মোবাইল ডাটাৰ ওপৰত নতুন কৰ!প্ৰতি জিবি ডাটাৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন!

মোবাইল ডাটাৰ ওপৰত নতুন কৰ!প্ৰতি জিবি ডাটাৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন!

মোবাইল ডাটা ব্যৱহাৰৰ ওপৰত নতুন কৰ আৰোপ কৰাৰ বিকল্প বিচাৰিছে চৰকাৰে ভাৰতত মোবাইল ইণ্টাৰনেট ব্যৱহাৰ ভৱিষ্যতে অধিক ব্যয়বহুল হ’ব পাৰে । মোবাইল ডাটা ব্যৱহাৰৰ ওপৰত নতুন কৰ আৰোপ কৰাৰ বিকল্প বিচাৰিছে চৰকাৰে । খবৰ অনুসৰি দূৰসংযোগ বিভাগক বিষয়টো অধ্যয়ন কৰি ডাটা ব্যৱহাৰৰ ওপৰত কৰ আৰোপ

মোবাইল ডাটা ব্যৱহাৰৰ ওপৰত নতুন কৰ আৰোপ কৰাৰ বিকল্প বিচাৰিছে চৰকাৰে

ভাৰতত মোবাইল ইণ্টাৰনেট ব্যৱহাৰ ভৱিষ্যতে অধিক ব্যয়বহুল হ’ব পাৰে । মোবাইল ডাটা ব্যৱহাৰৰ ওপৰত নতুন কৰ আৰোপ কৰাৰ বিকল্প বিচাৰিছে চৰকাৰে ।

খবৰ অনুসৰি দূৰসংযোগ বিভাগক বিষয়টো অধ্যয়ন কৰি ডাটা ব্যৱহাৰৰ ওপৰত কৰ আৰোপ কৰাটো সম্ভৱ নে নহয় সেই কথা ক’বলৈ কোৱা হৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শেহতীয়াকৈ টেলিকম খণ্ডৰ পৰ্যালোচনা বৈঠকৰ সময়ত এই বিষয়টো উত্থাপন হৈছিল । ইয়াৰ পিছত দূৰসংযোগ বিভাগক মোবাইল ডাটা ব্যৱহাৰৰ ওপৰত কৰ আৰোপ কৰিব পৰা যাব নে নাই আৰু যদি আৰোপ কৰিব পৰা যায় তেন্তে ইয়াৰ মডেলটো কি হ’ব তাক অধ্যয়ন কৰিবলৈ কোৱা হৈছিল ।

খবৰ অনুসৰি চৰকাৰে বিবেচনা কৰা এটা বিকল্প হ’ব পাৰে প্ৰতি জিবি ডাটাত ১ টকা কৰ । যদি এনে হয়, তেন্তে প্ৰতিবাৰ ব্যৱহাৰকাৰীয়ে মোবাইল ডাটা ব্যৱহাৰ কৰাৰ সময়ত এই অতিৰিক্ত চাৰ্জ আৰোপ কৰা হ’ব পাৰে । অৱশ্যে এয়া কেৱল এটা প্ৰস্তাৱ আৰু এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই ।

বৰ্তমান চৰকাৰে বিভাগক এই প্ৰস্তাৱৰ ওপৰত এক সম্যক অধ্যয়ন কৰিবলৈ আৰু ইয়াৰ লাভ-লোকচানৰ বিষয়ে প্ৰতিবেদন প্ৰস্তুক কৰিবলৈ কৈছে । প্ৰতিবেদন সম্পূৰ্ণ হোৱাৰ পিছতহে ভাৰতত মোবাইল ডাটা ব্যৱহাৰৰ ওপৰত নতুন কৰ আৰোপ কৰিব নে নকৰে সেই সিদ্ধান্ত চৰকাৰে ল’ব ।

লগতে পঢ়ক : ‘ক’ভিডৰ দৰে এই সংকটো আমি অতিক্ৰম কৰিম’; মধ্য প্ৰাচ্যৰ উত্তেজনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য