৯৯.৯৩% ভোট লাভ কৰি সংসদীয় নিৰ্বাচনত জয়লাভ কিম জং উনৰ
এই নিৰ্বাচনত উত্তৰ কোৰিয়াৰ জনসাধাৰণে পুনৰবাৰ নিশ্চিত কৰিছে কিম জং উনৰ জয়
উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জং উনে ৯৯.৯৩% ভোট লাভ কৰি সংসদীয় নিৰ্বাচনত জয়লাভ কৰিছে । শেহতীয়াকৈ দেশখনত উচ্চতম সদনৰ বাবে ভোটদান অনুষ্ঠিত হৈছিল, য’ত কিম জং উনে নিজেই কয়লা খনিত গৈ ভোটদান কৰিছিল । গণতান্ত্ৰিক দেশৰ দৰে দক্ষিণ কোৰিয়াত নিৰ্বাচনৰ উদ্দেশ্য চৰকাৰ সলনি কৰা নহয়, কিম জং উনৰ ক্ষমতাত বাহাল ৰখাহে । এই নিৰ্বাচনত উত্তৰ কোৰিয়াৰ জনসাধাৰণে পুনৰবাৰ নিশ্চিত কৰিছে কিম জং উনৰ জয় ।
উত্তৰ কোৰিয়াত ভোটদান কেৱল এটা অধিকাৰ নহয়, বৰঞ্চ প্ৰতিজন নাগৰিকে পালন কৰিবলগীয়া এক দায়িত্ব । ১৫ মাৰ্চত উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ সদনৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল । দেশখনৰ সৰ্বোচ্চ নেতা কিম জং উনে নিজেই ভোটদান কৰে । উত্তৰ কোৰিয়াৰ সংবাদ মাধ্যমে কিমৰ ভোটদানৰ ভিডিঅ’ পোষ্ট কৰে । ইয়াত কিম জং উনে কয়লা খনিত গৈ ভোটদান কৰা দেখা গৈছে । উত্তৰ কোৰিয়াৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এই নিৰ্বাচনত প্ৰায় ৯৯.১ শতাংশ জনসাধাৰণে ভোটদান কৰে । এই নিৰ্বাচন পাঁচ বছৰৰ বাবে অনুষ্ঠিত হয় ।
উত্তৰ কোৰিয়াত উচ্চ সদনে চৰকাৰৰ সকলো ক্ষেত্ৰতে আইন প্ৰণয়ন কৰে আৰু নীতি পৰিচালনা কৰে । কিম জং উন এই সদনৰ নেতা । এই সদনত বিৰোধীৰ কোনো ভূমিকা নাই । ৰাষ্ট্ৰীয় স্বাৰ্থৰ সকলো সিদ্ধান্ত কেৱল কিম জং উনেহে লয় । এক প্ৰকাৰে কিমক একনায়কত্ববাদী বুলি গণ্য কৰা হয় আৰু তেওঁক কোনেও অগ্ৰাহ্য কৰিব নোৱাৰে । কিমৰ নিৰ্দেশ চূড়ান্ত । শেহতীয়া নিৰ্বাচনো আছিল মাথোঁ আনুষ্ঠানিকতা । এই বাবেই কিম জং উনে কোনো বিৰোধিতা নোহোৱাকৈয়ে নিৰ্বাচনত জয়লাভ কৰে । কিম জং উন এজন অতি নিৰ্দয় শাসক বুলি বিশ্বাস কৰা হয় ।
লগতে পঢ়ক : চিকিৎসালয়ত আক্ৰমণ কাপুৰুষোচিত কাৰ্যঃ পাকিস্তানক কঠোৰ নিন্দা ভাৰতৰ