‘মনালিছাক ফচোৱা হ’ল...’; ফৰমান খানৰ সৈতে বিবাহক লৈ ক্ষুব্ধ মনালিছাৰ পিতৃ

ফৰমান খানৰ সৈতে বিবাহক লৈ মনালিছাৰ পিতৃয়ে ঘটালে বিস্ফোৰণ

মনালিছা আৰু ফৰমান খানৰ বিবাহক লৈ প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মনালিছাৰ পিতৃয়ে। তেওঁ কয় যে, এই বিয়াখন হোৱাটো ভাল হোৱা নাই তেওঁৰ লগত প্ৰতাৰণা কৰা হৈছে। ফৰমান খানৰ সৈতে বিবাহক লৈ ক্ষুব্ধ হৈছে মনালিছাৰ পিতৃ। ইউ পিৰ বাঘপাটৰ বাসিন্দা ফৰমান খানৰ সৈতে বিবাহপাশত আবদ্ধ হয়

মনালিছা আৰু ফৰমান খানৰ বিবাহক লৈ প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মনালিছাৰ পিতৃয়ে। তেওঁ কয় যে, এই বিয়াখন হোৱাটো ভাল হোৱা নাই তেওঁৰ লগত প্ৰতাৰণা কৰা হৈছে।

ফৰমান খানৰ সৈতে বিবাহক লৈ ক্ষুব্ধ হৈছে মনালিছাৰ পিতৃ। ইউ পিৰ বাঘপাটৰ বাসিন্দা ফৰমান খানৰ সৈতে বিবাহপাশত আবদ্ধ হয় কুম্ভমেলা খ্যাত মনালিছা ভোন্সেলে।ফৰমান মুছলমান, আৰু মনালিছা হিন্দু।

ইণ্টাৰনেটত এই দম্পতীহালৰ আন্তঃধৰ্মীয় বিবাহ চৰ্চাৰ বিষয় হৈয়েই আছে। বহুতে এই বিবাহক ‘লাভ জেহাদ’ বুলি নাম দিছে। কিন্তু মনালিছা আৰু ফৰমানে কৈছে যে এয়া লাভ জেহাদ নহয়। পৰিয়ালৰ বিপক্ষে গৈ মনালিছাই ফৰমানৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে।বিয়াখনক লৈ এতিয়া মনালিছাৰ পিতৃয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

মনালিছাৰ পিতৃয়ে কয় যে, তেওঁ আৰু মনালিছা অভিনয়ৰ কিছু কামৰ বাবে কেৰালালৈ গৈছিল।তাত কাম শেষ কৰি তেওঁলোক উভতি আহিব লৈছিল। তেওঁ আৰু মনালিছাৰ টিকটো বুক হৈ গৈছিল। কিন্তু শেষ মূহুৰ্তত মনালিছাই তেওঁৰ লগত ঘৰলৈ যাবলৈ অস্বীকাৰ কৰে। তেওঁ কয় যে, মনালিছা আৰু মোলৈ এটা ফোন আহিছিল,আমি কেৰালা লৈ গৈছিলো। তেওঁলোকে কৈছিল যে, অভিনয় শিকাব আৰু গীত এটিও কৰিব। এক মাহ ধৰি ফোন কৰি আছিল।ময়ো ভাবিলো পৰিস্থিতি কেনেকোৱা চাই অহাটো ভাল হ’ব।তেওঁলোকে অভিনয় আৰু নৃত্য বহুত কম খৰচতে শিকাই আছিল। সেয়ে দুদিনৰ কাৰণে কেৰালালৈ গ’লো।

তেওঁ কয় যে, “আমি ৪, ৫ দিন ধৰি তাত আছিলো। কিন্তু মোৰ মা অসুস্থ হোৱাৰ বাবে ঘৰলৈ আহিব লগা হয়। কিন্তু বিমানবন্দৰলৈ গৈ থকাৰ সময়তে আমাক আৰক্ষীয়ে ৰখাই আৰু মনালিছাক লৈ যায়। মই আৰক্ষীক প্ৰশ্ন কৰাত তেওঁলোকে কয় যে, আপুনি মনালিছাৰ ইচ্চাৰ বিৰুদ্ধো গৈ বিয়া দিব বিচাৰিছে। মই বহু দেৰিলৈকে তৰ্ক কৰিলো। কিন্তু মোক মনালিছাৰ সৈতে যাবলৈ নিদিলে। মনালিছাক হয়টো কালা যাদু কৰিলে, সেয়ে তাই মোক এৰি তেনেকৈ গুচি গ’ল”।

তেওঁ আৰু কয়, “বিয়াৰ কথাটো গম পোৱাৰ পিছত মোৰ বহুত দুখ লাগিছে। মই মনালিছাৰ কাৰণে বহুত কষ্ট কৰিছিলো। মুছলিম যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাটো ভাল কথা হোৱা নাই। তাত কৈ মৰি যোৱাই ভাল আছিল। মনালিছাৰ দৰে জীয়ৰী থাকি কি লাভ?”     

লগতে পঢ়ক: ‘লাভ জিহাদ নহয়, আমি ধৰ্ম সলনি কৰা নাই’; বিবাহ বিতৰ্কৰ সন্দৰ্ভত মনালিছা-ফৰমানে দিলে প্ৰমাণ

শেহতীয়া প্ৰৱন্ধসমূহ