দেশত তিনিখন আয়ুৰ্বেদ প্ৰতিষ্ঠান আৰু ডিজাইন ইনষ্টিটিউট… বাজেটত শিক্ষা খণ্ডই কি লাভ কৰিলে ?

দেশত তিনিখন আয়ুৰ্বেদ প্ৰতিষ্ঠান আৰু ডিজাইন ইনষ্টিটিউট… বাজেটত শিক্ষা খণ্ডই কি লাভ কৰিলে ?

আয়ুৰ্বেদ, ফাৰ্মা, ডিজাইন, কাৰিকৰী শিক্ষা আৰু শিক্ষাৰ্থীৰ সুবিধাৰ ওপৰত এই বাজেটত বিশেষ গুৰুত্ব দিয়া হৈছে । দেশৰ ১৫ হাজাৰ মাধ্যমিক বিদ্যালয় আৰু ৫০০ মহাবিদ্যালয়ত স্থাপন কৰা হ’ব কন্টেন্ট ক্ৰিয়েটৰ লেব । কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেওবাৰে একেৰাহে নৱমবাৰৰ বাবে পূৰ্ণকালীন সাধাৰণ বাজেট দাখিল কৰে ।

আয়ুৰ্বেদ, ফাৰ্মা, ডিজাইন, কাৰিকৰী শিক্ষা আৰু শিক্ষাৰ্থীৰ সুবিধাৰ ওপৰত এই বাজেটত বিশেষ গুৰুত্ব দিয়া হৈছে । দেশৰ ১৫ হাজাৰ মাধ্যমিক বিদ্যালয় আৰু ৫০০ মহাবিদ্যালয়ত স্থাপন কৰা হ’ব কন্টেন্ট ক্ৰিয়েটৰ লেব ।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেওবাৰে একেৰাহে নৱমবাৰৰ বাবে পূৰ্ণকালীন সাধাৰণ বাজেট দাখিল কৰে । এই বাজেটত চৰকাৰে শিক্ষা খণ্ডক শক্তিশালী কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে । আয়ুৰ্বেদ, ফাৰ্মা, ডিজাইন, কাৰিকৰী শিক্ষা আৰু শিক্ষাৰ্থীৰ সুবিধাৰ ওপৰত এই বাজেটত বিশেষ গুৰুত্ব দিয়া হৈছে । ২০২৬-২৭ বৰ্ষৰ বাজেটে স্পষ্টভাৱে ইংগিত দিয়ে যে অনাগত বছৰবোৰত শিক্ষা নিয়োগ আৰু উন্নয়নৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হ’বলৈ সাজু হৈছে ।

আয়ুৰ্বেদ শিক্ষাৰ প্ৰসাৰৰ বাবে বাজেটত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে । সমগ্ৰ দেশতে তিনিখন নতুন আয়ুৰ্বেদ প্ৰতিষ্ঠান স্থাপনৰ কথা ঘোষণা কৰিছে চৰকাৰে । ঔষধৰ মানদণ্ড সুনিশ্চিত কৰাৰ বাবে ড্ৰাগ টেষ্টিং লেবসমূহো উন্নত কৰা হ’ব । চৰকাৰৰ মতে আয়ুৰ্বেদ কেৱল ভাৰতৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাই নহয়, নতুন কৰ্মসংস্থাপন আৰু গৱেষণাৰ সুযোগো সৃষ্টি কৰিব পাৰে । ইয়াৰ উপৰিও তিনিখন নতুন আয়ুৰ্বেদ মহাবিদ্যালয় মুকলি কৰাৰ কথা বাজেটত ঘোষণা কৰা হৈছে । ইয়াৰ দ্বাৰা আয়ুৰ্বেদ অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক উন্নত সুবিধা প্ৰদান কৰাৰ লগতে এই ক্ষেত্ৰত প্ৰশিক্ষিত চিকিৎসকৰ সংখ্যা বৃদ্ধি পাব ।

