মণিপুৰত বনজুইৰ বিৰুদ্ধে বায়ুসেনাৰ যুঁজ, হেলিকপ্টাৰেৰে বৰ্ষণ ৪০ হাজাৰ লিটাৰ পানী

মণিপুৰত বনজুইৰ বিৰুদ্ধে বায়ুসেনাৰ যুঁজ, হেলিকপ্টাৰেৰে বৰ্ষণ ৪০ হাজাৰ লিটাৰ পানী

বিখ্যাত জৌকৌ উপত্যকাত সংঘটিত হোৱা বনজুই নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় বায়ুসেনাই বৃহৎ সাহায্য অভিযান আৰম্ভ কৰে । নাগালেণ্ড আৰু মণিপুৰৰ সীমান্তত অৱস্থিত বিখ্যাত জৌকৌ উপত্যকাত সংঘটিত হোৱা বনজুই নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় বায়ুসেনাই এক বৃহৎ সাহায্য অভিযান আৰম্ভ কৰে । প্ৰায় ৯,৫০০ ফুট উচ্চতাত অৱস্থিত এই দুৰ্গম

বিখ্যাত জৌকৌ উপত্যকাত সংঘটিত হোৱা বনজুই নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় বায়ুসেনাই বৃহৎ সাহায্য অভিযান আৰম্ভ কৰে ।

নাগালেণ্ড আৰু মণিপুৰৰ সীমান্তত অৱস্থিত বিখ্যাত জৌকৌ উপত্যকাত সংঘটিত হোৱা বনজুই নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় বায়ুসেনাই এক বৃহৎ সাহায্য অভিযান আৰম্ভ কৰে । প্ৰায় ৯,৫০০ ফুট উচ্চতাত অৱস্থিত এই দুৰ্গম অঞ্চলটোত বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰে তিনিদিনৰ ভিতৰত প্ৰায় ৪০,০০০ লিটাৰ পানী বৰ্ষণ কৰে ।

এই অভিযানৰ সময়ত বায়ুসেনাই প্ৰচণ্ড বতাহ, কম দৃশ্যমানতা আৰু উচ্চ উচ্চতাৰ উৰণ আদি উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সন্মুখীন হয় । এনে উচ্চতাত পাতল বতাহে হেলিকপ্টাৰখনৰ উত্তোলন ক্ষমতা প্ৰায় ২৫ৰ পৰা ৩০ শতাংশ হ্ৰাস কৰে, যাৰ ফলত পাইলটৰ ভূমিকা আৰু অধিক প্ৰত্যাহ্বানজনক হৈ পৰে ।

খবৰ অনুসৰি, Mi-17V5 হেলিকপ্টাৰত লগোৱা বেম্বি বাল্টি ব্যৱহাৰ কৰি এই অভিযান চলোৱা হয় । প্ৰতিটো বেম্বি বাল্টিয়ে ৩৫০০ লিটাৰলৈকে পানী কঢ়িয়াব পাৰে, যাৰ ফলত ই দ্ৰুতগতিত জুইত আক্ৰান্ত অঞ্চলত পানী পেলাব পাৰে যাতে জুই বিয়পিব নোৱাৰে ।

বায়ুসেনাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, “য’ত বতাহ পাতল, সংকল্প শক্তিশালী । মণিপুৰৰ ৯,৫০০ ফুট উচ্চতাত ভাৰতীয় বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰে তীব্ৰ বনজুই, প্ৰচণ্ড বতাহ আৰু কম দৃশ্যমানতাৰ বিৰুদ্ধে যুঁজি একেৰাহে তিনিদিন ৪০,০০০ লিটাৰ পানী যোগান ধৰিছিল । সংকটত সজাগ, কৰ্তব্যত অটল ।”

মণিপুৰৰ এই অভিযান উত্তৰ-পূব ভাৰতত চলি থকা ধাৰাবাহিক আকাশী অগ্নিনিৰ্বাপক অভিযানৰ অংশ । ইয়াৰ পূৰ্বেও অৰুণাচল প্ৰদেশৰ বনজুই নিৰ্বাপনৰ বাবে বায়ুসেনাই ১২ হাজাৰ লিটাৰ পানী বৰ্ষণ কৰিছিল ।

লগতে পঢ়ক : মণিপুৰত চৰকাৰ গঠনৰ তৎপৰতা ! সকলো এনডিএ বিধায়কক বিজেপি হাইকমাণ্ডৰ জৰুৰী তলব