জ’কভিচক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনত আলকাৰাজৰ ঐতিহাসিক জয়; ভংগ ৮৭ বছৰীয়া অভিলেখ

অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষৰ একক শাখাত কাৰ্লোছ আলকাৰাজৰ আধিপত্য । প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনত জয়লাভ কৰিছে কাৰ্লোছ আলকাৰাজে ।

ইতিহাস সৃষ্টিৰে ২০২৬ চনৰ অষ্ট্ৰেলিয়ান অ’পেনত পুৰুষৰ একক শাখাত বিজয় সাব্যস্ত কৰিছে কাৰ্লোছ আলকাৰাজে । বিশ্বৰ প্ৰথম স্থানৰ পুৰুষ টেনিছ খেলুৱৈ কাৰ্লোছ আলকাৰাজে ১ ফেব্ৰুৱাৰী, দেওবাৰে মেলবৰ্ণৰ ৰড লেভাৰ এৰিনাত অনুষ্ঠিত হোৱা ফাইনেলত ছাৰ্বিয়াৰ ন’ভাক জ’কভিচক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখল কৰে ।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনত জয়লাভ কৰিছে কাৰ্লোছ আলকাৰাজে । সামগ্ৰিকভাৱে আলকাৰাজৰ এয়া ষষ্ঠটো গ্ৰেণ্ড শ্লেম খিতাপ । ইয়াৰ ভিতৰত উইম্বলডন (২০২৩, ২০২৪), ফ্ৰেঞ্চ অ’পেন (২০২৪, ২০২৫), ইউ এছ অ’পেন (২০২২) আৰু অষ্ট্ৰেলিয়ান অ’পেন আদি অন্তৰ্ভুক্ত আছে । এই জয়েৰে আলকাৰাজে কেৰিয়াৰ গ্ৰেণ্ড শ্লেম সম্পূৰ্ণ কৰিছে ।

কেৰিয়াৰ গ্ৰেণ্ড শ্লেম সম্পূৰ্ণ কৰা আটাইতকৈ কম বয়সীয়া পুৰুষ খেলুৱৈ হিচাবে পৰিগণিত হৈছে কাৰ্লোছ আলকাৰাজ । ২২ বছৰ ৩৬৩ দিন বয়সত কেৰিয়াৰ শ্লেম সম্পূৰ্ণ কৰা ডন বাজেৰ অভিলেখ ভংগ কৰে আলকাৰাজে । ২২ বছৰ ২৭২ দিন বয়সত এই কৃতিত্ব অৰ্জন কৰিছে আলকাৰাজে ।

কোন কোন খেলুৱৈয়ে সম্পূৰ্ণ কৰিছে কেৰিয়াৰ শ্লেম ?

কাৰ্লোছ আলকাৰাজৰ পূৰ্বে ডন বাজ, ৰড লেভাৰ, ৰয় ইমাৰচন, আন্দ্ৰে আগাছি, ৰজাৰ ফেডাৰেৰ, ৰাফেল নাডাল আৰু নভEক জ’কভিচে কেৰিয়াৰ শ্লেম অৰ্জন কৰিছে । যেতিয়া কোনো খেলুৱৈয়ে নিজৰ কেৰিয়াৰৰ চাৰিওখন ডাঙৰ টুৰ্ণামেণ্টতে জয়লাভ কৰে তেতিয়া ইয়াক কেৰিয়াৰ শ্লেম বুলি কোৱা হয় । এই চাৰিখন ডাঙৰ প্ৰতিযোগিতা হ’ল অষ্ট্ৰেলিয়ান অ’পেন, ফ্ৰেঞ্চ অ’পেন, উইম্বলডন আৰু ইউ এছ অ’পেন ।

