‘২০৩০ চনৰ ভিতৰত কংগ্ৰেছত হিন্দু শূণ্য হৈ পৰিব’; কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

‘২০৩০ চনৰ ভিতৰত কংগ্ৰেছত হিন্দু শূণ্য হৈ পৰিব’; মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক লৈ ভৱিষ্যদ্বাণী কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে,কোনো স্বাভিমানী হিন্দু নেতাৰ বাবে এতিয়া কংগ্ৰেছত স্থান নাই। কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। গৌৰৱ গগৈক লক্ষ্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱিষ্যদ্বাণী কৰিছে যে, ২০৩০ চনলৈ কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকিব।কংগ্ৰেছ

ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক লৈ ভৱিষ্যদ্বাণী কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে,কোনো স্বাভিমানী হিন্দু নেতাৰ বাবে এতিয়া কংগ্ৰেছত স্থান নাই।

কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। গৌৰৱ গগৈক লক্ষ্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱিষ্যদ্বাণী কৰিছে যে, ২০৩০ চনলৈ কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকিব।কংগ্ৰেছ এতিয়া মুছলমান সৰ্বস্ব দললৈ পৰিণত হৈছে।কোনো স্বাভিমানী হিন্দু নেতাৰ বাবে এতিয়া কংগ্ৰেছত স্থান নাই।২০৩০ চনৰ ভিতৰত খালী হ’ব কংগ্ৰেছৰ হিন্দু নেতৃত্ব।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছত এতিয়া হিন্দু থকাৰ পৰিৱেশ নাই। কংগ্ৰেছৰ পৰিৱেশ এতিয়া খুব বেয়া।গৌৰৱ গগৈৰ সৈতে কোনো হিন্দু নেতাই কাম কৰিব নোৱাৰে। গৌৰৱ গগৈৰ চিন্তাধাৰা বেলেগ।কংগ্ৰেছত নতুন সভাপতি হোৱাৰ পৰা দলত বিসম্বাদ হৈছে। সেই কাৰণ ইজনৰ পিছত সিজন নেতাই কংগ্ৰেছ এৰিছে। ৰাইজৰ লগত কংগ্ৰেছৰ সভাপতিৰ কোনো সম্পৰ্ক নাই।গৌৰৱ গগৈৰ বিৰুদ্ধে সকলো নেতা অসন্তুষ্ট হৈছে।

প্ৰদ্যুৎ বৰদলৈৰ বিজেপিত যোগদানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, প্ৰদ্যুৎ বৰদলৈয়ে ২০২৯ ৰ ভিতৰত বিজেপিত যোগদান কৰি।এতিয়া তেওঁ বিজেপিলৈ আহিলে সাংসদৰ আসনখন এৰিব লাগিব। সেয়ে মই তেওঁৰ যোগদান ২০২৯ লৈ ৰাখিছো।  

লগতে পঢ়ক: ‘প্ৰদ্যুৎ বৰদলৈ বেছিদিন কংগ্ৰেছত থাকিব নোৱাৰে’; মুখ্যমন্ত্ৰী