৯৯.৯৩% ভোট লাভ কৰি সংসদীয় নিৰ্বাচনত জয়লাভ কিম জং উনৰ

৯৯.৯৩% ভোট লাভ কৰি সংসদীয় নিৰ্বাচনত জয়লাভ কিম জং উনৰ

এই নিৰ্বাচনত উত্তৰ কোৰিয়াৰ জনসাধাৰণে পুনৰবাৰ নিশ্চিত কৰিছে কিম জং উনৰ জয় উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জং উনে ৯৯.৯৩% ভোট লাভ কৰি সংসদীয় নিৰ্বাচনত জয়লাভ কৰিছে । শেহতীয়াকৈ দেশখনত উচ্চতম সদনৰ বাবে ভোটদান অনুষ্ঠিত হৈছিল, য’ত কিম জং উনে নিজেই কয়লা খনিত গৈ ভোটদান

এই নিৰ্বাচনত উত্তৰ কোৰিয়াৰ জনসাধাৰণে পুনৰবাৰ নিশ্চিত কৰিছে কিম জং উনৰ জয়

উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জং উনে ৯৯.৯৩% ভোট লাভ কৰি সংসদীয় নিৰ্বাচনত জয়লাভ কৰিছে । শেহতীয়াকৈ দেশখনত উচ্চতম সদনৰ বাবে ভোটদান অনুষ্ঠিত হৈছিল, য’ত কিম জং উনে নিজেই কয়লা খনিত গৈ ভোটদান কৰিছিল । গণতান্ত্ৰিক দেশৰ দৰে দক্ষিণ কোৰিয়াত নিৰ্বাচনৰ উদ্দেশ্য চৰকাৰ সলনি কৰা নহয়, কিম জং উনৰ ক্ষমতাত বাহাল ৰখাহে । এই নিৰ্বাচনত উত্তৰ কোৰিয়াৰ জনসাধাৰণে পুনৰবাৰ নিশ্চিত কৰিছে কিম জং উনৰ জয় ।

উত্তৰ কোৰিয়াত ভোটদান কেৱল এটা অধিকাৰ নহয়, বৰঞ্চ প্ৰতিজন নাগৰিকে পালন কৰিবলগীয়া এক দায়িত্ব । ১৫ মাৰ্চত উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ সদনৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল । দেশখনৰ সৰ্বোচ্চ নেতা কিম জং উনে নিজেই ভোটদান কৰে । উত্তৰ কোৰিয়াৰ সংবাদ মাধ্যমে কিমৰ ভোটদানৰ ভিডিঅ’ পোষ্ট কৰে । ইয়াত কিম জং উনে কয়লা খনিত গৈ ভোটদান কৰা দেখা গৈছে । উত্তৰ কোৰিয়াৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এই নিৰ্বাচনত প্ৰায় ৯৯.১ শতাংশ জনসাধাৰণে ভোটদান কৰে । এই নিৰ্বাচন পাঁচ বছৰৰ বাবে অনুষ্ঠিত হয় ।

উত্তৰ কোৰিয়াত উচ্চ সদনে চৰকাৰৰ সকলো ক্ষেত্ৰতে আইন প্ৰণয়ন কৰে আৰু নীতি পৰিচালনা কৰে । কিম জং উন এই সদনৰ নেতা । এই সদনত বিৰোধীৰ কোনো ভূমিকা নাই । ৰাষ্ট্ৰীয় স্বাৰ্থৰ সকলো সিদ্ধান্ত কেৱল কিম জং উনেহে লয় । এক প্ৰকাৰে কিমক একনায়কত্ববাদী বুলি গণ্য কৰা হয় আৰু তেওঁক কোনেও অগ্ৰাহ্য কৰিব নোৱাৰে । কিমৰ নিৰ্দেশ চূড়ান্ত । শেহতীয়া নিৰ্বাচনো আছিল মাথোঁ আনুষ্ঠানিকতা । এই বাবেই কিম জং উনে কোনো বিৰোধিতা নোহোৱাকৈয়ে নিৰ্বাচনত জয়লাভ কৰে । কিম জং উন এজন অতি নিৰ্দয় শাসক বুলি বিশ্বাস কৰা হয় ।

লগতে পঢ়ক : চিকিৎসালয়ত আক্ৰমণ কাপুৰুষোচিত কাৰ্যঃ পাকিস্তানক কঠোৰ নিন্দা ভাৰতৰ