সোণাপুৰত অসমৰ প্ৰথমখন বিজ্ঞান নগৰী উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

সোণাপুৰত অসমৰ প্ৰথমখন বিজ্ঞান নগৰী উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মঙলবাৰে গুৱাহাটীৰ সোণাপুৰত ৰাজ্যৰ প্ৰথমখন বিজ্ঞান নগৰী উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে গুৱাহাটীৰ সোণাপুৰত ৰাজ্যৰ প্ৰথমখন বিজ্ঞান নগৰী (Science City) উদ্বোধন কৰে । এই প্ৰকল্পই যুৱপ্ৰজন্মৰ মাজত বৈজ্ঞানিক চিন্তা-চৰ্চা উৎসাহিত কৰিব বুলি তেওঁ মন্তব্য কৰে । ৮২ একৰ

মঙলবাৰে গুৱাহাটীৰ সোণাপুৰত ৰাজ্যৰ প্ৰথমখন বিজ্ঞান নগৰী উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে গুৱাহাটীৰ সোণাপুৰত ৰাজ্যৰ প্ৰথমখন বিজ্ঞান নগৰী (Science City) উদ্বোধন কৰে । এই প্ৰকল্পই যুৱপ্ৰজন্মৰ মাজত বৈজ্ঞানিক চিন্তা-চৰ্চা উৎসাহিত কৰিব বুলি তেওঁ মন্তব্য কৰে ।

৮২ একৰ মাটিকালি সামৰি লোৱা এই প্ৰকল্পটো ৩০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াক ৰাজ্যখনত বিজ্ঞান শিক্ষা তথা উদ্ভাৱনক প্ৰসাৰিত কৰাৰ উদ্দেশ্যেৰে ডিজাইন কৰা হৈছে ।

প্ৰকল্পটোৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই কেন্দ্ৰটোত ‘ইউৰেকা’ আৰু ‘স্পেচ অডিচী’ৰ দৰে প্ৰধান আকৰ্ষণসমূহ আছে । তেওঁ লগতে কয় যে এই কেন্দ্ৰটো কলকাতাৰ বিখ্যাত চাইন্স চিটিতকৈও ডাঙৰ ।

ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অসমে নিজাকৈ এখন বিজ্ঞান নগৰী পালে আৰু এয়া দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ নগৰী । গুৱাহাটীৰ সমীপত নিৰ্মিত এই প্ৰকল্পটোত কেইবাটাও অনন্য বৈশিষ্ট্য আছে আৰু ই যুৱপ্ৰজন্মক বৈজ্ঞানিক চিন্তাৰ প্ৰতি অনুপ্ৰাণিত কৰিব ।”

মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে আগন্তুক মাহবোৰত এই চৌহদটোক অধিক উন্নত কৰিবলৈ ‘বিজ্ঞান উদ্ভাৱন’ আৰু এখন ‘বিজ্ঞান উদ্যান’ৰ দৰে অতিৰিক্ত সুবিধাসমূহ বিকশিত কৰা হ’ব ।

একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমিনগাওঁ, মাজুলী, শিলচৰ, কলিয়াবৰ আৰু বঙাইগাঁৱত অৱস্থিত পাঁচটা জিলা বিজ্ঞান কেন্দ্ৰও ভাৰ্চুৱেলী উদ্বোধন কৰে । এই কেন্দ্ৰসমূহ বিজ্ঞান গেলেৰী, ডিজিটেল তাৰকাগৃহ আৰু প্ৰেক্ষাগৃহৰে সুসজ্জিত, যাৰ লক্ষ্য হৈছে শিক্ষাৰ্থী আৰু জনসাধাৰণৰ বাবে বিজ্ঞানক অধিক সুলভ কৰি তোলা ।

লগতে পঢ়ক : জুবিন ক্ষেত্ৰক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