিত হৈছিল,কিন্তু পৰিৱেশটো হঠাৎ উত্তেজিত হৈ পৰিল।

যেতিয়াই প্ৰধানমন্ত্ৰী এণ্টনি আল্বানীজ আৰু গৃহমন্ত্ৰী টনি বাৰ্কে লেকেম্বা মছজিদত প্ৰৱেশ কৰে,তাত উপস্থিত থকা ৰাইজে শ্লোগান আৰম্ভ কৰে।প্ৰতিবাদকাৰীসকলে তেওঁলোকক  “ইয়াৰ পৰা ওলাই যাওক!” বুলি শ্লোগান দিয়ে।

অষ্ট্ৰেলিয়াৰ অন্যতম বৃহৎ মছজিদ হৈছে লেকেম্বা।ঈদৰ দিনা ইয়াত হাজাৰ হাজাৰ লোক সমবেত হৈছিল।আল্বানীজৰ আগমনৰ মাত্ৰ ১৫ মিনিটৰ পিছতে গাজা যুদ্ধক লৈ জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি হয়।প্ৰতিবাদকাৰীসকলে তেওঁক ‘গণহত্যাৰ সমৰ্থক’ বুলি অভিহিত কৰিছিল।

এই প্ৰতিবাদৰ আঁৰৰ প্ৰধান কাৰণ হৈছে গাজাত চলি থকা যুদ্ধ।অষ্ট্ৰেলিয়াৰ মুছলমান সম্প্ৰদায় লোকসকল এইটো কথাক লৈ ক্ষুব্ধ হৈ পৰিছে যে আল্বান চৰকাৰে ইজৰাইলৰ আত্মৰক্ষাৰ অধিকাৰক সমৰ্থন কৰে।চৰকাৰৰ এই স্থিতিক মানুহে ভণ্ডামি বুলি ভাবে আৰু যাৰ বাবে তেওঁলোকৰ যথেষ্ট খং উঠিছে।

লগতে পঢ়ক : “আমি ইচ্ছা কৰিলে ২ ছেকেণ্ডতে শেষ কৰি দিব পাৰো”; পুনৰ ইৰাণক মুকলি ভাবুকি ট্ৰাম্পৰ

ছিডনীত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ;  ধৰ্মীয় অনুষ্ঠানত নিৰ্বিচাৰ গুলীচালনা

ছিডনীত সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা । এক ধৰ্মীয় অনুষ্ঠানত সন্ত্ৰাসবাদীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাত বহু লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে ।

অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত সংঘটিত হৈছে এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ । এক ধৰ্মীয় অনুষ্ঠানত গুলীচালনাত প্ৰায় ১০ জন লোকৰ মৃত্যু হৈছে । দেওবাৰে সন্ধিয়া নিউ চাউথ ৱেলছ আৰক্ষীয়ে নিশ্চিত কৰে যে ঘটনাত ৯ জন লোক আৰু এজন সন্দেহযুক্ত বন্দুকধাৰী নিহত হৈছে । আহত হৈছে কমেও ৬০জন লোক । প্ৰাৰম্ভিক তথ্য অনুসৰি এই আক্ৰমণৰ লক্ষ্য হৈছে বণ্ডি বিচ্চত অনুষ্ঠিত ইহুদী উৎসৱ হানুক্কা । অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে এই নিৰ্বিচাৰ গুলীচালনাৰ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে । আলবানিছে কয় যে, “বণ্ডিৰ পৰা প্ৰকাশ পোৱা ছবিসমূহ দুখজনক । আৰক্ষী আৰু জৰুৰীকালীন সেৱা ঘটনাস্থলীত আছে আৰু জীৱন ৰক্ষাৰ বাবে কাম কৰি আছে । মোৰ চিন্তা প্ৰভাৱিত সকলোৰে সৈতে আছে ।”

ছিডনীত সংঘটিত হোৱা এই ভয়ংকৰ আক্ৰমণৰ পিছতে তদন্ত অব্যাহত আছে । অষ্ট্ৰেলিয়া আৰক্ষীয়ে জনোৱা মতে, এতিয়ালৈকে এই নৃশংস ঘটনাৰ সৈতে জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

ইহুদীৰ সমাৱেশত গুলীচালনা-

স্থানীয় সংবাদ মাধ্যমত দেখুওৱা ভিডিঅ’ত দেখা গৈছে যে ইহুদীসকলৰ এক ধৰ্মীয় অনুষ্ঠানত এই ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে । সূৰ্যাস্তৰ পৰা আৰম্ভ হোৱা ইহুদী উৎসৱ হানুক্কা উদযাপন কৰা স্থানত এই গুলীচালনা সংঘটিত হয় । হানুক্কা আঠ দিনীয়া উৎসৱ আৰু এই অনুষ্ঠানৰ প্ৰথম দিনাই গুলীচালনাৰ ঘটনা সংঘটিত হয় ।

ছিডনী মৰ্নিং হেৰাল্ডৰ বাতৰি অনুসৰি, ইহুদীসকলৰ বন্ধৰ দিন আৰম্ভ হোৱা উপলক্ষে এই অনুষ্ঠানত শ শ লোকৰ সমাগম হোৱাৰ সময়তে সন্ধিয়া প্ৰায় ৬:৩০ বজাত (অষ্ট্ৰেলিয়াৰ সময় অনুসৰি) আক্ৰমণকাৰীয়ে গুলীচালনা কৰে ।