ইফালে শুকুৰবাৰে অষ্ট্ৰেলিয়ান অ’পেনত ন’ভাক জ’কভিচে দশম গ্ৰেণ্ড শ্লেম খিতাপ আৰু সামগ্ৰিকভাৱে ২৫ সংখ্যক খিতাপ জয় কৰাৰ লক্ষ্য লৈছিল । অৱশ্যে তেওঁৰ সপোন পূৰণ নোহোৱাকৈয়ে ৰৈ গ’ল । জ’কভিচে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন কিংবদন্তি মাৰ্গাৰেট ক’ৰ্টৰ সৈতে সৰ্বাধিক গ্ৰেণ্ড শ্লেম একক খিতাপ (পুৰুষ আৰু মহিলা উভয়তে)ৰ বাবে সমতাত আছে । দুয়োজনে ২৪টাকৈ গ্ৰেণ্ড শ্লেমৰ একক খিতাপ দখল কৰিছে । অৱশ্যে এই সময়ছোৱাত ক’ৰ্টৰ ১৩টা খিতাপ অ’পেন যুগৰ পূৰ্বে লাভ কৰিছিল । ১৯৬৮ চনৰ পৰা টেনিছত অ’পেন যুগ আৰম্ভ হয় ।

সৰ্বাধিক গ্ৰেণ্ড শ্লেম (মহিলা/পুৰুষৰ একক)

-নভাক জ’কভিচ (পুৰুষ – ছাৰ্বিয়া): ২৪ (অষ্ট্ৰেলিয়ান ১০, ফৰাচী ৩, উইম্বলডন ৭, ইউ এছ ৪)

-মাৰ্গাৰেট ক’ৰ্ট (মহিলা – অষ্ট্ৰেলিয়া): ২৪ (অষ্ট্ৰেলিয়ান ১১, ফৰাচী ৫, উইম্বলডন ৩, ইউ এছ ৫)

-ছেৰেনা উইলিয়ামছ (মহিলা – আমেৰিকা): ২৩ (অষ্ট্ৰেলিয়ান ৭, ফৰাচী ৩, উইম্বলডন ৭, আমেৰিকা ৬)

-ৰাফেল নাডাল (পুৰুষ – স্পেইন): ২২ (অষ্ট্ৰেলিয়ান ২, ফৰাচী ১৪, উইম্বলডন ২, ইউ এছ ৪)

-ষ্টেফি গ্ৰাফ (মহিলা – জাৰ্মানী): ২২ (অষ্ট্ৰেলিয়ান ৪, ফৰাচী ৬, উইম্বলডন ৭, ইউ এছ ৫)

-ৰজাৰ ফেডাৰেৰ (পুৰুষ – চুইজাৰলেণ্ড): ২০ (অষ্ট্ৰেলিয়ান ৬, ফৰাচী ১, উইম্বলডন ৮, ইউ এছ ৫)

লগতে পঢ়ক : শ্ৰীলংকাৰ পৰা আমেৰিকালৈ : টি-২০ বিশ্বকাপত চমক দিবলৈ সাজু এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ

অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলৰ মহাযুদ্ধ : মুখামুখি হ’ব জ’কভিচ আৰু আলকাৰাজ

১ ফেব্ৰুৱাৰীত ৰড লেভাৰ এৰিনাত ন’ভাক জ’কভিচ আৰু কাৰ্লোছ আলকাৰাজৰ মাজত অনুষ্ঠিত হ’ব অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেল । ছেমিফাইনেলত য়ানিক ছিনাৰক পৰাস্ত কৰি আলকাৰাজে বিশ্ববাসীক আচৰিত কৰি তোলে ।

অষ্ট্ৰেলিয়ান অ’পেনৰ ৰোমাঞ্চকৰ ফাইনেলক লৈ উৎকণ্ঠিত হৈ আছে সকলো । সন্মানীয় এই প্ৰতিযোগিতাৰ খিতাপৰ খেলখনত ন’ভাক জ’কভিচ আৰু কাৰ্লোছ আলকাৰাজ মুখামুখি হ’ব । জ’কভিচে ১১ সংখ্যক বাৰৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰিছে । এই মেচখনক লৈ ভাৰততো ব্যাপক উত্তেজনা দেখা গৈছে ।

