মুখ্যমন্ত্ৰীৰ মৰমৰ উপহাৰ পাই আনন্দত উৎফুল্লিত হৈ পৰে ভাগিন শান্তনু ছেত্ৰী
বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ তৃতীয় দিনটোত হাজাৰ হাজাৰ লোকে গহপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি জনায় । মুখ্যমন্ত্ৰীগৰাকীয়ে যাত্ৰা পথত সমবেত হোৱা জনতাক অভিবাদন জনাই । দলীয় সমৰ্থকসকলৰ লগতে উপস্থিত লোকে পুষ্প বৰ্ষণ আৰু উল্লাসধ্বনিৰে বাট-পথ ভৰাই তোলে ।
ইফালে জন আশীৰ্বাদ যাত্ৰাৰ তৃতীয়টো দিনত গহপুৰত দেখা গল এক বিশেষ দৃশ্য । জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীয়ে ভাগিনক উপহাৰ দিলে ঘড়ী । যাত্ৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে পিন্ধি থকা ঘড়ীটো ভাল লগা বুলি কৈছিল শান্তনু ছেত্ৰী নামৰ ছাত্ৰজনে । ইয়াৰ পিছতেই লগে লগে মুখ্যমন্ত্ৰীয়ে ঘড়ীটো খুলি ভাগিনগৰাকীক উপহাৰ দিয়ে । মুখ্যমন্ত্ৰীৰ মৰমৰ উপহাৰ পাই আনন্দত উৎফুল্লিত হৈ পৰে ভাগিন শান্তনু ছেত্ৰী । এই দৃশ্যৰ এটা ভিডিঅ’ এক্স যোগে শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই লিখিছে, “ছাণ্টাক্লজ নহয়, কিন্তু মোৰ ভাগিনসকলৰ বাবে মোৰ হাতত সদায় উপহাৰ থাকে ।”
উল্লেখ্য যে, যোৱা দুটা দিনত জন আশীৰ্বাদ যাত্ৰাত হোৱা জনসমাগমৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ৰাইজৰ সঁহাৰিয়ে তেওঁক ভাবিব নোৱৰাকৈ আপ্লুত কৰিছে । তেওঁ কয়, “কালি নিশা ১২:৩০ বজালৈকে যাত্ৰা চলিছিল আৰু সকলোতে মানুহ আছিল । ৰাইজে সম্পূৰ্ণ আশীৰ্বাদ দিছে । যোৱা পাঁচ বছৰত আমি কৰা কামসমূহ ৰাইজে স্বীকাৰ কৰিছে আৰু মই আশা কৰোঁ তেওঁলোকে এইবাৰ আমাক এক শক্তিশালী জনাদেশ দিব ।”
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভূমিৰ অধিকাৰ আৰু সংস্থাপনৰ লগতে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে বহু লোকে তেওঁক ধন্যবাদ জনাইছে । চৰকাৰৰ স্থিতি পুনৰ দোহাৰি তেওঁ কয় যে উচ্ছেদ অভিযান অব্যাহত থাকিব আৰু অনাগত পাঁচ বছৰত পাঁচ লাখ বিঘা ‘বেদখলীকৃত’ ভূমি উদ্ধাৰ কৰা হ’ব । তেওঁ লগতে ভূমিৰ পট্টা কেৱল খিলঞ্জীয়া লোককহে প্ৰদান কৰা হ’ব বুলি কয় ।
লগতে পঢ়ক : ‘মিত্ৰতাৰ পৰিস্থিতি ভাল নহয়’; কংগ্ৰেছৰ সৈতে মিত্ৰতাক লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য









