বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ এটা মন্তব্যৰ পিছতেই উত্তাল হৈ পৰে সদন। ৰাহুল গান্ধীৰ মন্তব্যক লৈ আপত্তি উত্থাপন কৰে অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
সংসদৰ বাজেট অধিৱেশনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদৰ প্ৰস্তাৱৰ আলোচনাৰ সময়ত ৰাহুল গান্ধীৰ ভাষণক লৈ উত্তাল হয় সদন।
বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ বিষয়ে আলোচনা কৰি ডকলামৰ কথা উল্লেখ কৰে।ৰাহুল গান্ধীৰ সেই মন্তব্যৰ পিছতেই সংসদত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।
ৰাহুল গান্ধীয়ে ডকলামৰ কথা ক’বলৈ আৰম্ভ কৰাৰ লগে লগে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আপত্তি কৰি কয় যে, ৰাষ্ট্ৰপতিৰ ভাষণত এইবোৰ কথা উল্লেখ কৰা হোৱা নাছিল।
সংসদত যেতিয়া ৰাহুল গান্ধীয়ে ডকলাম আৰু চীনৰ কথা উল্লেখ কৰিছিল তেতিয়া ৰাজনাথ সিঙে তেওঁৰ বক্তব্যৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছিল।
ৰাহুল গান্ধীয়ে চীন আৰু ডকলামৰ বিষয়ে লিখা গ্ৰন্থখনত প্ৰাক্তন সেনা প্ৰধান নৰৱণে লিখা বক্তব্যৰ কথা উল্লেখ কৰিব বিচাৰিছিল।
কিন্তু ৰাজনাথ সিঙে আপত্তি উত্থাপন কৰি কয় যে ৰাহুল গান্ধীয়ে যিখন কিতাপৰ কথা কৈছে, সেইখন প্ৰকাশ কৰিব পৰা নগ’ল।ৰাহুল গান্ধীৰ উল্লেখ ভুল।
এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয় যে এই লোকসকলে সেই গ্ৰন্থখন প্ৰকাশ কৰিবলৈকে দিয়া নাই।এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ৰাহুল গান্ধীয়ে নিজেই প্ৰমাণ কৰিলে যে কিতাপখন প্ৰকাশ নহ’ল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুলক আপত্তি কৰি কয় যে এই গ্ৰন্থখন প্ৰকাশ হৈছে নে নাই ৰাহুল গান্ধীয়ে প্ৰথমে সেই কথা নিশ্চিত কৰিব লাগে।
ৰাজনাথ সিঙে ৰাহুল গান্ধীয়ে সদনক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁৰ বক্তব্যৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লোকসভাত কয়, ‘ৰাহুল গান্ধীয়ে এনে তথ্য সদনত দাখিল কৰা উচিত নহয়, যাৰ কোনো বিশ্বাসযোগ্যতা নাই।
লগতে পঢ়ক: ‘অসমত অখিল গগৈৰ চৰকাৰ আৰু ৫০০ বছৰ পিছটো নাহে’; মুখ্যমন্ত্ৰী