৪ ঘণ্টা ৯ মিনিটৰ ছেমিফাইনেলত য়ানিক ছিনাৰক ৩-৬, ৬-৩, ৪-৬, ৬-৪, ৬-৪ ব্যৱধানত পৰাস্ত কৰি ২৫ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ জয়ৰ আশা সজীৱ কৰি ৰাখে নোভাক জ’কভিচে । আনহাতে, ৫ ঘণ্টা ২৭ মিনিটৰ ছেমিফাইনেলত কাৰ্লোছ আলকাৰাজে আলেকজেণ্ডাৰ ঝভেৰেভক ৬-৪, ৭-৬ (৭/৫), ৬-৭ (৩/৭), ৬-৭ (৪/৭), ৭-৫ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে ।

১ ফেব্ৰুৱাৰীত ৰড লেভাৰ এৰিনাত ন’ভাক জ’কভিচ আৰু কাৰ্লোছ আলকাৰাজৰ মাজত অনুষ্ঠিত হ’ব অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেল । দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব এই মেচখন । নোভাক জ’কভিচ আৰু কাৰ্লোছ আলকাৰাজৰ মাজত অনুষ্ঠিত হ’বলগীয়া খিতাপৰ মেচখন ভাৰতত চ’নী স্প’ৰ্টছ নেটৱৰ্কৰ জৰিয়তে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব ।

উল্লেখ্য যে, ছেমিফাইনেলত য়ানিক ছিনাৰক পৰাস্ত কৰি আলকাৰাজে বিশ্ববাসীক আচৰিত কৰি তোলে । আলকাৰাজৰ বিৰুদ্ধে খেলখনত য়ানিক ছিনাৰক ফেভাৰিট হিচাপে গণ্য কৰা হৈছিল । অনুমান কৰা হৈছিল যে ছিনাৰে ছেমিফাইনেলত জয়ী হৈ ফাইনেলত স্থান নিশ্চিত কৰিব । কিন্তু আলকাৰাজে সকলোকে ভুল প্ৰমাণ কৰি মেচখনত জয়ী হৈ ফাইনেলত প্ৰৱেশ নিশ্চিত কৰে ।

গ্ৰেণ্ড শ্লেমৰ ফাইনেলত তিনিবাৰকৈ আলকাৰাজক পৰাস্ত কৰিছে ছিনাৰে । এই অভিলেখৰ প্ৰতি লক্ষ্য ৰাখি মেচৰ পূৰ্বে ছিনাৰক স্পষ্ট বিজয়ী বুলি গণ্য কৰা হৈছিল । কিন্তু আলকাৰাজে সকলোকে ভুল প্ৰমাণ কৰি জয়ী হয় ।

লগতে পঢ়ক : শ্ৰীলংকাৰ পৰা আমেৰিকালৈ : টি-২০ বিশ্বকাপত চমক দিবলৈ সাজু এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ

আলেকজেণ্ডাৰ ঝভেৰেভক পৰাস্ত কৰি অষ্ট্ৰেলিয়ান অ’পেন ২০২৫ৰ খিতাপ দখল জানিক ছিনাৰৰ

২০২৫ চনৰ অষ্ট্ৰেলিয়ান অ’পেনত আলোড়নৰ সৃষ্টি কৰিছে ইটালীৰ তাৰকা টেনিছ খেলুৱৈ জানিক ছিনাৰে । দেওবাৰে (২৬ জানুৱাৰী) পুৰুষৰ একক ফাইনেলত তেওঁ জাৰ্মানীৰ আলেকজেণ্ডাৰ ঝভেৰেভক ষ্ট্ৰেইট ছেটত ৬-৩, ৭-৬ (৪), ৬-৩ ব্যৱধানত পৰাস্ত কৰে । দুয়োগৰাকী তাৰকাৰ মাজত এই চূড়ান্ত খেলখন ২ ঘণ্টা ৪২ মিনিট ধৰি চলিছিল ।

বিগত ১৩ মাহত বিশ্বৰ ১ নম্বৰ ছিনাৰৰ এয়া তৃতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ । ২০২৪ চনৰ অন্তিমখন অষ্ট্ৰেলিয়ান অ’পেনত তেওঁ চেম্পিয়ন হৈছিল । ইয়াৰ পিছত তেওঁ ইউ এছ অ’পেন ২০২৪ খিতাপ দখল কৰে । এতিয়া ছিনাৰে নিজৰ অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ ৰক্ষা কৰিছে ।

