টি-২০ বিশ্বকাপৰ দেওবাৰে অনুষ্ঠিত হোৱা মেচত পাকিস্তানক ধূলিসাৎ কৰি ইতিহাস ৰচিলে টীম ইণ্ডিয়াই ।
টি-২০ বিশ্বকাপৰ দেওবাৰে অনুষ্ঠিত হোৱা মেচত পাকিস্তানক ধূলিসাৎ কৰি ইতিহাস ৰচিলে টীম ইণ্ডিয়াই । কলম্বোত অনুষ্ঠিত হোৱা মেচখনত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক ৬১ ৰাণত পৰাস্ত কৰে ভাৰতে । টিম ইণ্ডিয়াৰ বলাৰসকলে পাকিস্তানী দলটোক ১১৪ ৰানতে অল আউট কৰে । ভাৰতৰ বলিং বিক্ৰমৰ সন্মুখত তিষ্ঠিব নোৱাৰি ১১৪ ৰানতে ইনিংছ সামৰে পাকিস্তানে । কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত প্ৰথমে বেটিং কৰি ভাৰতে পাকিস্তানক ১৭৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । ঈশান কিষানে ৭৭ ৰানৰ মেচ বিজয়ী ইনিংছ খেলাৰ পিছতে অক্ষৰ পেটেলৰ লগতে আন সকলো বলাৰৰ শক্তিশালী প্ৰদৰ্শনে ভাৰতক জয়ৰ সোৱাদ দিয়ে ।
উল্লেখ্য য়ে, টি-২০ বিশ্বকাপৰ ইতিহাসত অষ্টমবাৰৰ বাবে ভাৰতে পাকিস্তানক পৰাস্ত কৰিছে । এই মেচত পাকিস্তানে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । অভিষেক শৰ্মা শূণ্যতে আউট হয় যদিও ঈশান কিষানে বিস্ফোক ধাৰণ কৰে আৰু ৪০টা বলত ৭৭ ৰান সংগ্ৰহ কৰে । অধিনায়ক সূৰ্যকুমাৰ যাদৱে ৩২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে অন্তিম অভাৰত ৰিংকু সিং আৰু শিৱম ডুবেই আগ্ৰাসী বেটিং কৰি ভাৰতক ১৭০ ৰান অতিক্ৰম কৰাত সহায় কৰে ।
নিজৰ ইনিংছ আৰম্ভ কৰি ভাৰতৰ বলিং তাণ্ডৱৰ সন্মুখত তিষ্ঠিত নোৱাৰিলে পাকিস্তানী বেটছমেনে । প্ৰথম অভাৰতে হাৰ্দিক পাণ্ডিয়াই ছাহিবজাদা ফাৰহানক আউট কৰে । তাৰ পাছত একেবাৰে পিছৰ অভাৰত যশপ্ৰীত বুমৰাহে বিধ্বংসী ৰূপ ধাৰণ কৰে । বুমৰাহে একেটা অভাৰতে ছেম আয়ুব আৰু ছলমান আঘাক আউট কৰি পাকিস্তানী বেটিঙৰ মেৰুদণ্ড ভাঙি দিয়ে ।
বাবৰ আজমে আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁ টি-২০ দলত স্থান পোৱাৰ যোগ্য নহয় । তেওঁ মাত্ৰ ৫ ৰানহে কৰিবলৈ সক্ষম হয় । উছমান খানে ৪৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে শ্বাহীন আফ্ৰিদীয়ে ২৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । পাকিস্তানৰ প্ৰদৰ্শন ইমানেই দুৰ্বল আছিল যে উছমান আৰু শ্বাহিনৰ বাহিৰে আন কোনো বেটছমেনে ২০ ৰনো সংগ্ৰহত ব্যৰ্থ হয় ।
লগতে পঢ়ক : পাকিস্তানৰ বিৰুদ্ধে ঈষান কিষণৰ বেটিং বিক্ৰম, গঢ়িলে এই অভিলেখ









