পাকিস্তানৰ বিৰুদ্ধে ঈষান কিষণৰ বেটিং বিক্ৰম, গঢ়িলে এই অভিলেখ
কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ভাৰতীয় অ’পেনিং বেটছমেন ঈশান কিষণে বিস্ফোৰক ইনিংছ খেলে ।
দেওবাৰে আই চি চি পুৰুষ টি-২০ বিশ্বকাপত মুখামুখি হৈছে চিৰ প্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান । কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ভাৰতীয় অ’পেনিং বেটছমেন ঈশান কিষণে বিস্ফোৰক ইনিংছ খেলে । তেওঁ মাত্ৰ ৪০টা বলত ৭৭ ৰান সংগ্ৰহ কৰে, য’ত ১০টা চাৰি আৰু তিনিটা ছয় আছিল । টি-২০ ইণ্টাৰনেশ্যনেল কেৰিয়াৰৰ এয়া আছিল ঈশানৰ নৱমটো অৰ্ধশতক ।
এই মেচত উইকেটকীপাৰ বেটছমেন ঈশান কিষানে মাত্ৰ ২৭টা বলতে অৰ্ধশতক অৰ্জন কৰে । ইয়াৰ লগে লগে তেওঁ ভাৰত-পাকিস্তান মাজত টি-২০ বিশ্বকাপৰ মেচত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হয় । ভাৰত-পাকিস্তান টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত এজন বেটছমেনৰ এয়া তৃতীয় দ্ৰুততম অৰ্ধশতক । এই টেলিত গৌতম গম্ভীৰক অতিক্ৰম কৰি দুয়োখন দেশৰ টি-২০ মেচত তেওঁৰ ৭৭ ৰানেৰে ব্যক্তিগত স্ক’ৰ চতুৰ্থ শ্ৰেষ্ঠ স্ক’ৰ হিচাপে পৰিগণিত হয় ।
ভাৰত বনাম পাকিস্তান টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত দ্ৰুততম অৰ্ধশতক-
২৩ বল – মহম্মদ হাফিজ, আহমেদাবাদ, ২০১২
২৪ বল – অভিষেক শৰ্মা, ডুবাই ২০২৫
২৭ বল – ঈশান কিষাণ, কলম্বো আৰ পি এছ, ২০২৬
২৯ বল – যুৱৰাজ সিং, আহমেদাবাদ, ২০১২
টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰত বনাম পাকিস্তানৰ সৰ্বোচ্চ স্ক’ৰ
৮২* বিৰাট কোহলী (মেলবৰ্ণ, ২০২২)
৭৯* মহম্মদ ৰিজৱান (ডুবাই, ২০২১)
৭৮* বিৰাট কোহলী (কলম্বো আৰ পি এছ, ২০১২)
৭৭ ঈশান কিষাণ (কলম্বো আৰ পি এছ, ২০২৬)
৭৫ গৌতম গম্ভীৰ (জোহান্সবাৰ্গ, ২০০৭)
লগতে পঢ়ক : শ্ৰীলংকাত হোৱা নাই বৰষুণ; IND vs PAK খেলৰ সময়ত কেনেকুৱা হ’ব বতৰ?