আনহাতে, বিশ্বৰ ২ নম্বৰ স্থানৰ আলেকজেণ্ডাৰ ঝভেৰেভ, যাৰ গ্ৰেণ্ড শ্লেম খিতাপ জয়ৰ সপোন আকৌ এবাৰ ছিন্নভিন্ন হৈ পৰিছে । ২০১৫ চনৰ পৰা গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে তেওঁ । এই সময়ছোৱাত তেওঁ তিনিবাৰ (বৰ্তমানৰ খেলখনকে ধৰি) ফাইনেল খেলিছে যদিও প্ৰতিবাৰেই হতাশাৰ সন্মুখীন হৈছে ।

৩খন ফাইনেল খেলি তিনিওবাৰেই খিতাপ দখল কৰে ছিনাৰে-

ইয়াৰ পূৰ্বেও ছিনাৰে অষ্ট্ৰেলিয়ান অ’পেন ২০২৪ খিতাপ দখল কৰিছিল । সেয়া আছিল তেওঁৰ কেৰিয়াৰৰ প্ৰথম গ্ৰেণ্ড শ্লেম । তাৰ পাছত ছিনাৰে ফাইনেলত ৰাছিয়াৰ ডেনিছ মেডভেডেভক ৩-৬, ৩-৬, ৬-৪, ৬-৪, ৬-৩ ব্যৱধানত পৰাস্ত কৰে ।

এইবাৰ ছিনাৰে পুনৰ আলোড়নৰ সৃষ্টি কৰি দ্বিতীয়বাৰৰ বাবে গ্ৰেণ্ড শ্লেমৰ খিতাপ দখল কৰে । বছৰৰ শেষৰখন গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাত ছিনাৰে এই কৃতিত্ব অৰ্জন কৰিছিল । ইয়াৰ উপৰিও তেওঁ ইউ এছ অ’পেন ২০২৪ খিতাপ দখল কৰে । ইয়াৰ পিছতে ছিনাৰে ফাইনেলত টেইলৰ ফ্ৰিট্জক ৬-৩, ৬-৪, ৭-৫ ব্যৱধানত পৰাস্ত কৰে ।

২৩ বছৰীয়া ছিনাৰে এতিয়ালৈকে তিনিবাৰকৈ গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰি তিনিওবাৰেই খিতাপ দখল কৰিছে । যোৱা বছৰৰ আৰম্ভণিতে ফ্ৰেন্স অ’পেনৰ ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পিছত তেওঁ বাহিৰ হৈছিল । ২০২৩ চনৰ উইম্বলডনৰ ছিজনত তেওঁ ছেমি ফাইনেল খেলিছিল আৰু একেটা ৰাউণ্ডতে পৰাস্ত হৈছিল ।

এতিয়াও গ্ৰেণ্ড শ্লেমৰ খিতাপ জয় কৰিব পৰা নাই ঝভেৰেভে-

২৭ বছৰীয়া ঝভেৰেভে এতিয়ালৈকে কোনো গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰিব পৰা নাই । ২০১৫ চনত উইম্বলডনত প্ৰথমখন গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতা খেলিছিল তেওঁ । তেতিয়াৰ পৰাই তেওঁ অবিৰতভাৱে গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতা খেলি আহিছে যদিও এবাৰো চেম্পিয়ন হোৱা নাই ।

ঝভেৰেভে এতিয়ালৈকে তিনিবাৰকৈ যিকোনো গ্ৰেণ্ড শ্লেমৰ ফাইনেল খেলিছে । কিন্তু তিনিওবাৰেই হতাশ হৈছে । ২০২৪ চনৰ ফ্ৰেন্স অ’পেনৰ ফাইনেলতো ঝভেৰেভে খেলিছিল, য’ত তেওঁ কাৰ্লোছ আলকাৰাজৰ হাতত পৰাস্ত হৈছিল । আনহাতে ঝভেৰেভে ২০২০ চনৰ ইউ এছ অ’পেনৰ ফাইনেলতো খেলিছে । তাৰ পিছত ডমিনিক থিমৰ হাতত পৰাস্ত হয় ।

অব্যাহত নোভাক জ’কভিচৰ ৰাজত্ব…অষ্ট্ৰেলিয়ান অ’পেনৰ কঠিন কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰিলে কাৰ্লোছ আলকাৰাজক

