‘পিতৃ-মাতৃয়ে সন্তানৰ ধৰ্ম পৰিৱৰ্তন কৰিব নোৱাৰে’; মুখ্যমন্ত্ৰী

‘পিতৃ-মাতৃয়ে সন্তানৰ ধৰ্ম পৰিৱৰ্তন কৰিব নোৱাৰে’; মুখ্যমন্ত্ৰী

গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈয়ে সন্তানৰ ধৰ্ম পৰিবৰ্তন কৰিবলৈ ১৮বছৰলৈ ৰ’ব লাগিছিল বুলিও উল্লেখ কৰিছে। সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে বহু তথ্য ফাদিল কৰিছিল। সোমবাৰেও সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী

গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈয়ে সন্তানৰ ধৰ্ম পৰিবৰ্তন কৰিবলৈ ১৮বছৰলৈ ৰ’ব লাগিছিল বুলিও উল্লেখ কৰিছে।

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে বহু তথ্য ফাদিল কৰিছিল। সোমবাৰেও সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে,গৌৰৱ গগৈয়ে দুই সন্তানক শোষণ কৰি আছে।  সন্তান দুটা প্ৰাপ্ত বয়স্ক নোহোৱাকৈ গৌৰৱ গগৈয়ে কেনেকৈ ধৰ্ম পৰিবৰ্তন কৰিলে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, পিতৃ-মাতৃয়ে সন্তানৰ ধৰ্ম পৰিৱৰ্তন কৰিব পাৰে নেকি? সন্তানৰ ধৰ্ম পৰিবৰ্তন কৰিবলৈ ১৮বছৰলৈ ৰ’ব লাগিছিল।তেওঁলোকৰ অনুমতিৰ অবিহনেই জাতি-ধৰ্ম সকলো পৰিৱৰ্তন কৰা হ’ল।

তেওঁ আৰু কয় যে, আজি তেওঁ সংবাদমেলত যিখিনি কথা ক’লে সেই খিনি কথাত মই কৰা সকলো অভিযোগ নস্যাৎ কৰিব নোৱাৰিলে।গৌৰৱ গগৈয়ে এটাও কথা অসত্য বুলি প্ৰমান কৰিব পৰা নাই।

সন্তানৰ ধৰ্ম পৰিবৰ্তন কৰাৰ অধিকাৰ গৌৰৱ গগৈক কোনে দিলে। সংবিধানে অভিভাৱকক সন্তানৰ নাগৰিকত্ব সলনি কৰিব পৰা অধিকাৰ দিয়া নাই বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

লগতে পঢ়ক: গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ক লৈ সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ, প্ৰকাশ কৰিলে বহু চাঞ্চল্যকৰ তথ্য

শেহতীয়া প্ৰৱন্ধসমূহ