অপেক্ষাৰ অন্ত... একাউন্টত দুহেজাৰ টকা পাবলৈ শীঘ্ৰেই কৰক এই কাম

অপেক্ষাৰ অন্ত… একাউন্টত দুই হাজাৰ টকা পাবলৈ শীঘ্ৰেই কৰক এই কাম

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত সমগ্ৰ দেশৰ কোটি কোটি কৃষকক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই পৰ্যন্ত প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ২১টা কিস্তি মুকলি কৰা হৈছে। একাউন্টত দুই হাজাৰ টকা পাবলৈ শীঘ্ৰেই কৰক এই কাম। সমগ্ৰ দেশৰ লাখ লাখ কৃষকে পিএম কিষাণৰ ২২ সংখ্যক কিস্তিৰ

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত সমগ্ৰ দেশৰ কোটি কোটি কৃষকক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই পৰ্যন্ত প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ২১টা কিস্তি মুকলি কৰা হৈছে। একাউন্টত দুই হাজাৰ টকা পাবলৈ শীঘ্ৰেই কৰক এই কাম।

সমগ্ৰ দেশৰ লাখ লাখ কৃষকে পিএম কিষাণৰ ২২ সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি আছে । প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ অধীনত দুই হাজাৰ টকা লাভ কৰে কৃষকে । হোলীৰ পূৰ্বে ২২ সংখ্যক কিস্তি লাভৰ আশা আছিল যদিও সেয়া হৈ নুঠিল । অৱশেষত এতিয়া অপেক্ষাৰ অন্ত পেলাই দেশৰ লাখ লাখ কৃষকৰ বাবে আহি গ’ল ভাল খবৰ ।

১৩ মাৰ্চত দেশৰ লক্ষ লক্ষ কৃষকে লাভ কৰিব পিএম কিষাণৰ ২২ সংখ্যক কিস্তিৰ ধন । সোমবাৰে চৰকাৰে এই কথা নিশ্চিত কৰিছে । ইতিমধ্যে পিএম কিষাণৰ এক্স(টুইটাৰ) হেণ্ডেলত এই তথ্য প্ৰকাশ কৰা হৈছে । এই দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰিব । অসম ভ্ৰমণৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষকলৈ পিএম কিষাণৰ ধন মুকলি কৰিব । উল্লেখ্য পিএম-কিষাণৰ প্ৰথম কিস্তি কৃষকসকলে সাধাৰণতে প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত একাউন্টত লাভ কৰে ।

ধন লাভৰ পৰা বঞ্চিত নহ’বলৈ আজিয়েই কৰি লওক এই কাম-

-ধন লাভ কৰাত পলম নহ’বলৈ কৃষকসকলে তেওঁলোকে পৰ্টেলত প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে নে নাই সেয়া নিশ্চিত কৰিব লাগে ।

-ইয়াৰ ভিতৰত ই-কেৱাইচি পৰীক্ষণ সম্পূৰ্ণ কৰা, ভূমিৰ অভিলেখৰ সবিশেষ পৰীক্ষা কৰা আৰু পিএম-কিষাণৰ ৱেবছাইটত যোগ্যতা পৰীক্ষা কৰা আদি অন্তৰ্ভুক্ত আছে ।

-কৃষকসকলে পৰ্টেলত কিষাণ ই-মিত্ৰ চেটবট ব্যৱহাৰ কৰিও তেওঁলোকৰ পঞ্জীয়ন আৰু পেমেণ্টৰ অৱস্থাৰ তথ্য দ্ৰুতভাৱে লাভ কৰিব পাৰে ।

পৰৱৰ্তী কিস্তি কোনে লাভ নকৰে ?

প্ৰতিজন পঞ্জীয়নভুক্ত কৃষকে স্বয়ংক্ৰিয়ভাৱে কিস্তি লাভ নকৰে । যোগ্যতাৰ মাপকাঠী পূৰণ নহ’লে পেমেণ্ট বন্ধ হৈ পৰিব পাৰে । কৃষকসকলে ২২ সংখ্যক কিস্তি লাভ কৰিব নকৰে যদিহে :

-ই-কেৱাইচি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই ।

-কিষাণ আইডি পৰ্টেলত লিংক বা ভেৰিফাই কৰা হোৱা নাই ।

-ভূমিৰ ৰেকৰ্ড পৰীক্ষা কৰা হোৱা নাই ।

-পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰিয়াল ।

-কৃষক বা পৰিয়ালৰ কোনো সদস্যই আয়কৰ দি আছে ।

-পৰিয়ালৰ এজন সদস্যই প্ৰতিমাহে ১০,০০০ বা তাতকৈ অধিক চৰকাৰী পেঞ্চন লাভ কৰি আছে ।

-চৰকাৰে প্ৰতিটো কিস্তিৰ আগতে হিতাধিকাৰীৰ তালিকা আপডেট কৰে, গতিকে পৰীক্ষণৰ সময়ত অযোগ্য একাউণ্ট আঁতৰোৱা হয় ।

হিতাধিকাৰীৰ তালিকাত নিজৰ নাম কেনেকৈ পৰীক্ষা কৰিব-

কৃষকসকলে আগন্তুক কিস্তিৰ বাবে যোগ্য নে নহয় নিশ্চিত কৰিবলৈ অনলাইনত হিতাধিকাৰীৰ তালিকা পৰীক্ষা কৰিব পাৰে :

-PM-KISAN ৰ অফিচিয়েল ৱেবছাইটলৈ যাওক

-বেনিফিছিয়েৰী লিষ্ট অংশলৈ যাওক

-ৰাজ্য, জিলা, উপ-জিলা, ব্লক আৰু গাঁও নিৰ্বাচন কৰক

-তালিকাখন চাবলৈ চাবমিটত ক্লিক কৰক

যদি আপোনাৰ নাম তালিকাত থাকে আৰু সকলো সবিশেষ তথ্য পৰীক্ষা কৰা হৈছে, তেন্তে চৰকাৰে পেমেণ্ট মুকলি কৰাৰ পিছত ২০০০ টকাৰ কিস্তি পোনপটীয়াকৈ বেংক একাউণ্টত জমা হ’ব ।

লগতে পঢ়ক: বলেন্দ্ৰ শ্বাহৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ, নিৰ্বাচনী সফলতাৰ বাবে জনালে শুভেচ্ছা