পাকিস্তানৰ বিৰুদ্ধে ঈষান কিষণৰ বেটিং বিক্ৰম, গঢ়িলে এই অভিলেখ

পাকিস্তানৰ বিৰুদ্ধে ঈষান কিষণৰ বেটিং বিক্ৰম, গঢ়িলে এই অভিলেখ

কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ভাৰতীয় অ’পেনিং বেটছমেন ঈশান কিষণে বিস্ফোৰক ইনিংছ খেলে । দেওবাৰে আই চি চি পুৰুষ টি-২০ বিশ্বকাপত মুখামুখি হৈছে চিৰ প্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান । কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ভাৰতীয় অ’পেনিং বেটছমেন ঈশান কিষণে বিস্ফোৰক ইনিংছ

কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ভাৰতীয় অ’পেনিং বেটছমেন ঈশান কিষণে বিস্ফোৰক ইনিংছ খেলে ।

দেওবাৰে আই চি চি পুৰুষ টি-২০ বিশ্বকাপত মুখামুখি হৈছে চিৰ প্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান । কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ভাৰতীয় অ’পেনিং বেটছমেন ঈশান কিষণে বিস্ফোৰক ইনিংছ খেলে । তেওঁ মাত্ৰ ৪০টা বলত ৭৭ ৰান সংগ্ৰহ কৰে, য’ত ১০টা চাৰি আৰু তিনিটা ছয় আছিল । টি-২০ ইণ্টাৰনেশ্যনেল কেৰিয়াৰৰ এয়া আছিল ঈশানৰ নৱমটো অৰ্ধশতক ।

এই মেচত উইকেটকীপাৰ বেটছমেন ঈশান কিষানে মাত্ৰ ২৭টা বলতে অৰ্ধশতক অৰ্জন কৰে । ইয়াৰ লগে লগে তেওঁ ভাৰত-পাকিস্তান মাজত টি-২০ বিশ্বকাপৰ মেচত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হয় । ভাৰত-পাকিস্তান টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত এজন বেটছমেনৰ এয়া তৃতীয় দ্ৰুততম অৰ্ধশতক । এই টেলিত গৌতম গম্ভীৰক অতিক্ৰম কৰি দুয়োখন দেশৰ টি-২০ মেচত তেওঁৰ ৭৭ ৰানেৰে ব্যক্তিগত স্ক’ৰ চতুৰ্থ শ্ৰেষ্ঠ স্ক’ৰ হিচাপে পৰিগণিত হয় ।

ভাৰত বনাম পাকিস্তান টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত দ্ৰুততম অৰ্ধশতক-

২৩ বল – মহম্মদ হাফিজ, আহমেদাবাদ, ২০১২

২৪ বল – অভিষেক শৰ্মা, ডুবাই ২০২৫

২৭ বল – ঈশান কিষাণ, কলম্বো আৰ পি এছ, ২০২৬

২৯ বল – যুৱৰাজ সিং, আহমেদাবাদ, ২০১২

টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰত বনাম পাকিস্তানৰ সৰ্বোচ্চ স্ক’ৰ

৮২* বিৰাট কোহলী (মেলবৰ্ণ, ২০২২)

৭৯* মহম্মদ ৰিজৱান (ডুবাই, ২০২১)

৭৮* বিৰাট কোহলী (কলম্বো আৰ পি এছ, ২০১২)

৭৭ ঈশান কিষাণ (কলম্বো আৰ পি এছ, ২০২৬)

৭৫ গৌতম গম্ভীৰ (জোহান্সবাৰ্গ, ২০০৭)

লগতে পঢ়ক : শ্ৰীলংকাত হোৱা নাই বৰষুণ; IND vs PAK খেলৰ সময়ত কেনেকুৱা হ’ব বতৰ?

শেহতীয়া প্ৰৱন্ধসমূহ