দুজন লোকক আটক-

দেওবাৰে অষ্ট্ৰেলিয়া আৰক্ষীয়ে জনোৱা মতে, ছিডনীৰ বণ্ডি বিচ্চত ভয়ংকৰ আক্ৰমণৰ খবৰ পোৱাৰ পিছতে দুজন লোকক জিম্মাত লোৱা হৈছে । নিউ চাউথ ৱেলছ আৰক্ষীৰ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত এটা পোষ্টত আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰাৰ লগতে তেওঁলোকে মানুহক অঞ্চলটোৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ।

প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আক্ৰমণক লৈ শোক প্ৰকাশ কৰে । তেওঁ নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত পোষ্ট কৰি কয় যে আজি অষ্ট্ৰেলিয়াৰ বণ্ডি বিচ্চত ইহুদী উৎসৱ হানুক্কাৰ প্ৰথম দিন উদযাপন কৰা লোকসকলক লক্ষ্য কৰি ঘটোৱা এই জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক মই তীব্ৰ গৰিহণা দিছো । “ভাৰতবাসীৰ হৈ এই কাণ্ডত আপোনজনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ আৰু আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো । আমি এই শোকৰ সময়ত অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিছো ।”

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় স্তৰত অপমানিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ…

‘মই এজন খেলুৱৈৰ ভৱিষ্যত…’, ৰোহিত-কোহলীৰ অৱসৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ অন্তিমখন খেল ছিডনীত অনুষ্ঠিত হৈছিল। এই খেলখনত ভাৰতীয় দলটোৱে ৬ উইকেটত পৰাজয়ৰ সন্মুখীন হ’ব লগা হৈছিল।

খেলখনত ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে ১৬২ ৰাণৰ লক্ষ্য প্ৰদান কৰিছিল। এই পৰাজয়ৰ বাবে, ভাৰতীয় দলটোৱে ১০ বছৰৰ পিছত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী (বিজিটি)ও হেৰুৱায়। লগতে, ডব্লিউটিচিৰ ফাইনেলত উপনীত হোৱাৰ তেওঁলোকৰ সপোন ভাঙি পৰিছিল।

ছিডনী টেষ্ট সমাপ্ত হোৱাৰ পিছত, টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে সংবাদমেলত অংশগ্ৰহণ কৰে।এই সময়ছোৱাত, গৌতম গম্ভীৰে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ বিষয়েও উল্লেখ কৰিছে।

যেতিয়া গম্ভীৰক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱসৰৰ বিষয়ে সোধা হৈছিল, তেওঁ কৈছিল যে তেওঁ কোনো খেলুৱৈৰ ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰে। গম্ভীৰে ভাৰতীয় খেলুৱৈসকলক বিশেষ পৰামৰ্শ দিছিল।

তেওঁ কয় যে “মই কোনো খেলুৱৈৰ ভৱিষ্যত সম্পৰ্কে মন্তব্য কৰিব নোৱাৰো, ই তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁলোকৰ ভোক আৰু প্ৰতিশ্ৰুতি আছে।

আশা কৰোঁ, তেওঁলোকে ভাৰতীয় ক্ৰিকেটক আগুৱাই নিয়াৰ বাবে যিমান পাৰে সকলো কৰিব।মই সদায় বিচাৰিম যে সকলোৱে ঘৰুৱা ক্ৰিকেট খেলিব, যদি সেইবোৰ উপলব্ধ হয়।যদি আপুনি টেষ্ট মেচৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, ঘৰুৱা ক্ৰিকেট খেলিব।

গৌতম গম্ভীৰে কৈছিল, ‘পৰিৱৰ্তনৰ বিষয়ে কোৱাটো এতিয়া খৰখেদা হ’ব, আমি ৫ মাহৰ পিছত ক’ত থাকিম নাজানো। ড্ৰেছিং ৰুমটো সুখী ৰাখিবলৈ মই সকলোৰে প্ৰতি সৎ আৰু ন্যায্য হ’ব লাগিব।ভাৰতীয় দলটোৱে এতিয়া জুন-জুলাইত ইংলেণ্ডত পৰৱৰ্তী টেষ্ট শৃংখলা খেলিব লাগিব।         

ভাৰতীয় বলাৰৰ তাণ্ডৱ; ১৮১ ৰাণত অল আউট অষ্ট্ৰেলিয়া

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অন্তিম খন টেষ্ট ৩ জানুৱাৰীত ছিডনীত আৰম্ভ হৈছে। আজি খেলখনৰ দ্বিতীয় দিন। এই খেলখনত, ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ১৮৫ ৰাণ সংগ্ৰহ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছও ১৮১ ৰাণলৈ হ্ৰাস পাইছিল। ভাৰতে প্ৰথম ইনিংছৰ ভিত্তিত মাত্ৰ ৪ ৰাণৰ সামান্য অগ্ৰগতি লাভ কৰিছে। এতিয়া ভাৰতীয় দলটোৱে তেওঁলোকৰ দ্বিতীয় ইনিংছত বেটিং কৰিব। 

ভাৰতে পাৰ্থত প্ৰথম টেষ্টখন ২৯৫ ৰাণত জিকিছিল। অষ্ট্ৰেলিয়াই এডিলেড টেষ্টত ১০ উইকেটত জয়লাভ কৰিছিল।ইয়াৰ পিছত, ব্ৰিছবেন টেষ্ট খন ড্ৰ হৈছিল।মেলবৰ্ণত, অষ্ট্ৰেলিয়া ১৮৪ ৰাণত বিজয়ী হৈছিল।