জ’কভিচক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনত আলকাৰাজৰ ঐতিহাসিক জয়; ভংগ ৮৭ বছৰীয়া অভিলেখ

জ’কভিচক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনত আলকাৰাজৰ ঐতিহাসিক জয়; ভংগ ৮৭ বছৰীয়া অভিলেখ

অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষৰ একক শাখাত কাৰ্লোছ আলকাৰাজৰ আধিপত্য । প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনত জয়লাভ কৰিছে কাৰ্লোছ আলকাৰাজে । ইতিহাস সৃষ্টিৰে ২০২৬ চনৰ অষ্ট্ৰেলিয়ান অ’পেনত পুৰুষৰ একক শাখাত বিজয় সাব্যস্ত কৰিছে কাৰ্লোছ আলকাৰাজে । বিশ্বৰ প্ৰথম স্থানৰ পুৰুষ টেনিছ খেলুৱৈ কাৰ্লোছ আলকাৰাজে ১ ফেব্ৰুৱাৰী, দেওবাৰে মেলবৰ্ণৰ

অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষৰ একক শাখাত কাৰ্লোছ আলকাৰাজৰ আধিপত্য । প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনত জয়লাভ কৰিছে কাৰ্লোছ আলকাৰাজে ।

ইতিহাস সৃষ্টিৰে ২০২৬ চনৰ অষ্ট্ৰেলিয়ান অ’পেনত পুৰুষৰ একক শাখাত বিজয় সাব্যস্ত কৰিছে কাৰ্লোছ আলকাৰাজে । বিশ্বৰ প্ৰথম স্থানৰ পুৰুষ টেনিছ খেলুৱৈ কাৰ্লোছ আলকাৰাজে ১ ফেব্ৰুৱাৰী, দেওবাৰে মেলবৰ্ণৰ ৰড লেভাৰ এৰিনাত অনুষ্ঠিত হোৱা ফাইনেলত ছাৰ্বিয়াৰ ন’ভাক জ’কভিচক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখল কৰে ।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনত জয়লাভ কৰিছে কাৰ্লোছ আলকাৰাজে । সামগ্ৰিকভাৱে আলকাৰাজৰ এয়া ষষ্ঠটো গ্ৰেণ্ড শ্লেম খিতাপ । ইয়াৰ ভিতৰত উইম্বলডন (২০২৩, ২০২৪), ফ্ৰেঞ্চ অ’পেন (২০২৪, ২০২৫), ইউ এছ অ’পেন (২০২২) আৰু অষ্ট্ৰেলিয়ান অ’পেন আদি অন্তৰ্ভুক্ত আছে । এই জয়েৰে আলকাৰাজে কেৰিয়াৰ গ্ৰেণ্ড শ্লেম সম্পূৰ্ণ কৰিছে ।

কেৰিয়াৰ গ্ৰেণ্ড শ্লেম সম্পূৰ্ণ কৰা আটাইতকৈ কম বয়সীয়া পুৰুষ খেলুৱৈ হিচাবে পৰিগণিত হৈছে কাৰ্লোছ আলকাৰাজ । ২২ বছৰ ৩৬৩ দিন বয়সত কেৰিয়াৰ শ্লেম সম্পূৰ্ণ কৰা ডন বাজেৰ অভিলেখ ভংগ কৰে আলকাৰাজে । ২২ বছৰ ২৭২ দিন বয়সত এই কৃতিত্ব অৰ্জন কৰিছে আলকাৰাজে ।

কোন কোন খেলুৱৈয়ে সম্পূৰ্ণ কৰিছে কেৰিয়াৰ শ্লেম ?

কাৰ্লোছ আলকাৰাজৰ পূৰ্বে ডন বাজ, ৰড লেভাৰ, ৰয় ইমাৰচন, আন্দ্ৰে আগাছি, ৰজাৰ ফেডাৰেৰ, ৰাফেল নাডাল আৰু নভEক জ’কভিচে কেৰিয়াৰ শ্লেম অৰ্জন কৰিছে । যেতিয়া কোনো খেলুৱৈয়ে নিজৰ কেৰিয়াৰৰ চাৰিওখন ডাঙৰ টুৰ্ণামেণ্টতে জয়লাভ কৰে তেতিয়া ইয়াক কেৰিয়াৰ শ্লেম বুলি কোৱা হয় । এই চাৰিখন ডাঙৰ প্ৰতিযোগিতা হ’ল অষ্ট্ৰেলিয়ান অ’পেন, ফ্ৰেঞ্চ অ’পেন, উইম্বলডন আৰু ইউ এছ অ’পেন ।

ইফালে শুকুৰবাৰে অষ্ট্ৰেলিয়ান অ’পেনত ন’ভাক জ’কভিচে দশম গ্ৰেণ্ড শ্লেম খিতাপ আৰু সামগ্ৰিকভাৱে ২৫ সংখ্যক খিতাপ জয় কৰাৰ লক্ষ্য লৈছিল । অৱশ্যে তেওঁৰ সপোন পূৰণ নোহোৱাকৈয়ে ৰৈ গ’ল । জ’কভিচে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন কিংবদন্তি মাৰ্গাৰেট ক’ৰ্টৰ সৈতে সৰ্বাধিক গ্ৰেণ্ড শ্লেম একক খিতাপ (পুৰুষ আৰু মহিলা উভয়তে)ৰ বাবে সমতাত আছে । দুয়োজনে ২৪টাকৈ গ্ৰেণ্ড শ্লেমৰ একক খিতাপ দখল কৰিছে । অৱশ্যে এই সময়ছোৱাত ক’ৰ্টৰ ১৩টা খিতাপ অ’পেন যুগৰ পূৰ্বে লাভ কৰিছিল । ১৯৬৮ চনৰ পৰা টেনিছত অ’পেন যুগ আৰম্ভ হয় ।

সৰ্বাধিক গ্ৰেণ্ড শ্লেম (মহিলা/পুৰুষৰ একক)

-নভাক জ’কভিচ (পুৰুষ – ছাৰ্বিয়া): ২৪ (অষ্ট্ৰেলিয়ান ১০, ফৰাচী ৩, উইম্বলডন ৭, ইউ এছ ৪)

-মাৰ্গাৰেট ক’ৰ্ট (মহিলা – অষ্ট্ৰেলিয়া): ২৪ (অষ্ট্ৰেলিয়ান ১১, ফৰাচী ৫, উইম্বলডন ৩, ইউ এছ ৫)

-ছেৰেনা উইলিয়ামছ (মহিলা – আমেৰিকা): ২৩ (অষ্ট্ৰেলিয়ান ৭, ফৰাচী ৩, উইম্বলডন ৭, আমেৰিকা ৬)

-ৰাফেল নাডাল (পুৰুষ – স্পেইন): ২২ (অষ্ট্ৰেলিয়ান ২, ফৰাচী ১৪, উইম্বলডন ২, ইউ এছ ৪)

-ষ্টেফি গ্ৰাফ (মহিলা – জাৰ্মানী): ২২ (অষ্ট্ৰেলিয়ান ৪, ফৰাচী ৬, উইম্বলডন ৭, ইউ এছ ৫)

-ৰজাৰ ফেডাৰেৰ (পুৰুষ – চুইজাৰলেণ্ড): ২০ (অষ্ট্ৰেলিয়ান ৬, ফৰাচী ১, উইম্বলডন ৮, ইউ এছ ৫)

লগতে পঢ়ক : শ্ৰীলংকাৰ পৰা আমেৰিকালৈ : টি-২০ বিশ্বকাপত চমক দিবলৈ সাজু এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