দিল্লী এআই সন্মিলনত যুৱ কংগ্ৰেছৰ উত্তপ্ত পৰিস্থিতি; কাপোৰ খুলি প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে শ্লোগান

দিল্লী এআই সন্মিলনত যুৱ কংগ্ৰেছৰ উত্তপ্ত পৰিস্থিতি; কাপোৰ খুলি প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে শ্লোগান

ৰাজধানীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত হোৱা হাই-প্ৰফাইল এ আই ইমপেক্ট ছামিট ২০২৬ৰ সময়ত বিশৃংখলতাই বিৰাজ কৰিছিল। একাংশ যুৱ কংগ্ৰেছ কৰ্মীয়ে ভিতৰত সোমাই প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে শ্লোগান দিয়ে। দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত ইণ্ডিয়া এ আই ইমপেক্ট ছামিটত যুৱ কংগ্ৰেছৰ কেইজনমান সদস্যই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ভাৰত-আমেৰিকাৰ

ৰাজধানীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত হোৱা হাই-প্ৰফাইল এ আই ইমপেক্ট ছামিট ২০২৬ৰ সময়ত বিশৃংখলতাই বিৰাজ কৰিছিল। একাংশ যুৱ কংগ্ৰেছ কৰ্মীয়ে ভিতৰত সোমাই প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে শ্লোগান দিয়ে।

দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত ইণ্ডিয়া এ আই ইমপেক্ট ছামিটত যুৱ কংগ্ৰেছৰ কেইজনমান সদস্যই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ প্ৰতিবাদত যুৱ কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।আটাইকেইজন প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে।

ভাৰতীয় যুৱ কংগ্ৰেছে এক্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লয় আৰু তেওঁৰ চৰকাৰৰ বৈদেশিক নীতিক লৈ প্ৰশ্ন উত্থাপন কৰিলে।

যুৱ কংগ্ৰেছে কয় যে,’যেতিয়া পক্ষপাতিত্ব, কৰ্পৰেট হেঁচা আৰু মৌনতাই বৈদেশিক নীতিত আধিপত্য বিস্তাৰ কৰে, তেতিয়া সেয়া স্পষ্ট যে প্ৰধানমন্ত্ৰী মোদী আপোচ কৰা হৈছে’।

‘এই সত্য উদঙাই দিবলৈ ভাৰতীয় যুৱ কংগ্ৰেছৰ সাহসী কৰ্মীসকলে এআই সন্মিলনত উপস্থিত হয় আৰু আপোচ কৰা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ প্ৰদৰ্শন কৰে। দেশৰ পৰিচয়ক লৈ কোনো আপোচ নাথাকিব।ইনকিলাব জিন্দাবাদ।’

ভাৰত মাণ্ডপামত যিসকলে কাপোৰ খুলি প্ৰতিবাদ কৰিছিল তাৰে চাৰিজন যুৱ কংগ্ৰেছ কৰ্মীক চিনাক্ত কৰা হৈছে। তেওঁলোক ভাৰতীয় যুৱ কংগ্ৰেছৰ কৃষ্ণ হৰি ৰাষ্ট্ৰীয় সম্পাদক,কুণ্ডন যাদৱ, বিহাৰৰ ৰাজ্যিক সম্পাদক,ভাৰতীয় যুৱ কংগ্ৰেছ,অজয় কুমাৰ উত্তৰ প্ৰদেশৰ ৰাজ্যিক উপ-সভাপতি, ভাৰতীয় যুৱ কংগ্ৰেছ,নৰসিংহ যাদৱক ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে চিনাক্ত কৰা হৈছে।সকলোৱে QR ক’ডৰ জৰিয়তে প্ৰৱেশ কৰি ভিতৰত সোমাইছিল।  

লগতে পঢ়ক: ভাৰতৰ ডাঙৰ পদক্ষেপ… পেক্স চিলিকাত যোগদানৰ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