বছৰৰ প্ৰথমখন গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতা অষ্ট্ৰেলিয়ান অ’পেন ২০২৫ত মঙলবাৰে (২১ জানুৱাৰী) এক ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেল মেচ অনুষ্ঠিত হয় । য’ত ছাৰ্বিয়াৰ ন’ভাক জ’কভিচে স্পেইনৰ কাৰ্লোছ আলকাৰাজ গাৰ্ফিয়াৰ সৈতে সংঘৰ্ষত লিপ্ত হয় । য’ত জ’কভিচে বিশ্বৰ ৩ নম্বৰ আলকাৰাজক ৪-৬, ৬-৪, ৬-৩, ৬-৪ ব্যৱধানত পৰাস্ত কৰে ।

৩৭ বছৰীয়া জ’কভিচৰ বাবে ২১ বছৰীয়া যুৱক আলকাৰাজৰ সৈতে প্ৰতিযোগিতা কৰাটো সহজ নাছিল । প্ৰথম ছেটতে তেওঁ ৪-৬ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । ইয়াৰ পিছত জ’কভিচে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি একেৰাহে ৩টা ছেটত জয়লাভ কৰি মেচখনত জয়ী হয় । দুয়োগৰাকী খেলুৱৈৰ মাজত এই খেলখন ৩ ঘণ্টা ৩৭ মিনিট ধৰি চলিছিল ।

এই জয়ৰ জৰিয়তে জ’কভিচে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । ২৪ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই মেচখনত জ’কভিচে বিশ্বৰ ২ নম্বৰ স্থানৰ জাৰ্মানীৰ আলেকজেণ্ডাৰ ঝভেৰেভৰ সৈতে মুখামুখি হ’ব । কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি জ’কভিচে টেনিছ জগতত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিছে ।

জ’কভিচক অষ্ট্ৰেলিয়ান অ’পেনৰ ৰজা হিচাপে গণ্য কৰা হয় । তেওঁ এই অষ্ট্ৰেলিয়ান অ’পেন খিতাপ সৰ্বাধিক বাৰ অৰ্থাৎ পুৰুষৰ একক শাখাত ১০ বাৰ জয় কৰিছে । তেওঁৰ পিছতে মহিলাৰ একক শাখাত দ্বিতীয় নাম হৈছে ৭ বাৰ এই খিতাপ দখল কৰা ছেৰেনা উইলিয়ামছ । আলকাৰাজৰ বিৰুদ্ধে এই খেলখন সহজ নাছিল । এনে পৰিস্থিতিত এই বিজয়ে তেওঁৰ আধিপত্যৰ প্ৰতিফলন ঘটায় ।

ইতিহাস ৰচনা কৰাৰ সুযোগ আছে জ’কভিচৰ-

এ টি পি ৰেংকিঙত ৭ নম্বৰ স্থানত থকা জ’কভিচে বৰ্তমান (পুৰুষৰ মাজত) সৰ্বাধিক ২৪টা গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰা খেলুৱৈ । এইবাৰ যদি তেওঁ অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপ দখল কৰে তেন্তে তেওঁ ইতিহাসৰ সৃষ্টি কৰিব । তেওঁ টেনিছ জগতৰ (পুৰুষ আৰু মহিলা) সৰ্বাধিক ২৫ টা গ্ৰেণ্ড শ্লেম জয় কৰা একমাত্ৰ খেলুৱৈ হিচাপে পৰিগণিত হ’ব ।

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন মহিলা টেনিছ খেলুৱৈ মাৰ্গাৰেট ক’ৰ্টেও ২৪টা গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰিছে । এনে পৰিস্থিতিত জ’কভিচে অষ্ট্ৰেলিয়ান অ’পেনত জয়লাভ কৰি মাৰ্গাৰেটক পৰাস্ত কৰি ইতিহাসৰ সৃষ্টি কৰিব । পুৰুষৰ ভিতৰত দ্বিতীয় স্থানত আছে স্পেইনৰ ৰাফেল নাডাল, যিয়ে ২২টা গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰিছে ।