ভাৰতৰ কিংবদন্তি বেটছমেন তথা ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু তাৰকা বিৰাট কোহলীয়ে মহিলা দলটোক পুনৰবাৰ ট্ৰফী জয় কৰাৰ বাবে অভিনন্দন জনায়।
ফাইনেলত দিল্লী কেপিটেলছক ৬ উইকেটত পৰাস্ত কৰি মহিলা প্ৰিমিয়াৰ লীগ ২০২৬ৰ খিতাপ দখল কৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে।দ্বিতীয় বাৰৰ বাবে ডব্লিউ পি এলৰ খিতাপ দখল কৰিছে আৰ চি বিয়ে।
চেম্পিয়ন হোৱাৰ পিছৰে পৰা আৰ চি বিয়ে ক্ৰিকেট জগতৰ কিংবদন্তিসকলৰ পৰা অহৰহ অভিনন্দন লাভ কৰিছে। আৰচিবিৰ মহিলা দলৰ এই কৃতিত্বৰ বাবে বিৰাট কোহলীয়েও ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰে আৰু দলটোক অভিনন্দন জ্ঞাপন কৰে।বিৰাট কোহলীয়ে আৰ চি বিক এই জয়ৰ যোগ্য বুলি কয়।
আৰ চি বি চেম্পিয়ন হোৱাৰ পিছতে বিৰাট কোহলীয়ে এটা হৃদয়স্পৰ্শী পোষ্ট শ্বেয়াৰ কৰে। ইনষ্টাগ্ৰামত দলটোৰ উদযাপনৰ ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘আমি আকৌ চেম্পিয়ন।

দলটোৰ খেলুৱৈসকলে আৰচিবিৰ পতাকাখন উৰুৱাই ৰাখিছে আৰু এয়াও তেনে এক কৃতিত্ব, যাৰ বাবে আপোনালোক সকলোৱে গৌৰৱ কৰিব পাৰে।
এই জয়ৰ বাবে স্মৃতি মান্ধনা, সমগ্ৰ দল আৰু দল পৰিচালনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।আপোনালোক সকলোৱে এই জয়ৰ যোগ্য। এই মুহূৰ্তটো উপভোগ কৰক আৰু আমাৰ অনুৰাগীসকলৰ মৰম অনুভৱ কৰক।
লগতে পঢ়ক: দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হ’ল আৰ চি বি; চতুৰ্থবাৰৰ বাবে স্বপ্নভংগ দিল্লী কেপিটেলছৰ









