‘প্রধানমন্ত্রীৰ লগত যিকোনো ঘটনা হ’ল হেঁতেন’; লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ডাঙৰ ৰহস্য ভেদ

‘প্রধানমন্ত্রীৰ লগত যিকোনো ঘটনা হ’ল হয়’; লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ডাঙৰ ৰহস্য ভেদ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এক ভয়ংকৰ তথ্য পোহৰলৈ আনিছে। অধ্যক্ষ ওম বিৰলাৰ মতে প্ৰধানমন্ত্ৰী গৰাকীক আক্ৰমণৰ লক্ষ্য আছিল একাংশৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত লোকসভাত ধন্যবাদৰ প্ৰস্তাৱ সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দিয়াৰ কথা আছিল। অৱশ্যে বিৰোধীৰ হুলস্থুলৰ বাবে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এক ভয়ংকৰ তথ্য পোহৰলৈ আনিছে। অধ্যক্ষ ওম বিৰলাৰ মতে প্ৰধানমন্ত্ৰী গৰাকীক আক্ৰমণৰ লক্ষ্য আছিল একাংশৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত লোকসভাত ধন্যবাদৰ প্ৰস্তাৱ সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দিয়াৰ কথা আছিল।

অৱশ্যে বিৰোধীৰ হুলস্থুলৰ বাবে এনে হ’ব নোৱাৰিলে আৰু প্ৰধানমন্ত্ৰীৰ উত্তৰ অবিহনে লোকসভাত ভোটৰ জৰিয়তে ধন্যবাদৰ প্ৰস্তাৱ গৃহীত কৰা হয়।

বৃহস্পতিবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই বিষয়ত এক ডাঙৰ তথ্য পোহৰলৈ আনিছে। ওম বিৰলাই কয় যে কালি সদনৰ যি পৰিস্থিতি আছিল, এনে ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ লগত যিকোনো হ’ব পাৰিলেহেঁতেন।

অধ্যক্ষ ওম বিৰলাই প্ৰধানমন্ত্ৰী মোদীক অনুৰোধ কৰিছিল যে তেওঁ সদনলৈ যাব নালাগে। আজি লোকসভাৰ কার্যসূচীৰ সময়ত অধ্যক্ষই এটা ডাঙৰ কথা প্রকাশ কৰি কয় যে কালি সদনত প্রধানমন্ত্রীৰ ওপৰত আক্রমণ কৰিলে হেঁতেন৷সদনত এক অভাৱনীয় ঘটনা সংঘটিত হ’ব পাৰিলেহেঁতেন ৷

যদিহে প্ৰধানমন্ত্ৰীৰ কিবা হ’লহেঁতেন তেন্তে সংসদৰ মৰ্যদা হানি হ’লহেঁতেন।আচৰিত কথা যে সংসদৰ ইতিহাসত হয়তো প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে,যেতিয়া লোকসভাৰ অধ্যক্ষই স্বীকাৰ কৰিছে যে সংসদৰ ভিতৰতে দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা বিপদত পৰিছে।

বিয়লি ৩ বজাত সদনৰ কাৰ্য্যবিৱৰণী আৰম্ভ হোৱাৰ পিছত অধ্যক্ষ গৰাকীয়ে কয় যে, লোকসভা চেম্বাৰত এই সদনৰ একাংশ সদস্যই যি ধৰণে আচৰণ কৰিছিল, যি ধৰণৰ পৰিস্থিতি সৃষ্টি কৰিছিল,এই সদনৰ ইতিহাসত এনে ঘটনা কেতিয়াও হোৱা নাই। আমাৰ সংসদীয় ব্যৱস্থাত সদনৰ অধ্যক্ষৰ মৰ্যাদাপূৰ্ণ স্থিতি আমাৰ সংবিধানে নিজেই নিশ্চিত কৰিছে।

অধ্যক্ষ ওম বিৰলাই আৰু কয় যে, অধ্যক্ষৰ কাৰ্যালয়ত বিৰোধীৰ সদস্য সকলে যি ধৰণৰ আচৰণ কৰিছিল,সেয়া আমাৰ সংসদীয় পৰম্পৰাৰ বাবে উপযুক্ত নাছিল। আমি সকলোৱে সদন সুচাৰুৰূপে চলোৱাত সহযোগ কৰা উচিত।

যেতিয়া সদনৰ নেতাই ৰাষ্ট্ৰপতিৰ ভাষণৰ উত্তৰ দিবলগীয়া আছিল, মোৰ ওচৰত সম্পূৰ্ণ তথ্য আছিল যে, কংগ্ৰেছ দলৰ কিছুমান সদস্যই প্ৰধানমন্ত্ৰীৰ ওচৰত উপস্থিত হৈ যিকোনো অভাৱনীয় ঘটনা সংঘটিত কৰিলে হয়।

আৰু এনে দৃশ্য মই সদনত দেখিছিলো। যদি এনে ঘটনা সংঘটিত হ’ল হেঁতেন তেনেহলে এই দৃশ্যই দেশৰ গণতান্ত্ৰিক পৰম্পৰাক ছিন্নভিন্ন কৰি পেলালেহেঁতেন।

লগতে পঢ়ক: নিৰ্বাচনৰ পিছতে অসমত হ’ব SIR, মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