ইৰাণৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি পোৱাৰ চাৰি দিনৰ পাছতো কোনো সন্ধান পোৱা নাই মুজতাবা খেমেইনীৰ। মাত্ৰ তেওঁৰ হৈ এটা লিখিত বাৰ্তা জাৰি কৰা হৈছে, যিটো ইৰাণৰ চৰকাৰী টেলিভিছনত পঢ়া হৈছে। মুজতাবা খেমেইনীৰ সন্দৰ্ভত ড’নাল্ড ট্ৰাম্পে এক ডাঙৰ মন্তব্য কৰিছে।
দিনক দিনে বৃদ্ধি পাইছে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ সংঘাতে সমগ্ৰ মধ্যপ্ৰাচ্যকে উত্তেজনা বৃদ্ধি ।আমেৰিকা-ইজৰাইলৰ বিমান আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে উপসাগৰীয় ৰাষ্ট্ৰ ইউ এ ই, বাহৰেইন, কুৱেইট, কাটাৰ, চৌদি আৰৱৰ ওপৰত আক্ৰমণ চলাইছে।
যুদ্ধৰ মাজতে ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মুজতাবা খেমেইনীক লৈ বিভিন্ন দাবী উত্থাপন হৈছে। ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে- ইৰাণৰ নৱনিযুক্ত সৰ্বোচ্চ নেতা মুজতাবা খেমেইনীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ৰাজহুৱা স্থানত হাজিৰ হোৱা নাই।তথাপিও তেওঁ কোনোবা নহয় কোনোবা ৰূপত জীয়াই আছে।
ট্ৰাম্পে দাবী কৰিছে যে, ২৮ ফেব্ৰুৱাৰীত তেহৰাণত সংঘটিত আক্ৰমণৰ সময়ত আহত হৈছিল মুজতাবা খেমেইনী। ফক্স নিউজ ৰেডিঅ’ত ‘দ্য ব্রায়ান কিলমিড শ্ব’’ত ভাষণ দি ট্রাম্পে কয়, মই ভাবো যে হয়তো তেওঁ (মুজতাবা খেমেইনী) জীয়াই আছে।মই ভাবো তেওঁ আঘাত পাইছে, হয়তো কোনোবা নহয় কোনোবা ৰূপত জীয়াই আছে।
এই সাক্ষাৎকাৰটো বৃহস্পতিবাৰে ৰেকৰ্ডিং কৰা হৈছিল আৰু শুকুৰবাৰে পুৱা সম্প্ৰচাৰ কৰা হৈছিল। মুজতাবা খেমেইনী কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে দিয়া বক্তব্যৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই মন্তব্য দিছে।
লগতে পঢ়ক: ‘পিতৃৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ’ব’; দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰলৈ দেশবাসীক সম্বোধন মুজতাবা খেমেইনীৰ









