"কংগ্ৰেছত এতিয়া স্বেচ্ছাচাৰী শাসন চলিছে"; দল এৰাৰ পিছতে ভূপেন বৰাৰ প্ৰতিক্ৰিয়া...

“কংগ্ৰেছত এতিয়া স্বেচ্ছাচাৰী শাসন চলিছে”; দল এৰাৰ পিছতে ভূপেন বৰাৰ প্ৰতিক্ৰিয়া…

মল্লিকাজুন খৰ্গেলৈ লিখা পদত্যাগ পত্ৰত ভূপেন বৰাই ক্ষোভেৰে বহু কথা উল্লেখ কৰিছে। পত্ৰখনত গৌৰৱ গগৈৰ ‘পাকিস্তান ভ্ৰমণ’ৰ নীৰৱতাক লৈ ভূপেন বৰাৰ প্ৰশ্ন কংগ্ৰেছ দল ত্যাগ কৰি পত্ৰযোগে ভূপেন বৰাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মল্লিকাজুন খৰ্গেলৈ লিখা পত্ৰত ভূপেন বৰাৰ পদত্যাগৰ কাৰণ স্পষ্ট কৰি দিছে। পত্ৰখনত

মল্লিকাজুন খৰ্গেলৈ লিখা পদত্যাগ পত্ৰত ভূপেন বৰাই ক্ষোভেৰে বহু কথা উল্লেখ কৰিছে। পত্ৰখনত গৌৰৱ গগৈৰ ‘পাকিস্তান ভ্ৰমণ’ৰ নীৰৱতাক লৈ ভূপেন বৰাৰ প্ৰশ্ন

কংগ্ৰেছ দল ত্যাগ কৰি পত্ৰযোগে ভূপেন বৰাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মল্লিকাজুন খৰ্গেলৈ লিখা পত্ৰত ভূপেন বৰাৰ পদত্যাগৰ কাৰণ স্পষ্ট কৰি দিছে।

পত্ৰখনত ভূপেন বৰাই প্ৰচণ্ড ক্ষোভেৰে পদত্যাগ পত্ৰ প্ৰকাশ কৰিছে।গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি দল ত্যাগ ভূপেন বৰাৰ।

ভূপেন বৰাই পত্ৰখন লিখিছে যে, “কংগ্ৰেছত এতিয়া স্বেচ্ছাচাৰী শাসন চলিছে। ৰকিবুল হুছেইন আৰু জিতেন্দ্ৰ সিঙৰ বাবেই কংগ্ৰেছ ধ্বংস হৈছে। মোক কেৱল নামতহে দায়িত্ব প্ৰদান কৰা হৈছিল।আৰু আত্মসন্মানৰ সৈতে মই কেতিয়াও আপোচ নকৰো।

পত্ৰখনত গৌৰৱ গগৈৰ ‘পাকিস্তান ভ্ৰমণ’ৰ নীৰৱতাক লৈ ভূপেন বৰাই প্ৰশ্ন উত্থানপ কৰিছে।গৌৰৱ গগৈৰ পাকিস্তান লিংকে দলৰ ভাবমূৰ্তি নষ্ট কৰাৰো অভিযোগ ভূপেন বৰাৰ। ভূপেন বৰাই প্ৰেৰণ কৰা পদত্যাগ পত্ৰত কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে।

পঞ্চায়ত নিৰ্বাচনৰ সময়টো প্ৰাৰ্থীকেন্দ্ৰিক সংঘাত হৈছিল বুলি ভূপেন বৰাই পদত্যাগ পত্ৰত উল্লেখ কৰিছে। বিহালী উপ-নিৰ্বাচনৰ পৰাই মিত্ৰজোঁটৰ সংঘাত আৰম্ভ হৈছিল বুলিও তেওঁ উল্লেখ কৰে।  

লগতে পঢ়ক: কংগ্ৰেছত খহনীয়া; ভূপেন বৰাই নহয় ৭ গৰাকীকৈ বিধায়কেও এৰিব দল