কংগ্ৰেছে কৰা ‘পাপ’ৰ পৰা অসমক মুক্ত কৰিব বিজেপিয়ে: কচুতলীৰ পৰা অমিত শ্বাহৰ হুংকাৰ

কংগ্ৰেছে কৰা ‘পাপ’ৰ পৰা অসমক মুক্ত কৰিব বিজেপিয়ে: কচুতলীৰ পৰা অমিত শ্বাহৰ হুংকাৰ

বিচাৰি বিচাৰি ভাৰতৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিস্কাৰ কৰা হ’ব । সোণাপুৰ কচুতলীৰ পৰা হংকাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ । দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভ্ৰমণৰ দ্বিতীয় দিনটোত চিআৰপিএফৰ প্ৰতিষ্ঠা দিৱসৰ পেৰেডত অংশ লয় । পেৰেডত ভাষণ প্ৰদান কৰি তেওঁ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰাৰ

বিচাৰি বিচাৰি ভাৰতৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিস্কাৰ কৰা হ’ব । সোণাপুৰ কচুতলীৰ পৰা হংকাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভ্ৰমণৰ দ্বিতীয় দিনটোত চিআৰপিএফৰ প্ৰতিষ্ঠা দিৱসৰ পেৰেডত অংশ লয় । পেৰেডত ভাষণ প্ৰদান কৰি তেওঁ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰাৰ লগতে অবৈধ অনুপ্ৰৱেশকাৰীক অসমৰ পৰা বহিস্কাৰ কৰাৰ হুংকাৰ প্ৰদান কৰে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ দলৰ বিৰুদ্ধে ‘অবৈধ অনুপ্ৰৱেশ’ৰ অনুমতি দিয়াৰ অভিযোগ উত্থাপন কৰে, যাৰ ফলত অসমৰ জনগাঁথনি সলনি হোৱা বুলি তেওঁ দাবী কৰে । তেওঁ দৃঢ়তাৰে কয় যে পূৰ্বৰ চৰকাৰে কৰা এই “পাপ”ৰ পৰা বিজেপিয়ে অসমক মুক্ত কৰিব । অনুপ্ৰৱেশকাৰীৰ আধিপত্য থকা ধুবুৰী, বৰপেটা, মৰিগাঁও, নগাঁও আৰু গোৱালপাৰাৰ দৰে জিলাসমূহৰ বাবে কংগ্ৰেছ দলৰ দায়িত্বক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

সোণাপুৰৰ কচুতলীত অনুষ্ঠিত হোৱা সমাৱেশক সম্বোধন কৰি গৃহমন্ত্ৰী শ্বাহে কয়, “কংগ্ৰেছৰ দিনত ইয়াত অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশ কৰিছিল, যাৰ ফলত অসমৰ জনগাঁথনি সংকটজনক স্তৰলৈ লৈ গৈছিল । তেতিয়াও আমি অনুপ্ৰৱেশৰ বিৰোধিতা কৰিছিলো । আমি অসম আন্দোলনৰ সমৰ্থনত সমগ্ৰ দেশৰ পৰা আহিছিলো… কিন্তু কংগ্ৰেছীসকলে তেওঁলোকৰ টোপনিৰ পৰা সাৰ পোৱা নাছিল ।”

তেওঁ লগতে কয়, “মই কংগ্ৰেছ দলক সুধিব বিচাৰোঁ, ধুবুৰী, বৰপেটা, মৰিগাঁও, নগাঁও আৰু গোৱালপাৰাৰ দৰে জিলাবোৰ মুছলমান সংখ্যাগৰিষ্ঠ আৰু অনুপ্ৰৱেশকাৰীৰ আধিপত্য থকাৰ বাবে কাৰ দায়ী কোন ? আপোনালোকে কৰা পাপৰ পৰা বিজেপিয়েই অসমক মুক্ত কৰিব ।”

তেওঁ কয় যে দেশৰ বহু ঠাইৰ পৰা নক্সালবাদীক নিৰ্মূল কৰাৰ দৰেই অসমকো অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰা হ’ব । ইয়াৰ বাবে সাহস আৰু সংকল্পৰ প্ৰয়োজন, যি গুণসমূহ প্ৰধানমন্ত্ৰী মোদীৰ আছে বুলি তেওঁ উল্লেখ কৰে । অমিত শ্বাহে কয়, “যদি দেশৰ এটা ডাঙৰ অংশ নক্সালবাদৰ পৰা মুক্ত হ’ব পাৰে, তেন্তে দেশৰ ভূমি অনুপ্ৰৱেশকাৰীৰ পৰাও মুক্ত হ’ব পাৰে । ইয়াৰ বাবে সাহস আৰু দৃঢ় সংকল্পৰ প্ৰয়োজন আৰু প্ৰধানমন্ত্ৰী মোদীৰ ওচৰত এই তিনিওটাই আছে ।”

লগতে পঢ়ক : উত্তৰ-পূৰ্বাঞ্চলত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত CRPF-ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণঃ প্ৰতিষ্ঠা দিৱসৰ পেৰেডত অমিত শ্বাহৰ মন্তব্য