বিশ্ববিদ্যালয় টাউনশ্বিপ-

২০২৬-২৭ বৰ্ষৰ বাজেটত এটা ডাঙৰ ঘোষণা হৈছে সমগ্ৰ দেশৰ পাঁচখন বিশ্ববিদ্যালয় টাউনশ্বিপৰ উন্নয়ন । এই টাউনশ্বিপসমূহে শিক্ষাবিদ, গৱেষণা, হোষ্টেল, ক্ৰীড়া আৰু ষ্টাৰ্টআপৰ বাবে একক সুবিধা প্ৰদান কৰিব । শিক্ষাৰ্থীসকলে অধ্যয়ন আগবঢ়াই নিয়াৰ লগতে নতুন ধাৰণা আৰু উদ্ভাৱনৰ ওপৰত কাম কৰিব পৰা পৰিবেশ গঢ়ি তোলাটো চৰকাৰৰ লক্ষ্য । ইয়াৰ উপৰিও সমগ্ৰ দেশতে পাঁচখন নতুন বিশ্ববিদ্যালয় মুকলি কৰাৰ ঘোষণা কৰা হৈছে । ইয়াৰ দ্বাৰা শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ সুবিধা লাভ কৰাৰ লগতে বিভিন্ন ৰাজ্যত শিক্ষাৰ নতুন সুযোগ লাভ কৰিব ।

ফাৰ্মাচিউটিকেল শিক্ষাই লাভ কৰিব নতুন শক্তি-

চৰকাৰে বাজেটত ঔষধ খণ্ডকো বিশেষভাৱে বিবেচনা কৰিছে । বাজেট অনুসৰি তিনিখন নতুন ঔষধ শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰা হ’ব । এই প্ৰতিষ্ঠানসমূহে ঔষধ নিৰ্মাণ, গৱেষণা আৰু গুণগত মানৰ ওপৰত গুৰুত্ব দিব । ইয়াৰ দ্বাৰা ভাৰতৰ ঔষধ খণ্ডক শক্তিশালী কৰাত সহায়ক হ’ব ।

পূব ভাৰতত মুকলি হ’ব নতুন ডিজাইন ইনষ্টিটিউট-

ডিজাইন আৰু সৃষ্টিশীল শিক্ষাৰ প্ৰসাৰৰ বাবে চৰকাৰে পূব ভাৰতত নতুন ইণ্ডিয়ান ইনষ্টিটিউট অৱ ডিজাইন মুকলি কৰাৰ কথা বাজেটত ঘোষণা কৰা হৈছে । ইয়াৰ দ্বাৰা অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে দেশৰ অন্যান্য প্ৰান্তলৈ যোৱাৰ প্ৰয়োজনীয়তাৰ পৰা মুক্ত হ’ব আৰু স্থানীয়ভাৱে গুণগত শিক্ষাৰ সুবিধা লাভ কৰিব ।

বিজিচি কন্টেন্ট ক্ৰিয়েটৰ লেবৰ প্ৰস্তুতি-

ডিজিটেল আৰু সৃষ্টিশীল দক্ষতা বৃদ্ধিৰ বাবে চৰকাৰে এবিজিচি কন্টেন্ট ক্ৰিয়েটৰ লেব মুকলি কৰাৰ পৰিকল্পনা কৰিছে । এই পৰিকল্পনাৰ অধীনত আই আই টি বম্বেৰ সহায়ত দেশৰ ১৫ হাজাৰ মাধ্যমিক বিদ্যালয় আৰু ৫০০ মহাবিদ্যালয়ত এনে লেব স্থাপন কৰা হ’ব । ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে ডিজিটেল কন্টেন্ট, গেমিং, এনিমেচন আৰু নতুন প্ৰযুক্তিৰ সৈতে জড়িত দক্ষতা শিকিব পাৰিব । উচ্চ শিক্ষানুষ্ঠানৰ বাবে প্ৰতিখন জিলাতে ছোৱালী হোষ্টেল নিৰ্মাণৰ কথাও ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : বাজেটত বৃহৎ ঘোষণাঃ কোন কোন সামগ্ৰীত কমিল দাম ? কোন কোন সামগ্ৰীত বাঢ়িল দাম ?

শেহতীয়া প্ৰৱন্ধসমূহ